• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাগুনত বনাঞ্চল বেদখলকাৰী ওপৰত আৰক্ষীৰ লাঠীচালনা, উত্তেজিত ৰাইজৰ শিলাবৰ্ষণ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
March 22, 2019 10:09 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ সংস্থাপনৰ নামত চৰকাৰী বঞ্চনাত অতিষ্ঠ হৈ তিনিচুকীয়া জিলাৰ জাগুন আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত টিংকুপানী সংৰক্ষিত বনাঞ্চলত আশ্ৰয় ল’বলৈ যোৱা ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ দধিয়া বনগাওঁ‌ বাসীৰ ওপৰত কালি অৰ্থাৎ ২১ মাৰ্চত জঁপিয়াই পৰিছিল জাতি-মাটি-ভেটিৰ শ্ল’গান দিয়া বিজেপি চৰকাৰৰ আৰক্ষী, চি আৰ পি এফ বাহিনী৷

আৰক্ষী-চি আৰ পি এফৰ লগতে বনকৰ্মীৰ নিৰ্বিচাৰ লাঠী চালনাত মিচিং ছাত্ৰ সংগঠন টি এম পি কেৰ কৰ্মীসহ শতাধিক লোক আহত হৈছিল। এই ঘটনাৰ পিছত আজি মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ আহ্বানত মিচিং ছাত্ৰ সংগঠন টি এম পিকৰে এখন বৈঠক অনুষ্ঠিত হয়৷ উক্ত বৈঠকত টি এম পিকেৰ কৰ্মীক প্ৰহাৰ কৰা কাৰ্যত দুখ প্ৰকাশ কৰি প্ৰশাসনে ভুল স্বীকাৰ কৰে৷ তদুপৰি আগন্তক লোকসভা নিৰ্বাচনলৈকে ৰাইজক অপেক্ষা কৰাৰ আহ্বানেৰে টি এম পি কেক বুজনি দিবলৈ প্ৰশাসনে অনুৰোধ জনায়৷

Apply Now

আনহাতে এক বিবৃতিত টি এম পি কেৰ তিনিচুকীয়া জিলা সমিতিৰ উপদেষ্টা মিণ্টুৰাজ মৰাঙে কয় যে দিনে নিশাই অবৈধ কয়লা খননেৰে নামফাই সংৰক্ষিত বনাঞ্চলৰ অস্তিত্ব বিপন্ন কৰি একাংশ কয়লা মাফিয়াক ৰক্ষাণাবেক্ষণ দিয়া প্ৰশাসনে ভূমিহীন সৰ্বস্বান্ত দধিয়াবাসীৰ ওপৰত চলোৱা এনে অতিশাৰ্য দুৰ্ভাগ্যজনক৷ মিচিং ছাত্ৰ নেতা গৰাকীয়ে কালিৰ এই বৰ্বৰ আক্ৰমণৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰাৰ লগতে আগন্তুক সময়ত মুখ্য মন্ত্ৰীৰ বাসগৃহ অৱৰোধ কৰি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিছে৷ তদুপৰি মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিবাসীক চৰকাৰে কৰা এনে বৰ্বৰতাৰ ফল বিজেপিয়ে আগন্তক নিৰ্বাচনত ভুগিব লাগিব বুলিও সকীয়াই দিয়ে৷

উল্লেখযোগ্য যে মুখ্য মন্ত্ৰী সৰ্বান্দ সোণোৱালৰ গৃহ পঞ্চায়তৰ অন্তৰ্গত দধিয়াবাসীক বিগত ২০১৭ চনৰ ২১জুলাইত চৰকাৰে ৮ মাহৰ ভিতৰত সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ কিন্তু সেই প্ৰতিশ্ৰুতিৰ সময়সীমা উকলি যোৱাৰ পাছত দধিয়াবাসীয়ে আন্দোলনৰ কাৰ্যসূচীৰ লগতে বিগত পঞ্চায়ত নিৰ্বাচন বৰ্জনেৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল৷

পিছত মুখ্য মন্ত্ৰীয়ে টি এম পি কেৰ সৈতে আলোচনাত মিলিত হৈ দধিয়াবাসীক চলিত বৰ্ষৰ খৰালিৰ ভিতৰতে পুনৰ সংস্থাপনৰ চূড়ান্ত প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু সম্প্ৰতি বাৰিষাৰ আগমণৰ প্ৰাকমুহূৰ্তলৈকে দধিয়াবাসীক চৰকাৰে দিয়া পুনৰ সংস্থাপনৰ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে থাকিল।

ফলত চৰকাৰৰ প্ৰতাৰণাত ক্ষুব্ধ হৈ কালি দধিয়াৰ প্ৰায় তিনিশতাধিক পুৰুষ-মহিলা, সন্তানসহ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ তথা মাৰ্ঘেৰিটা মহকুমাৰ জাগুন আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত টিংকুপানী সংৰক্ষিত বনাঞ্চলখনৰ প্ৰায় ২ হেক্টৰ বনভূমিৰ গছ বন কাটি বেদখল কৰি পলিথিন ট্ৰিপালেৰে অস্থায়ী ঘৰ সাজি আশ্ৰয়ৰ প্ৰচেষ্টা চলায়৷ লগতে অস্থায়ী শিবিৰ নামেৰে এখন বেনাৰো আঁৰি লয়।

ইফালে বনাঞ্চলত দধিয়াবাসীৰ বেদখলৰ খবৰ লাভ কৰি পুৱা ৯ বজাত মাৰ্ঘেৰিটা মহকুমা মহকুমাধিপতি, মহকুমা আৰক্ষী বিষয়া, ডিগবৈ বন সংমণ্ডলৰ ডি এফ অ’, জাগুন আঞ্চলিক বন বিষয়া পদুম বৰপাত্ৰ গোঁ‌হাইকে ধৰি বিষয়া সকল ঘটনাস্থলীত উপস্থিত হৈ ৰাইজক বনাঞ্চল এৰি যাবলৈ আহ্বান জনাই যদিও ৰাইজে বনাঞ্চল ত্যাগ নকৰাৰ সিদ্ধান্তত অটল হৈ থাকে।

পিছত সন্ধিয়া প্ৰায় ৬ বজাত দুৰ্ভগীয়া ৰাইজৰ ওপৰত জঁপিয়াই পৰে আৰক্ষী, চি আৰ পি এফ, বন বিভাগৰ কৰ্মী। আৰক্ষী চি আৰ পি এফ, বন কৰ্মী বাহিনীৰ নিৰ্বিচাৰ লাঠীচালনাত আহত হয় শতাধিক পুৰুষ-মহিলা৷ চি আৰ পি এফ বাহিনীয়ে আনকি মহিলাকো প্ৰহাৰ কৰি বৰ্বৰতা প্ৰদৰ্শন কৰাৰ লগতে শৰীৰৰ কাপোৰ পৰ্যন্ত ফলাৰ অভিযোগ উঠিছে৷

আনহাতে এই ঘটনাৰ খবৰ পায় ঘটনাস্থলীলৈ যোৱা টি এম পি কেৰ কৰ্মী গংগী দলেও লাঠীচালনাত গুৰুতৰভাৱে আহত হৈ সম্প্ৰতি তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ এনে সময়তে উত্তেজিত ৰাইজে আৰক্ষী, চি আৰ পি এফ, বন কৰ্মী ওপৰত শিলগুটি, ইটাৰে আক্ৰমণ কৰাত কেইবাজনো জোৱান সামন্য পৰিমাণে আহত হয়৷

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd