• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজনীতিৰ পৰা মুক্ত নহ’ল অসম ফুটবল সন্থা : সভাপতি পদত বহিলে মন্ত্ৰী নৱ কুমাৰ দলে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 24, 2019 6:22 pm
Naba Doley

অসম ফুটবল সন্থাৰ নৱ নিৰ্বাচিত সভাপতি নৱ কুমাৰ দলেৰ ফাইল ফটো

1.3k
VIEWS
Share on FacebookShare on Twitter

ৰাজনীতিৰ পৰা মুক্ত নহ’ল ৰাজ্যৰ ক্ৰীড়াজগত। ৰাজ্যৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগ আৰু সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ দৰে দুটাকৈ বিভাগৰ গুৰু দায়িত্বত থকা স্বত্তেও অসম ফুটবল সন্থাৰ সভাপতি পদত অধিষ্ঠিত হ’ল মন্ত্ৰী নৱ কুমাৰ দলে।

আজি নেহৰু ষ্টেডিয়ামৰ তৰুণৰাম ফুকন আভ্যন্তৰিণ ষ্টেডিয়ামত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা কাৰ্য নিৰ্বাহকৰ বৈঠকতে গঠন কৰা হয় অসম ফুটবল সন্থাৰ নতুন কমিটি। বিনা ভোটগ্ৰহণেৰে নিৰ্বাচিত কৰা হয় কমিটিৰ বিষয়ববীয়াসকলক।

অসমৰ এগৰাকী অন্যতম ক্ৰীড়া সংগঠক বিষ্ণুৰাম নুনিচাই নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়া মতে বিনা প্ৰতিদ্বন্দ্বিতাৰে সভাপতি হিচাপে নিৰ্বাচিত হয় ৰাজ্য চৰকাৰৰ মন্ত্ৰী নৱ কুমাৰ দলে। তেওঁৰ পূৰ্বে অসম ফুটবল সন্থাৰ সভাপতি পদত আছিল হেমেন চন্দ্ৰ ব্ৰহ্ম।

ইপিনে সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় হেমেন চন্দ্ৰ ব্ৰহ্ম আৰু কোষাধক্ষ্য হিচাপে নিৰ্বাচিত হয় হীৰেন গগৈ। এই কথা জনায় নুনিচাই।

ইয়াৰ উপৰি পূৰ্বে ৰেফাৰী হিচাপে কাৰ্য নিৰ্বাহ কৰা কমল দত্ত, অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ বৰ্তমানৰ অধ্যক্ষ ৰাজেন বৰঠাকুৰ আৰু সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণক নৱ নিৰ্বাচিত কমিটিখনৰ উপ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়।

উল্লেখযোগ্য যে পূৰ্বতে অংকুৰ দত্ত সন্থাৰ সাধাৰণ সম্পাদক হিচাপে আছিল। সুত্ৰ অনুসৰি বিত্তীয় কেলেংকাৰিৰ বাবে বৰ্তমানৰ সম্পাদক অংকুৰ দত্ত নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰিলে।

মন্ত্ৰী দলেৰ পূৰ্বে অসম ফুটবল সন্থাৰ সভাপতি পদত হেমেন চন্দ্ৰ ব্ৰহ্ম অধিষ্ঠিত হৈ আছিল বুলি ক্ৰীড়া সংগঠক বিষ্ণুৰাম নুনিচাই জানিবলৈ দিয়ে।

উল্লেখ্য যে বহু প্ৰাক্তন ফুটবলাৰক উপেক্ষিত কৰি ফুটবলৰ সৈতে কোনো সম্পৰ্ক নথকা তথা ৰাজ্যৰ দুটাকৈ বিয়াগোম বিভাগৰ মন্ত্ৰিত্বৰ বোজা থকাৰ পাছতো অসম ফুটবল সন্থাৰ সভাপতিৰ পদত কিয় নৱ দলেক অধিষ্ঠিত কৰা হ’ল তাক লৈ এতিয়া একাংশ ক্ৰীড়া বিশেষজ্ঞ তথা সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে।

Recent News

এতিয়া ‘ফলৰ ৰজা’ আমৰ বতৰ, দৈনিক এটাকৈ আম খালে লাভ কৰিব বহু সুফল! সবিশেষ…

এতিয়া ‘ফলৰ ৰজা’ আমৰ বতৰ, দৈনিক এটাকৈ আম খালে লাভ কৰিব বহু সুফল! সবিশেষ…

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd