আজি আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই মাৰ্ঘেৰিটাৰ ৰাজপথত প্ৰতিবাদী কাৰ্যসূচীত নামিব লগা হয় একাংশ মহিলা। আনকি কোলাত কেঁচুৱা লৈও প্ৰতিবাদত অংশ গ্ৰহণ একাংশ ক’ল সুৰক্ষা কৰ্মীৰ পৰিয়ালৰ মহিলাৰ।
উত্তৰ পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ বিভিন্ন কলিয়ৰীত নিয়োজিত অস্থায়ী সুৰক্ষা কৰ্মীসকলক ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ চাটাইৰ নিদেৰ্শক লৈ আজি উত্তাল হৈ পৰে মাৰ্ঘেৰিটা। মাৰ্ঘেৰিটা কেন্দ্ৰীয় খেল পথাৰৰ পৰা সমদল কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিসহ ক’ল ইণ্ডিয়াৰ সুৰক্ষা কৰ্মীসকলে পত্নী সন্তান সহ ক’ল সুৰক্ষা কৰ্মী চাটাই কৰাৰ প্ৰতিবাদত মাৰ্ঘেৰিটাস্থিত ক’ল ইণ্ডিয়াৰ মহা প্ৰবন্ধক কাৰ্যালয় সন্মুখৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি প্ৰায় দুঘণ্টা ধৰি অচল কৰি তোলে স্বাভাৱিক জনজীৱন।
উল্লেখযোগ্য যে ১৯৯২ চনৰ পৰা বিভিন্ন প্ৰতিষ্ঠানৰ জৰিয়তে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৰ উৎপাদিত কয়লাকে ধৰি বিভিন্ন ধৰণৰ সুৰক্ষাৰ কামত জড়িত তথা ২০ বছৰৰো অধিক সময় ধৰি কৰ্মৰত স্থানীয় সুৰক্ষা কৰ্মীক চাটাই কৰি প্ৰাক্তন সেনা বাহিনীৰ জোৱানক নিযুক্তি দিয়াৰ বাবে কলিকতা স্থিত মুখ্য কাৰ্যালয়ৰ পৰা নিদেৰ্শ দিয়াৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে একাংশ সুৰক্ষা কৰ্মীক চাটাই কৰা হৈছে।
পিছত প্ৰতিবাদস্থলীত উপস্থিত হোৱা মাৰ্ঘেৰিটা মহকুমা দণ্ডাধীশ ঝৰ্ণা পাটগিৰিৰ সৈতে প্ৰতিবাদীকাৰীৰে আলোচনা কৰি অহা ৭২ ঘণ্টা ভিতৰত ক’ল ইণ্ডিয়া কৰ্তৃপক্ষ , মহকুমা প্ৰশাসন আৰু প্ৰতিবাদী দল সংগঠনৰে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ আশ্বাস দিয়াত আজিৰ প্ৰতিবাদ সাময়িক ভাৱে উঠাই লয়।