• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হঠাতে নীৰৱ হৈ গ’ল মন্ত্ৰী হিমন্ত! ‘নতুন দল’টোত প্ৰথমবাৰৰ বাবে অপমানিত বোধ কৰিলে নেকি?

''মই হয়তো স্বাস্থ্য মন্ত্ৰী হিচাপে আকৌ নাহিম ইয়ালৈ'', যোৰহাট মেডিকেল কলেজত দুদিনমান পূৰ্বে কৈছিল হিমন্তই; মন্ত্ৰীজনৰ পৰা সৰ্বাধিক কাম আদায় কৰাই বিজেপিৰ লক্ষ্য?

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
March 20, 2019 8:31 am
Himanta Biswa

হিমন্ত বিশ্ব শৰ্মাই সলনি কৰা টুইটাৰ প্ৰফইল পিকচাৰ। উৎস : টুইটাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজেই যি বিচাৰে তাকে কৰিব পাৰে, ৰাষ্ট্ৰীয় নেতৃত্বই তেওঁক পুৰস্কৃত কৰিবলৈ যিকোনো সময়তে সাজু থাকে বুলি ভবা অসমৰ শক্তিশালী মন্ত্ৰী হিমন্ত বিশ্বই যোৱা দুই-তিনি দিন সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰা দেখা গৈছে, যিটো তেওঁৰ স্বভাৱৰ ব্যতিক্ৰম।

ৰাজ্যিক নেতৃত্বই প্ৰস্তুত কৰা প্ৰাৰ্থী পেনেলত তেজপুৰ সমষ্টিৰ পৰা কেৱল মন্ত্ৰী হিমন্তৰ নাম প্ৰেৰণ কৰা সত্ত্বেও তেওঁক গ্ৰহণ নকৰিলে কেন্দ্ৰীয় নেতৃত্বই। বৰং তেওঁ কোনো সমষ্টিৰ পৰাই নিৰ্বাচনত উঠিব নালাগে বুলিহে নিৰ্দেশ আহিল মোদী-শ্বাহৰ পৰা। এই কথাত মন্ত্ৰীজনৰ মুখেৰে কোনো প্ৰতিক্ৰিয়া ওলোৱা নাই এই পৰ্য্যন্ত। কিন্তু ব্যতিক্ৰম নীৰৱতাত যথেষ্ট ইংগিত বিচাৰি ল’ব পাৰি। মন কৰিব লগীয়া যে ১৯ মাৰ্চত মন্ত্ৰীজনে নিজৰ টুইটাৰ প্ৰফাইল পিকচাৰ সলাই এটা অসন্তুষ্ট, ক্ৰোধিত অভিব্যক্তিৰ ফটো লগোৱা দেখা গৈছে, য’ত অৱনত শিৰে থকা দেখা গৈছে মন্ত্ৰীজনক।

Apply Now

লোকসভা নিৰ্বাচনত যিকোনো এটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আশা কৰি থকা মন্ত্ৰীজনে যোৱা কেইদিনত সংবাদ মাধ্যমকো এৰাই চলা দেখা গৈছে। ক’তো কোনো মন্তব্য দিয়া নাই তেওঁৰ প্ৰাৰ্থিত্ব কেন্দ্ৰীয় নেতৃত্বই প্ৰত্যাখ্যান কৰা সন্দৰ্ভত।

বিজেপিত যোগদান কৰাৰ পিছত ৰাজ্যত দলটোৰ হৰ্তাকৰ্তা হৈ পৰা মন্ত্ৰীজনে প্ৰথমবাৰৰ বাবে দলৰ মজিয়াত অপমানিত বোধ কৰিলে নেকি?

মন কৰিব লগীয়া কথাটো হ’ল, মন্ত্ৰীজনে নিজেই অত্যুক্তিৰে নিজৰ এটা কৃত্ৰিম ভাবমূৰ্তি তৈয়াৰ কৰাৰ চেষ্টা কৰি আহিছিল। আনকি তেওঁ এইটোও প্ৰচাৰ কৰাইছিল যে ৰাষ্ট্ৰীয় নেতৃত্বই তেওঁৰ কামৰ পুৰস্কাৰ স্বৰূপে নিৰ্বাচনত অৱতীৰ্ণ হ’বৰ বাবে দেশৰ যিকোনো এটা সমষ্টি বাছি ল’বলৈ অনুৰোধ কৰিছে।

কিন্তু ৰঞ্জিত দাসৰ দ্বাৰা প্ৰচাৰিত এই বিয়াগোম খবৰটো মানুহৰ মুখে মুখে চৰ্চা হোৱাৰ দুদিন পিছতে খবৰ আহিল যে ৰাষ্ট্ৰীয় নেতৃত্বই হিমন্তক নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পৰা বাধা দিছে। লগে লগে পূৰ্বে প্ৰচাৰিত খবৰটো যে এটা তৈয়াৰী, মিছা খবৰ আছিল ফাঁচ হৈ পৰিল। লগতে চেঁচা পানী পৰিল মন্ত্ৰীজনৰ দিল্লীৰ ৰাজনীতিলৈ যোৱাৰ আকাংক্ষাতো।

মন্ত্ৰীজন ৰাষ্ট্ৰীয় নেতৃত্বই তেওঁৰ ইচ্ছাক বিনাচৰ্তে মূল্য দিয়াৰ ক্ষেত্ৰত ইমানেই আত্মবিশ্বাসী আছিল যে তেওঁ সভাই-সমিতিয়ে ৰাজ্যৰ ৰাজনীতিক এক প্ৰকাৰৰ বিদায় দিয়া বুলি ঘোষণা কৰি ফুৰিছিল। আনকি কেইদিনমান পূৰ্বে যোৰহাট মেডিকেল কলেজলৈ যাওঁতে তাত ৰাজহুৱাকৈ সম্বোধন কৰি কৈছিল, ”মই হয়তো স্বাস্থ্য মন্ত্ৰী হিচাপে আকৌ নাহিম ইয়ালৈ”।

কিন্তু ৰাষ্ট্ৰীয় নেতৃত্বই তেওঁক এই নিৰ্দেশহে দিয়া বুলি দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ মন্তব্যৰ পৰা জানিব পৰা গৈছে যে ‘নেডা’ৰ আহ্বায়ক হিচাপে নেতৃত্ব লৈ সমগ্ৰ উত্তৰ-পূবত বিজেপিৰ প্ৰাৰ্থীক জিকাই অনাৰ দায়িত্ব ল’ব লাগে মন্ত্ৰীজনে।

ইয়াৰ পৰাই এটা কথা স্পষ্ট হ’ল যে বিজেপিয়ে হিমন্তক দলৰ ৰাজনৈতিক লাভৰ বাবেহে ব্যৱহাৰ কৰিব বিচাৰে। কংগ্ৰেছৰ দিনত দুৰ্নীতিত অভিযুক্তসকলৰ ভিতৰত অন্যতম বুলি মুকলিকৈ ঘোষণা কৰিও দলটোৱে হিমন্তক নিজৰ দললৈ নিয়াৰ আঁৰৰ উদ্দেশ্য ইয়াতে স্পষ্ট হয়। চতুৰ ৰাজনীতিকজনৰ পৰা সৰ্বাধিক কাম আদায় কৰাই দলটোৰ লক্ষ্য। তেওঁৰ লাভৰ বাবে দলটোৱে তেওঁক আদৰি নিয়া নাই -এই বাৰ্তাই যেন দিলে ৰাষ্ট্ৰীয় নেতৃত্বই।

অৱশ্যে তেওঁক ৰাজ্যসভাৰ সাংসদ কৰি নিয়াৰ প্ৰতিশ্ৰুতি দিয়া বুলি আন এটা সান্ত্বনামূলক খবৰো উলিয়াই দিয়া হৈছে। তথাপি মন্ত্ৰীজনৰ নীৰৱতা মন কৰিব লগীয়া।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

July 25, 2026 5:00 pm
কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

July 25, 2026 5:00 pm
কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd