উত্তৰ-পূব থিয়েটাৰ মহোৎসৱৰ দশম সংখ্যক ‘পূৰ্বোত্তৰ নাট্য সমাৰোহ’ অৰুণাচল প্ৰদেশত অনুষ্ঠিত হ’ব। ১৯ জানুৱাৰিৰ পৰা ২৮ জানুৱাৰিলৈ ৰাজ্যখনৰ ইটানগৰস্থিত সিদ্ধাৰ্থ হলত বিভিন্ন অনুষ্ঠানেৰে এই সমাৰোহ চলিব। নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় নাটক বিদ্যালয় (এন এছ ডি)ৰ সহযোগত ৰাজ্যিক কলা আৰু সাংস্কৃতিক বিভাগে এই নাট মহোৎসৱৰ আয়োজন কৰিছে।
মঙলবাৰে আয়োজিত এখন সংবাদমেলৰ জৰিয়তে মহোৎসৱখনৰ বিষয়ে সদৰী কৰে ৰিকেন গমলে। উল্লেখযোগ্য যে ৰিকেন গমলে অৰুণাচল প্ৰদেশৰ পৰা এন এছ ডিৰ স্নাতক ডিগ্ৰী লোৱা প্ৰথম লোক। গমলে একেৰাহে অভিনেতা, পৰিচালক, অভিনেতা প্ৰশিক্ষক, মাৰ্চিয়েল আৰ্টিষ্ট আৰু নৃত্য পৰিচালক ৰূপে প্ৰতিষ্ঠিত।
নাট মহোৎসৱ আয়োজনৰ লগত জড়িত থকা গমলেই জানিবলৈ দিয়া অনুসৰি আঠদিনীয়া মহোৎসৱত অসম, মণিপুৰ, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশৰ আঞ্চলিক ভাষাত মুঠ ১০ খন নাট প্ৰদৰ্শন কৰা হ’ব।
‘বিগত ৮-৯ বছৰে আয়োজিত উত্তৰ-পূব নাট সমাৰোহৰ ফলত অধিক ৰুচিসম্পন্ন তথা উন্নতমানৰ নাট মঞ্চস্থ কৰাৰ সুযোগ লাভ কৰিছে’। এই মন্তব্য কৰে ৰিকেন গমলে।
‘ৰাজ্যবাসীৰ বাবে এয়া গৌৰৱৰ বিষয় যে এন এছ ডিয়ে দশম সংখ্যক পূৰ্বোত্তৰ নাট্য সমাৰোহৰ বাবে ইটানগৰক স্থান হিচাপে নিৰ্ধাৰণ কৰিছে’, এই বুলিও কয় গমলেই। ইয়াৰ উপৰি এই সমাৰোহৰ ফলত অৰুণাচলৰ শিল্পীসকল যথেষ্ট উপকৃত হ’ব বুলিও সংবাদমেলৰ জৰিয়তে কয়।
উল্লেখযোগ্য যে ২০০৮ চনত গুৱাহাটীত পোন প্ৰথমবাৰৰ এই নাট মহোৎসৱৰ আয়োজন কৰা হৈছিল আৰু তেতিয়াৰে পৰা বছৰে বছৰে উত্তৰ-পূবৰ বিভিন্ন অঞ্চলত মহোৎসৱখনৰ আয়োজন কৰি আহিছে।
উদযাপন সমতিৰ হৈ গমলেই সকলোকে এই সমাৰোহত উপস্থিত থাকি মহোৎসৱটি সাফল্যমণ্ডিত কৰি তুলিবলৈ অনুৰোধ জনোৱাৰ লগতে নাট উপভোগ কৰাৰ বাবে প্ৰৱেশ বিনামূলীয়া বুলিও জানিবলৈ দিয়ে।