শিৱসাগৰ নগৰৰ মাজমজিয়াত থকা শিৱসাগৰ ষ্টেশ্যনৰ কাষতে থকা এটা পুখুৰীত আজি এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
স্থানীয় কেইজনমান ব্যক্তিয়ে ৰাতিপুৱা খোজ কাঢ়িবলৈ যোৱাৰ সময়তে পুখুৰীটোত এজন যুৱকৰ মৃতদেহ প্ৰত্যক্ষ কৰে আৰু লগে লগে আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
মৃত যুৱকজন অজয় মাহাতো (২৪) বুলি চিনাক্ত কৰণ কৰা হৈছে। অজয় মাহাতো নামতি মিচাজান গাঁওৰ সৱ নাৰায়ণৰ পুত্ৰ। বিগত ২০ মাৰ্চৰ ৰাতি ৮ বজাৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱকজন।
আনহাতে, নিৰুদ্দেশ হৈ থকা যুৱকজনক কোনে, কি পৰিস্থিতিত হত্যা কৰিলে সেয়া বৰ্তমানো ৰহস্য হৈ আছে। আৰক্ষীৰ তদন্তত পৰৱৰ্তী সময়ত সকলো কথা পোহৰলৈ অহিব বুলি আশা কৰা হৈছে।
উল্লেখযোগ্য যে, শিৱসাগৰ ৰেল’ৱে ষ্টেশ্যনৰ সমীপৰ অঞ্চলখিনি দীৰ্ঘদিন ধৰি অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈ আহিছে। নিশা হ’লেই অঞ্চলটোত মদ, ভাং, ড্ৰাগছৰ বেহাৰ লগতে বিভিন্ন অপৰাধমূলক কাৰ্য্য সংঘটিত হয়। পূৰ্বেও বহুকেইটা অপৰাধমূলক ঘটনা উক্ত অঞ্চলটোত সংঘটিত হৈছিল।
স্থানীয় ৰাইজে আৰক্ষী প্ৰশাসনক অপৰাধ দমনৰ ক্ষেত্ৰত কঠোৰ হৈ সাধাৰণ জনতাৰ জীৱন আৰু সম্পত্তিৰ অধিকাৰ সুনিশ্চিত কৰাৰ বাবে আহ্বান জনাইছে।