• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগপৰ তিনি মন্ত্ৰীয়ে ক্ষমতাৰ খকত বদনকো চেৰ পেলাই অসমীয়া জাতিক প্ৰতাৰণা কৰিলে : তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 14, 2019 4:33 pm
09-03-19-Guwahati-Tarun-Gogoi-pmt01

গুৱাহাটীত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল। ফাইল ফটো য়ু বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম গণ পৰিষদৰ তিনিজন মন্ত্ৰী ক্ৰমে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে বিজেপিৰ সৈতে পুনৰ মিত্ৰতা স্থাপন কৰাৰ পাছতেই মন্ত্ৰিত্বৰ পদ গ্ৰহণ কৰাক কেন্দ্ৰ কৰি সৰব হৈ পৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। বৃহস্পতিবাৰে গুৱাহাটীস্থিত ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে অগপক প্ৰতাৰক দল আখ্যা দিয়াৰ লগতে অগপৰ তিনিজন মন্ত্ৰীক ‘বদন বৰফুকন’ৰ সৈতে তুলনা কৰে।

‘’অগপৰ সুবিধাবাদী ৰাজনীতি অসমৰ ইতিহাসত বিৰল। অগপৰ তিনি মন্ত্ৰীয়ে মন্ত্ৰিত্ব হেৰুৱাৰ দুখ পাহৰিব নোৱাৰিলে। নিজৰ দলৰ আদৰ্শ পাহৰি ক্ষমতাৰ খকত অসমীয়া জাতিক প্ৰতাৰণা কৰিলে। এই তিনিজনে বদনকো চেৰ পেলালে,‘’ সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

Apply Now

ইপিনে, বিজেপিয়ে আগন্তুক লোকসভা নিৰ্বাচনত পৰাজিত হোৱাৰ ভয়ত অগপৰে মিত্ৰতা কৰা বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

তেওঁ কয়, ‘‘লোকসভা নিৰ্বাচনত বিজেপি বেয়াকৈ পৰাজয় বৰণ কৰিব। সেয়েহে অগপক গুৱাল গালি পাৰি আকৌ কাষ চপাই ল’লে। হিমন্তই জানে অকলে তেওঁলোক নিৰ্বাচনত জিকিব নোৱাৰে। গতিকে অগপৰ বোকোচাত উঠি নিৰ্বাচন খেলিব বিচাৰিছে।‘’

তদুপৰি, অগপ আৰু বিজেপি দুইটা দলকেই ‘প্ৰতাৰকৰ দল’ আখ্যা দিয়ে গগৈয়ে।

তেওঁ লগতে কয়, ‘’অগপ নিৰ্লজ আৰু ভণ্ডৰ দল।পৃথিৱীতে এনে দল নাই। অগপ বিজেপি দুইটাই ধ্বংস হ’ব লাহে লাহে।‘’

ইপিনে, মিচিং, ৰাভা, কাৰ্বি স্বায়ত্ত শাসিত পৰিষদ, গণশক্তি আৰু বিপিএফৰে মিত্ৰতা কৰি যেনে তেনে জোৰা টাপলি মাৰি ৰাজ্যিক বিজেপি চৰকাৰখন চলি আছে বুলি গগৈয়ে সংবাদমেলত কয়।

‘’জোৰা টাপলি মৰা ঘৰ বিজেপি চৰকাৰ। কিমান দিন থাকিব সেই ঘৰ? এজাক ধুমুহাতে ভাঙি পৰিব,’‘-গগৈয়ে এইদৰে কয়।

তাৎপৰ্য্যপূৰ্ণভাৱে, আৰ এছ এছৰ নেতৃত্বত বিজেপিয়ে অগপক ধ্বংস কৰিব বিচাৰিছে বুলি মন্তব্য কৰি গগৈয়ে লগতে কয়, ‘’তাত তেল পানী যোগাইছে ৰঞ্জিত দাস আৰু হিমন্ত বিশ্ব শৰ্মাই।‘’

উক্ত সংবাদমেলতে বিজেপিক প্ৰতাৰকৰ দল আখ্যা দিয়ে তৰুণ গগৈয়ে।

তেওঁ কয়, ‘’৫ বছৰত মোদীয়ে আচ্ছা দিনৰ কথা নক’লে। চাকৰিৰ প্ৰতিশ্ৰুতিও পূৰণ কৰা নাই। জাগীৰোড আৰু কাছাৰ কাগজ কল ধ্বংস হ’ল। গোপীনাথ বৰদলৈ বিমান বন্দৰো বিক্রী কৰিব ওলাইছে।‘’

গগৈৰ মতে ‘’বিজেপিৰ শাসনত কৃষকৰ অৱস্থা তেনেই দুখলগা। মহিলাসকলে নিৰাপত্তাহীনতাত ভুগিছে।‘’

ইপিনে, সমগ্ৰ ভাৰততে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তুলনাত ৰাহুল গান্ধীৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে বুলি দাবী কৰে বৰ্ষীয়ান ৰাজনৈতিক নেতাজনে।

তদুপৰি, মোদী চৰকাৰক সমালোচনা কৰি গগৈয়ে কয়, ‘’কংগ্ৰেছে মহাত্মা গান্ধীৰ আদৰ্শ মানে। দীনদয়াল, গডছেৰ আদৰ্শ মনা বিজেপিয়ে আৰু প্ৰধান মন্ত্ৰীয়ে এতিয়া মহাত্মাৰ নাম উচ্চাৰণ কৰে।এয়া ভূতৰ মুখত ৰাম নাম লেখীয়া কথা।‘‘

আনহাতে, সেই একেখন সংবাদমেলতে সেনা জোৱানৰ ত্যাগ আৰু কৃতিত্বক বিজেপি চৰকাৰে নিৰ্বাচনী ইচ্ছু হিচাপে ব্যৱহাৰ কৰিব বিচৰা বুলিও গগৈয়ে মন্তব্য কৰে।

‘‘বিজেপি দল ভাৰতত হতাশ হৈছে। সেয়েহে জোৱানৰ ত্যাগৰ পৰা বিজেপিয়ে মুনাফা ল’ব বিচাৰিছে।কাম কৰি মুনাফা লৈ দেখুৱাওক,’’-গগৈৰ বিজেপি চৰকাৰৰ প্ৰতি প্ৰত্যাহ্বান।

আনহাতে, ৰাজ্যত অবাধে চলি থকা চিণ্ডিকেটৰাজৰ আঁৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰত্যক্ষভাৱে জড়িত থকা বুলি অভিযোগ তোলে তৰুণ গগৈয়ে।

‘’কয়লা, বালি, চিমেণ্ট, ৰদ সকলোতে ছিণ্ডিকেটৰাজ চলিছে। তাৰ ৰজা হৈছে সৰ্বানন্দ সোণোৱাল। তেওঁৰ লগত আছে হিমন্ত বিশ্ব।‘’

তদুপৰি কংগ্রেছক লৈ বিজেপিয়ে ছিণ্ডিকেটৰাজ নকৰিলেই হ’ল বুলি ৰসিকতাপূৰ্ণ মন্তব্য কৰে তৰুণ গগৈয়ে।

গগৈয়ে আৰু কয়, ‘‘হাতত পইচা লুকুৱাই ৰাখিব নোৱাৰে।পদুমৰ পাহিৰ মাজত তেওঁলোকে বহুত ধন লুকুৱাই থৈছে। পদুমৰ দৰে বাহিৰৰ পৰা হে চৰকাৰখন দেখিবলৈ ধুনীয়া, ভিতৰি ফোঁপোলা।‘’

আনহাতে, উক্ত সংবাদমেলতে অসমত নতুনকৈ প্ৰসাৰিত হোৱা এন পি পি দলৰ সমালোচনাত মুখৰ হৈ পৰাৰ লগতে ইয়াক বিজেপিৰ বি-টীম বুলিও আখ্যা দিয়ে।

‘এন পি পি বিজেপিৰ বি-টিম। ভোটৰ অপচয় কৰিবলৈ দলটোৱে লোকসভা নিৰ্বাচনত প্ৰাৰ্থী থিয় কৰাব। বিধেয়কৰ ক্ষেত্ৰত এন পি পিৰ স্থিতি সন্দেহজনক,’‘- এইদৰে কয় গগৈয়ে।

আনহাতে, পূৰ্বতে ‘হু ইজ বদৰুদ্দিন’ বুলি বাৰেপতি এআইয়ুডিএফ প্ৰধান বদৰুদ্দিন আজমলক কটাক্ষ কৰি থকা গগৈয়ে সংবাদমেলত হঠাৎ সুৰ সলোৱা দেখিবলৈ পোৱা গ’ল।

গগৈয়ে কয়, ‘হু ইজ বদৰুদ্দিন বুলি আজি মই নকওঁ কিয়নো তেওঁ এতিয়া সাংসদ, লগত ১২ জন বিধায়ক আছে।‘‘

অৱশ্যে, কংগ্ৰেছ এ আই য়ু ডিএফৰ লগত মিত্ৰতা সন্দৰ্ভত একো আলোচনা হোৱা নাই বুলি গগৈয়ে সংবাদমেলত সদৰী কৰাৰ উপৰিও তেওঁ মিত্ৰতাৰ সম্পূৰ্ণ বিৰোধী বুলিও কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

August 31, 2026 7:00 am
মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

August 31, 2026 7:00 am
মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd