লোকসভা নিৰ্বাচনৰ পূৰ্বে সামাজিক মাধ্যম সমূহক লৈ কঠোৰ হৈ পৰিছে নিৰ্বাচনী আয়োগ। উত্তৰ-পূৱৰ লগতে সমগ্ৰ দেশত নিৰ্বাচনৰ সময়ত সামাজিক মাধ্যম সমূহৰ অপব্যৱহাৰ আৰু আতি সহ্য ৰোধ কৰাৰ বাবেই আয়োগে এনে কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হয়।
ইণ্টাৰনেট আৰু সামাজিক মাধ্যম সমূহৰ বিষয় লৈ নিৰ্বাচনী আয়োগে মঙলবাৰে বিভিন্ন ইন্টাৰনেট আৰু সামাজিক মাধ্যম গোষ্ঠীৰ বিষয়ববীয়া সকলৰ সৈতে ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত নিৰ্দিষ্ট আচৰণ বিধি আৰু নীতি সম্বন্ধে এখন বৈঠকত মিলিত হয়।
ভাৰতীয় নিৰ্বাচনী আয়োগৰ পৰামৰ্শ অনুসৰি প্ৰতিষ্ঠান সমূহে সামাজিক মাধ্যম সম্পৰ্কে নিৰ্দিষ্ট আচৰণ বিধি আৰু নীতি প্ৰয়োগৰ বাবে আগবাঢি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকত ইণ্টাৰনেট এণ্ড মোবাইল এছোচিয়েচন অফ ইণ্ডিয়াকে ধৰি ফেচবুক, হোৱাটছ এপ, টুইটাৰ আদি জনপ্ৰিয় সামাজিক মাধ্যমৰ বিষয়া সকল উপস্থিত থাকে।
আজি নিৰ্বাচনী আয়োগে বিস্তাৰিত প্ৰতিবেদনেৰে সৈতে পুনৰ এখন বৈঠকত মিলিত হয়। এই বৈঠকত নিৰ্বাচনৰ সময়ত উৰা বাতৰি, মিছা খবৰ, ৰাজনৈতিক দল সমূহৰ সামাজিক মাধ্যমৰ বিজ্ঞাপনত ব্যায় আদি দিশৰ ওপৰত আলোচনা কৰে। বিষয়া সকলে আজিৰে পৰা কাৰ্য্যকৰি হোৱাকৈ সামাজিক মাধ্যমক নাকী লোগোৱাৰ বাবে বিশেষ নীতি গ্ৰহণ কৰিব বুলি কয়।
আনহাতে, বৈঠকত অংশগ্ৰহণ কৰি মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই সামাজিক মাধ্যমৰ আচৰণ বিধি নীতি আয়োগ আৰু বিভিন্ন দলৰ মাজৰ কাম-কাজৰ এখন গুৰুত্বপূৰ্ণ দলিল হ’ব বুলি মন্তব্য কৰে।।