• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপি নেতা মহেন্দ্ৰ সিঙৰ উদ্ভট মন্তব্য : মোদী প্ৰধান মন্ত্ৰী হোৱাৰ পৰা বাৰাক অ’বামাই কয় গুজৰাটী, ইংলেণ্ডে চিঞৰে ভাৰত মাতা কী জয়

“নেপালত হোৱা ভূমিকম্পৰ খবৰ নেপালৰ প্ৰধান মন্ত্ৰীতকৈও আগতে পাইছিল মোদীয়ে”

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 7, 2019 10:33 pm
Mahendra Sing

পৌৰ নিগম, পৌৰসভা আৰু নগৰ সমিতিৰ প্ৰতিনিধিসকল উপস্থিতিত অসম বিজেপিৰ বিশেষ সাংগঠনিক সভাত প্ৰভাৰী মহেন্দ্ৰ সিং।

417
VIEWS
Share on FacebookShare on Twitter

বিজেপিৰ নেতাসকলৰ মন্তব্যই সদায়ে দেশবাসীক আমোদৰ খোৰাক যোগায় অহাটো নতুন কথা নহয়। তথাপি আজি নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰধান মন্ত্ৰী মোদীৰ প্ৰশংসা কৰিবলৈ গৈ কিছুমান উদ্ভট মন্তব্য কৰি অসমৰ প্ৰভাৰী মহেন্দ্ৰ সিঙে সকলোৰে চকু কপালত তুলিলে।

পৌৰ নিগম, পৌৰসভা আৰু নগৰ সমিতিৰ প্ৰতিনিধিসকল উপস্থিত থকা অসম বিজেপিৰ এখন বিশেষ সাংগঠনিক সভাত মোদীৰ প্ৰশংসা কৰি গেৰুৱা দলটোৰ নেতাজনে কয়, “যি বাৰাক অ’বামাই ইংৰাজী ভাষাৰ বাহিৰে অন্য ভাষা নকয়, তেওঁ মোদীক লগ পালেই গুজৰাটী ভাষা ক’বলৈ আৰম্ভ কৰে। ‘কেইচু (গুজৰাটী ভাষাত) কেইচু কৈ মোদীৰ সৈতে কৰমৰ্দন কৰে। আমেৰিকাৰ বৈদেশিক মন্ত্ৰীয়ে সবকা সাথ সবকা বিকাশ বুলি ক’বলৈ আৰম্ভ কৰিছে।”

২০১৪ চনৰ পূৰ্বৰ ভাৰতৰ অৱস্থা আৰু বৰ্তমানৰ ভাৰতৰ অৱস্থা তুলনা কৰিবলৈ গৈও সিঙে কেতবোৰ নাভূতনাশ্ৰুত মন্তব্য কৰে।

“২০১৪ চনৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ প্ৰধান মন্ত্ৰীৰ টেলিফোন ৰিচিভ কৰা নাছিল।” সিঙে কয়।

ইয়াৰোপৰি, ২০১৪ চনৰ পূৰ্বে ইংলেণ্ডত ‘ভাৰত মাতাৰ জয়’ চিঞৰা আৰু বন্দে মাতৰম গীত গোৱা নিষিদ্ধ আছিল বুলি আন এটা উদ্ভট মন্তব্য কৰে। লগতে নৰেন্দ্ৰ মোদী প্ৰধান মন্ত্ৰী হোৱাৰে পৰা ইংলেণ্ডে সমীহ কৰি এই সকলোবোৰ মানি লোৱা বুলি দাবী কৰে মহেন্দ্ৰ সিঙে।

“যেতিয়া ২০১৫ চনত নৰেন্দ্ৰ মোদী ইংলেণ্ডলৈ গৈছিল তেতিয়া সকলো ইংলেণ্ডবাসীয়ে ভাৰত মাতা কী জয় ধ্বনি দিয়াৰ উপৰি বন্দে মাতৰম গীত গাইছিল”, নিজৰ দলৰ কৰ্মীসকলৰ আগত সিঙৰ দাবী।

তাতকৈও হাস্যকৰভাৱে জন্মু-কাশ্মীৰত পাকিস্তানী সন্ত্ৰাসবাদীয়ে আহি আত্মঘাতী বোমাৰে আক্ৰমণ কৰি ভাৰতীয় সেনাৰ ৪০জনকৈ জোৱানক হত্যা কৰাৰ পাছতো ‘মোদী চৰকাৰ শাসনলৈ অহাৰে পৰা দেশৰ বাহিৰৰ সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিব নাই পৰা’ বুলিহে দাবী কৰে প্ৰভাৰীজনে।

“২০১৪ চনৰ পূৰ্বে ভাৰতৰ ভিতৰত সোমাই সন্ত্ৰাসবাদীয়ে নিৰীহ লোকক হত্যা কৰিছিল। কিন্তু ২০১৪ চনৰ পাছত ম্যানমাৰ আৰু পাকিস্তানত সোমাই ভাৰতে সন্ত্ৰাসবাদীক হত্যা কৰি আহিব পৰা হ’ল।” মহেন্দ্ৰ সিঙে এইদৰে কয়।

সিমানতে শেষ হোৱা নাই বিজেপিৰ নেতাজনৰ আজৱ মন্তব্য। তেওঁ আৰু এখোপ চেৰাই গৈ কয় যে ২০১৪ চনৰ পাছত ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে নেপালৰ প্ৰধান মন্ত্ৰী আৰু ৰাষ্ট্ৰপতিক ভুমিকম্পৰ কথা ফোন কৰি জনাব লগীয়া হৈছিল।

“নেপালৰ বিধ্বংসী ভূমিকম্পটো হওঁতে নেপালৰ প্ৰধান মন্ত্ৰী আৰু ৰাষ্ট্ৰপতিয়ে খবৰ পোৱাৰ পূৰ্বেই মোদীয়ে খবৰ পাইছিল আৰু নেপালৰ প্ৰধান মন্ত্ৰী, ৰাষ্ট্ৰপতিয়ে নিবিচৰাকৈ  ভাৰতৰ পৰা সেনা-জোৱানক নেপালৰ লোকসকলক ৰক্ষাৰ বাবে নেপালত উপস্থিত হৈছিল। এয়াই ২০১৪ চনৰ পাছৰ ভাৰতবৰ্ষ”, গেৰুৱা দলৰ নেতাজনৰ মন্তব্য।

Recent News

ৱেইট ট্ৰেইনিং নে কাৰ্ডিঅ’, কিহে আপোনাৰ ওজন দ্ৰুতভাৱে কমোৱাত সহায় কৰিব? গৱেষণাই কৰিলে প্ৰকাশ

ৱেইট ট্ৰেইনিং নে কাৰ্ডিঅ’, কিহে আপোনাৰ ওজন দ্ৰুতভাৱে কমোৱাত সহায় কৰিব? গৱেষণাই কৰিলে প্ৰকাশ

‘হানিট্ৰেপ’ত ব্যৱসায়ীক লুটি ১০ মাহ পলাই থাকিও নপৰিল ৰক্ষা; কোন এই ইনফ্লুৱেঞ্চাৰ কীৰ্তি?

‘হানিট্ৰেপ’ত ব্যৱসায়ীক লুটি ১০ মাহ পলাই থাকিও নপৰিল ৰক্ষা; কোন এই ইনফ্লুৱেঞ্চাৰ কীৰ্তি?

যুদ্ধ বৰ নিৰ্দয়! ইজৰাইলৰ আক্ৰমণত নিহত যুৱ কবি পাৰ্নিয়া আব্বাছি, শোকস্তব্ধ ইৰাণ

যুদ্ধ বৰ নিৰ্দয়! ইজৰাইলৰ আক্ৰমণত নিহত যুৱ কবি পাৰ্নিয়া আব্বাছি, শোকস্তব্ধ ইৰাণ

বিতৰ্কিত অডিঅ’ ফাদিলক কেন্দ্ৰ কৰি তোলপাৰ দেশ; পদচ্যুত হ’ব পাৰে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী

বিতৰ্কিত অডিঅ’ ফাদিলক কেন্দ্ৰ কৰি তোলপাৰ দেশ; পদচ্যুত হ’ব পাৰে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd