• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

নিধিৰাম চৰ্দাৰ ‘নেডা’ : বিজেপিৰ হাতৰ পৰা ওলাই যোৱাৰ পথত অষ্টলক্ষ্মী?

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
March 22, 2019 9:29 am
Himanta_B_250616

নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূবত কংগ্ৰেছ শূন্য কৰাৰ লক্ষ্যৰে গঠন কৰা উত্তৰ-পূব গণতান্ত্ৰিক মৰ্চা অৰ্থাৎ নৰ্থইষ্ট ডেম’ক্রেটিক এলায়েন্স (নেডা)ৰ নিজৰেই এতিয়া অস্তিত্ব প্ৰায় শূন্য হোৱাৰ পথত। অসমক বাদ দি উত্তৰ-পূৰ্বাঞ্চলৰ বাকীকেইখন ৰাজ্যত বিজেপিৰ মিত্ৰজোঁটৰ সহযোগী দলবোৰে নিজৰ পথ বাচি লোৱাৰ পাছত বিজেপিৰ বাবে নতুন আশংকাৰ সৃষ্টি হৈছে।

২০১৪ৰ লোকসভা নিৰ্বাচনত মিত্ৰতাৰ জোৰত ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা বিজেপিয়ে উত্তৰ-পূবৰ আঞ্চলিকতাবাদী দলকেইটাক গুৰুত্ব নিদিয়াৰ পৰিপ্ৰেক্ষিতত প্ৰায়বোৰ দলে বিজেপিৰ সংগ কেতিয়াবাই এৰিলে। অসম গণ পৰিষদ আৰু বিপিএফক বাদ দি বাকী থকা দুই এটা দলেও লোকসভা নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত বিজেপিৰ সংগ ত্যাগ কৰিছে।

Apply Now

আনহাতে, অৰুণাচল প্ৰদেশত বিজেপিত দলতেই ভাঙোন আৰম্ভ হোৱাৰ পাছত গেৰুৱা দলটো বিপাঙত পৰাই নহয়, উত্তৰ-পূবকলৈ ৰচনা কৰা তেওঁলোকৰ ৰণ কৌশলো কলিতে মৰহি যোৱাৰ উপক্ৰম হৈছে।

চাবলৈ গ’লে ক্ষমতাৰ ৰাগীত ৰাষ্ট্ৰীয় দলটোৰ একাংশ নেতাই অসমকে ধৰি উত্তৰ-পূবৰ জনগোষ্ঠীয় সংগঠনসমূহক উপহাস কৰাৰ বাবেই দলটোৰ ওপৰত থকা বিশ্বাস হেৰুৱাইছে খিলঞ্জীয়া জনসাধাৰণে। বিশেষকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত দলটোৱে উত্তৰ-পূবৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাভিমানক নস্যাৎ কৰি কঠোৰ স্থিতি গ্ৰহণ কৰাৰ বাবে অধিকাংশ জনগোষ্ঠীয় সংগঠনে বিজেপিকে অস্পৃশ্য কৰি পেলালে।

প্ৰধান মন্ত্ৰী মোডীৰ ‘অষ্টলক্ষ্মী’ উত্তৰ-পূবৰ জনসাধাৰণে বিজেপিৰ আগ্ৰাসনক সহজভাৱে ল’ব নোৱাৰিলে। ইয়াৰ কাৰণ অৱশ্যে দলটোৰ মাজৰ একাংশ ক্ষমতাপ্ৰয়াসী আৰু অতি আক্ৰমণাত্মক দৃষ্টিভংগীৰ নেতাৰ আস্ফালনেই দায়ী। উত্তৰ-পূবক কংগ্ৰেছ মুক্ত কৰাৰ বাবে দায়িত্ব অৰ্পণ কৰা নেডাৰ আহ্বায়কগৰাকীয়েই কংগ্ৰেছী সংস্কৃতিৰে পুষ্ট হৈ অহা আৰু তেওঁ বিজেপিতো আগ্ৰাসী ভূমিকা পালনৰ বাবে তৎপৰ হৈ আহিছে।

ইতিমধ্যে, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিজেপিৰ শীৰ্ষ নেতৃত্বই অসমকে ধৰি উত্তৰ-পূবত বিজেপিক বিজয়ী কৰি নিয়াৰ গুৰু দায়িত্ব অৰ্পণ কৰিছে। উত্তৰ-পূবত শৰ্মাই বিজেপিৰ সম্ভাৱনা মসৃন নহয় বুলি জানিয়েই ইতিমধ্যে নিজেই তেজপুৰৰ পৰা প্ৰাৰ্থী হৈ নিৰ্বাচন খেলাৰ বাবে তৎপৰ হৈ পৰিছিল। কিন্তু বিজেপিৰ শীৰ্ষ নেতৃত্বই তেওঁৰ এই কৌশল ধৰা পেলালে আৰু প্ৰাৰ্থিত্ব কৰ্তন কৰাৰ লগতে পুনৰ গুৰু দায়িত্ব থাপিলে।

তাৎর্পূযপূৰ্ণভাৱে, অসমৰ বাহিৰে উত্তৰ-পূবত বৰ্তমান কোনো সহযোগী দল বিজেপিৰ লগত নথকালৈ চাই নেডাৰ ভূমিকাও শূন্য বুলি ক’ব পাৰি। অসমতো বিজেপিয়ে অগপৰ লগত মিত্ৰতা কৰি লাভৱান হোৱাৰ সম্ভাৱনা কম। তেনেস্থলত উত্তৰ-পূবত নেডাৰ দায়িত্ব লৈ হিমন্ত বিশ্ব শৰ্মাই কিবা চমৎকাৰ ঘটোৱাৰ কোনো সম্ভাৱনা নাই।

সেয়েহে, বৰ্তমান ঢাল নাই তৰোৱাল নাই, নিধিৰাম চৰ্দাৰৰ দৰে নেডাই পানী ঘোলা কৰিলেও মাছ ধৰাৰ আশা নকৰাই ভাল। বৰ্তমানৰ পৰিস্থিতি অব্যাহত থাকিলে বিজেপিৰ হাতৰ পৰা ‘অষ্টলক্ষ্মী’ ওলাই যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd