• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৰেন্দ্ৰ মোদীক উৎখাত কৰিব পৰাকৈ প্ৰচাৰ চলাবলৈ ৰাইজক আহ্বান দলিত নেতা জীগনেশ মেৱানীৰ

“বিজেপি, আৰ এছ এছে ভাল দাম পালে নিজৰ বাপেককো বজাৰত বেচিবলৈ কুণ্ঠাবোধ নকৰিব”

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 23, 2019 9:28 pm
Jignesh Mewani_2

গুৱাহাটী নাগৰিক সমাজে আয়োজন কৰা যুৱ অভিৱৰ্তনত গুজৰাটৰ নিৰ্দলীয় বিধায়ক জীগনেশ মেৱানী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“মোৰ ভোট, মোৰ দেশ, মোৰ বিষয়” এই মন্ত্ৰ ৰাজ্য তথা দেশৰ সকলো কোণলৈ নি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰচাৰ চলাবলৈ ভোটাৰ ৰাইজক আহ্বান জনায় গুজৰাটৰ বিধায়ক তথা দলিত নেতা জীগনেশ মেৱানীয়ে। আজি গুৱাহাটীৰ মাছখোৱাস্থিত আই টি এ প্ৰাগজ্যোতিত অসম নাগৰিক সমাজৰ উদ্যোগত আয়োজিত যুৱ অভিৱৰ্তনত অংশগ্ৰহণ কৰি গুজৰাটৰ নিৰ্দলীয় বিধায়কজনৰ এই আহ্বান।

তেওঁ সকলো ৰাইজকে বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলাবলৈ অনুৰোধ কৰি নৰেন্দ্ৰ মোদীয়ে জীৱনত ৰাজনীতিত দ্বিতীয়বাৰলৈ ভৰি ৰাখিব নোৱৰা কৰিবলৈ কয়।

Apply Now

“প্ৰধান মন্ত্ৰী হোৱাটো বাদেই সম্পূৰ্ণ ৰাজনৈতিক পৰিক্ৰমাই নিঃশেষ হৈ যাব। দিল্লীৰ পৰা তেওঁক যদি দলিয়াই দিয়ে, তেন্তে গুজৰাটতো তেওঁৰ বাবে ঠাই নোহোৱা হ’ব”, মেৱানীৰ মন্তব্য।

ইপিনে, পুলৱামা কাণ্ড আৰু বালাকোটত ভাৰতীয় সেনাৰ প্ৰত্যাক্ৰমণক বিজেপি চৰকাৰে ৰাজনীতিকৰণ কৰি মুনাফা আদায়ৰ চেষ্টা কৰা বুলি কয়।

তেওঁ কয় যে দেশৰ ভিন্নপ্ৰান্তৰ কৃষক, চকীদাৰ তথা যিসকলৰ দুবেলা দুসাঁজ ভালদৰে খাব নোৱাৰে, সেইসকলৰ সন্তান সেনা-বাহিনীত যোগদান কৰি সীমান্তত গুলী খাবলৈ যায়। “কিন্তু কোনো নেতা অথবা মন্ত্ৰীৰ পুত্ৰ নাযায়”, তেওঁ কয়।

“এই পাঁচ বছৰত দেশৰ ১ শতাংশ লোকৰ ওচৰলৈ যি ৭৩ শতাংশ সম্পদ গুচি গ’ল, যিসকল মন্ত্ৰী, সাংসদ আৰু বিধায়ক হৈ আছে, তেওঁলোকৰ পৰিয়ালৰ এজন সন্তানক ১০ বছৰৰ বাবে সীমান্তলৈ পঠিয়াই দিব পৰা আইন প্ৰস্তুত কৰক, তাৰ পাছত যুদ্ধৰ কথা আলোচনা কৰিব”, মেৱানীৰ চৰকাৰলৈ আহ্বান।

আনহাতে, মোদী চৰকাৰ শাসনলৈ অহাৰ পাছত দেশৰ ঔদ্যোগিক আৰু কৃষিক্ষেত্ৰত উন্নয়ন স্থবিৰ হৈ পৰা বুলি দাবী কৰে যুৱ বিধায়কজনে।

“ঔদ্যোগিক ক্ষেত্ৰত বিগত সময়ছোৱাত ১.১ কোটি লোকৰ চাকৰি যিদৰে কাঢ়ি ল’লে ঠিক সেইদৰে তথ্য অনুসৰি কৃষি ক্ষেত্ৰতো ৩.২ কোটি কৃষকৰো সংস্থাপন(ৰৌজগাৰ) কাঢ়ি নিলে এই চৰকাৰে।” দাবী বিধায়ক জীগনেশ মেৱানীৰ।

ইপিনে, বিজেপি চৰকাৰখন সম্পূৰ্ণ ফেচিবাদী আৰু স্বৈৰাচাৰী হৈ পৰিল বুলি অভিযোগ তুলি লগতে কয় যে  ২০১৯ চনত মোদী চৰকাৰ দ্বিতীয়বাৰলৈ শাসনলৈ আহিলে এইদৰে অসম নাগৰিক সমাজে ‘যুৱ অভিৱৰ্তন’ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিব নোৱাৰিব।

“আমাৰ ঘৰৰ দৰ্জাৰ সন্মুখলৈ আহিব আৰু গুলীয়াই গুচি যাব” এইদৰে কয় বিধায়কজনে।

তেওঁ লগতে কয় যে ক্ষমতাত আহিবৰ বাবে বিজেপি, আৰ এছ এছ নেতাই যিকোনো পৰিস্থিতিলৈ যাবলৈ প্ৰস্তুত। “ভাল দাম পালে এইসকলে নিজৰ বাপেককো বজাৰত বেচি দিবলৈ কুণ্ঠাবোধ নকৰিব।” তাৎপৰ্য্যপূৰ্ণ মন্তব্য মেৱানীৰ।

তেওঁ মোদীৰ মূৰ্তি স্থাপনৰ চমকক সমালোচনা কৰি কয়, “গুজৰাটত চৰ্দাৰ বল্লভভাই পেটেলৰ মূৰ্তি স্থাপনৰ নামত ৩ হাজাৰ কোটি টকা খৰচ কৰিলে। কিন্তু গুজৰাটৰ ৭০ শতাংশ উপ-স্বাস্থ্যকেন্দ্ৰ, স্বাস্থ্যকেন্দ্ৰ আৰু জিলা চিকিৎসালয়ত এম আৰ আই আৰু চি টি স্কেনৰ এটা মেচিনো নাই। যদি কোনো জটিল ৰোগৰ ৰোগীৰ পৰীক্ষা কৰোৱা লগীয়া হয়, তেন্তে ২৫০ কিল’মিটাৰ দূৰত থকা আহমেদাবাদৰ চিকিৎসালয়ত চিকিৎসা কৰোৱাব লগীয়া হয়। কিন্তু আহমেদাবাদৰ চিকিৎসালয়ত তিনিমাহলৈকে ৰোগীৰ নাম বুকিং হৈ থাকে, গতিকে চিকিৎসকে তিনিমাহৰ পাছত আহিবলৈ কয়। তেতিয়ালৈ হয়তো ৰোগীৰ মৃত্যুও হৈ যাব পাৰে।”

ইয়াৰোপৰি, ১০০০ কোটি টকাৰ ভিতৰত ৰাজ্যখনৰ চিকিৎসালয়সমূহত চিটি স্কেনৰ সুবিধা প্ৰদান কৰিব পাৰে বুলি মন্তব্য কৰি লগতে কয় যে তাৰ বিপৰীতে ৩ হাজাৰ কোটি টকাৰ চৰ্দাৰৰ পুতলা নিৰ্মাণ কৰিছে।

“পেটেল জীয়াই থকাহেঁতেন তেৱোঁ ক’লে হেঁতেন চাগে যে মোৰ নামত মূৰ্তি নিৰ্মাণ বন্ধ কৰা আৰু চিকিৎসালয়সমূহত চিটিস্কেন আৰু এম আৰ আই মেচিন লগাওক”, মেৱানীৰ মন্তব্য।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm
মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

June 15, 2026 4:21 pm
শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

June 15, 2026 4:03 pm
স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm
মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

June 15, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd