• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 16, 2026 3:55 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভোটাধিকাৰ ৰক্ষাৰ দাবীত আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ শুকুৰবাৰে দিল্লীত ‘লহেৰা দো তিৰংগা’ সমদলৰ আহ্বান জনাইছে ককৰোচ জনতা পাৰ্টিয়ে (CJP)। দলটোৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে ৰাষ্ট্ৰীয় পতাকা হাতত লৈ ছেণ্ট্ৰেল পাৰ্ক আৰু কনট প্লেছত সমবেত হ’বলৈ জনাইছিল আহ্বান। কিন্তু সমদলৰ পূৰ্বেই ছেণ্ট্ৰেল পাৰ্ক বন্ধ কৰি দিছে দিল্লী আৰক্ষীয়ে। আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ বলৱৎ কৰা হৈছে কেইবাটাও নিষেধাজ্ঞা। সমদলক কেন্দ্ৰ কৰি মধ্য দিল্লীৰ যান-বাহন চলাচলৰ ক্ষেত্ৰতো সতৰ্কতা জাৰি কৰিছে আৰক্ষীয়ে। এনে পৰিস্থিতিত গ্ৰেপ্তাৰ হোৱাৰ আশংকা প্ৰকাশ কৰা অভিজিৎ দীপকৰ বাসগৃহতো উপস্থিত হয় দিল্লী আৰক্ষী।

সামাজিক মাধ্যমত প্ৰকাশ পোৱা এটা ভিডিঅ’ত দীপকৰ সৈতে ছোফাত বহি কথা পাতি থকা দেখা গৈছে এগৰাকী আৰক্ষী বিষয়াক। দীপকৰ দাবী, সমদল নকৰিবলৈ সতৰ্ক কৰি দিবলৈ তেওঁৰ ঘৰত উপস্থিত হৈছিল আৰক্ষী। আৰক্ষী বিষয়াজনক দেখি দীপকে তেওঁৰ বিৰুদ্ধে কি অভিযোগ আছে বুলি প্ৰশ্ন কৰে। কিন্তু আৰক্ষীয়ে কোনো নিৰ্দিষ্ট অভিযোগৰ কথা জনাব নোৱাৰিলে বুলি দাবী কৰে দীপকে। কেৱল সমদল অনুষ্ঠিত নকৰিবলৈহে কোৱা হৈছিল বুলি তেওঁ উল্লেখ কৰে।

Apply Now

উল্লেখ্য যে যন্তৰ মন্তৰত প্ৰৱেশ কৰাৰ অভিযোগত সৌৰভ দাস আৰু আশুতোষ ৰাংকাক গ্ৰেপ্তাৰ কৰা হৈছিল। বৰ্তমান দুয়োগৰাকী ন্যায়িক জিম্মাত আছে। ইতিমধ্যে প্ৰতিবাদস্থলীৰ তালিকাৰ পৰা যন্তৰ মন্তৰৰ নাম আঁতৰোৱা হৈছে। এই দুগৰাকী ব্যক্তিৰ মুক্তিৰ দাবীতেই ককৰোচ জনতা পাৰ্টিয়ে ‘লহেৰা দো তিৰংগা’ সমদলৰ আহ্বান জনাইছে।

দেশজুৰি ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন (SIR)ক লৈ বিতৰ্ক চলি থকাৰ মাজতে নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক সমালোচনা কৰি আহিছে সামাজিক মাধ্যমক কেন্দ্ৰ কৰি গঢ়ি উঠা সংগঠনটোৱে। সংগঠনটোৰ অভিযোগ, মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক সুৰক্ষা দিবলৈ চেষ্টা কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই পটভূমিতে ভোটাধিকাৰ ৰক্ষাৰ দাবীত ৰাজপথলৈ ওলাই অহাৰ আহ্বান জনাইছে দীপকে।

বৃহস্পতিবাৰে দীপকে কয় যে ৰাজনৈতিক মতাদৰ্শৰ পাৰ্থক্য আঁতৰাই সকলো ৰাজনৈতিক দল আৰু নাগৰিক সমাজৰ সংগঠনে একেলগে আগবাঢ়ি অহা উচিত। তেওঁৰ মতে, ভোটদানৰ অধিকাৰ ৰক্ষা কৰিব নোৱাৰিলে গণতন্ত্ৰও ৰক্ষা কৰা সম্ভৱ নহ’ব।

ছেণ্ট্ৰেল পাৰ্ক বন্ধ কৰি ৰখাক লৈও সৃষ্টি হৈছে প্ৰশ্ন। দিল্লী আৰক্ষীয়ে জনোৱা মতে, নিৰ্দিষ্ট এটা স্থানত সীমিত সংখ্যক লোকক ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিবলৈ অনুমতি দিয়াৰ সম্ভাৱনা আছে। অৱশ্যে, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত জাৰি কৰা নিষেধাজ্ঞা এতিয়াও বলৱৎ হৈ আছে।

সমদলৰ সময়ত শান্তি-শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছে আৰক্ষীয়ে। নিষেধাজ্ঞা উলংঘা কৰিলে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনাইছে দিল্লী আৰক্ষীৰ জনসম্পৰ্কৰক্ষী বিষয়া নেহা যাদৱে। সমদলৰ ফলত যাতে স্থানীয় ব্যৱসায়ী আৰু দোকানীসকলৰ কাম-কাজত বাধা নপৰে, তাৰ প্ৰতিও নজৰ ৰাখিবলৈ কোৱা হৈছে।

ইফালে মধ্য দিল্লীৰ কেইবাটাও অঞ্চলত যান-বাহন চলাচলক লৈ পৰামৰ্শ জাৰি কৰিছে আৰক্ষীয়ে। যাত্ৰীসকলক যাত্ৰাৰ বাবে অতিৰিক্ত সময় হাতত লৈ ওলাবলৈ আহ্বান জনোৱা হৈছে। সমদলৰ পূৰ্বে ছেণ্ট্ৰেল পাৰ্ক বন্ধ কৰি ৰখা আৰু অভিজিৎ দীপকৰ বাসগৃহত আৰক্ষীৰ উপস্থিতিক লৈ এতিয়া বিভিন্ন মহলত প্ৰশ্নৰ সৃষ্টি হৈছে। ভোটাধিকাৰ ৰক্ষাৰ দাবীত আহ্বান জনোৱা সমদলক কেন্দ্ৰ কৰি দিল্লীৰ পৰিস্থিতি কোন দিশে আগবাঢ়ে, সেয়া হ’ব লক্ষণীয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 2:47 pm
‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

October 16, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd