ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক বৰ্ণাঢ্য অনুষ্ঠান সোমবাৰে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে ২০১৯ বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰে। পদ্ম বঁটাৰ বাবে নিৰ্বাচিত দেশৰ বিভিন্ন ক্ষেত্ৰত অনবদ্য বৰঙণি আগবঢ়োৱা ১১২ গৰাকী প্ৰাপকৰ ভিতৰত ৫৬জন ব্যক্তিক এই সন্মানেৰে সন্মানিত কৰা হয়। বাকী আন ৫৬ গৰাকীক অহা ১৬ মাৰ্চত প্ৰদান কৰিব এই পদ্ম সন্মান।
আজিৰ এই অনুষ্ঠানত অসমৰ বিশিষ্ট উদ্ভাৱক উদ্ধৱ কুমাৰ ভৰালী আৰু বিশিষ্ট শল্য চিকিৎসক ডাঃ ইলিয়াছ আলীক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। তদুপৰি, ত্ৰিপুৰাৰ শিল্পী থাংগা দাৰ্লং, মণিপুৰৰ আৰ্চাৰ বম্বাইলা দেৱী লাইছৰাম আৰু ছিকিমৰ দ্ৰৌপদী ঘিমিৰাইয়ে পদ্মশ্ৰী সন্মান গ্ৰহণ কৰে।
আনহাতে, পদ্মশ্ৰী, পদ্ম বিভূষণ আৰু পদ্ম ভূষণ বঁটা গ্ৰহণ কৰাসকলৰ মাজত আছিল প্ৰয়াত অভিনেতা কেদাৰ খান (অইনে গ্ৰহণ কৰে), আকালি দলৰ নেতা সুখদেৱ সিং ধিনছা আৰু প্ৰসিদ্ধ সাংবাদিক প্ৰয়াত কুলদীপ নায়াৰ (তেওঁৰ হৈ অইনে গ্ৰহণ কৰে)।
এওঁলোকৰ মাজত কেদাৰ খানক (মৰণোত্তৰভাৱে) পদ্মশ্ৰী, কুলদীপ নায়াৰক (মৰণোত্তৰভাৱে) আৰু সুখদেৱ সিং ধিনছাক পদ্ম বিভূষণ বঁটাৰে সন্মানিত কৰা হয়।
উল্লেখযোগ্য যে দৰং জিলাৰ চেঙেলীয়াঝাৰৰ ওচৰৰ জজিয়াত জন্মগ্ৰহণ কৰা প্ৰখ্যাত শল্য চিকিৎসক ইলিয়াছ আলীয়ে পুৰুষৰ বন্ধ্যাকৰণ পদ্ধতি ব্যৱহাৰ কৰি জনবিস্ফোৰণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰি সমাজলৈ অতুলনীয় বৰঙণি আগবঢ়াই আহিছে। বিশেষকৈ চৰ-চাপৰিৰ মুছলমান সম্প্ৰদায়ৰ মাজত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে ব্যাপক হাৰত পুৰুষৰ বন্ধ্যাকৰণৰ ব্যৱস্থা একক অভিযানেৰে ৰূপায়ণ কৰি বিৰল দৃষ্টান্ত দাঙি ধৰিছে।
আনহাতে, দৈনন্দিন জীৱনযাত্ৰাৰ বাবে প্ৰয়োজন হোৱা ১৪৯ বিধ যন্ত্ৰ উদ্ভাৱন কৰি উদ্ভাৱক উদ্ধৱ কুমাৰ ভৰালীয়ে সমাজলৈ অনবদ্য বৰঙণি আগবঢ়াইছে। আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী উদ্ধৱ ভৰালীয়ে এই আৱিষ্কাৰৰ জৰিয়তে ইতিমধ্যে তিনিটা আন্তৰ্জাতিক বঁটা, ১৩টা ৰাষ্ট্ৰীয় বঁটা আৰু ১১টা ৰাজ্যিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
তদুপৰি, পেছাত এগৰাকী অভিযন্তা লখিমপুৰৰ কে বি ৰোড নিৱাসী উদ্ধৱ কুমাৰ ভৰালীয়ে চৰকাৰী চাকৰি ত্যাগ কৰি যন্ত্ৰ আৱিষ্কাৰৰ এই উদ্ভাৱনী কামত দীৰ্ঘদিন ধৰি আত্মনিয়োগ কৰি আহিছে। ভৰালীৰ আৱিষ্কাৰ সন্দৰ্ভত ডিস্ক’ভাৰী, বি বি চি আদি চেনেলে ইতিমধ্যে বিশদভাৱে সম্প্ৰচাৰ কৰিছে।