• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাৰিটা লোকসভা সমষ্টিত প্ৰাৰ্থীক লৈ গৱেষণাৰ অন্ত পৰা নাই কংগ্ৰেছৰ, বৰপেটা-ধুবুৰীত অনিশ্চিয়তাত অগপ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 26, 2019 10:50 pm
চাৰিটা লোকসভা সমষ্টিত প্ৰাৰ্থীক লৈ গৱেষণাৰ অন্ত পৰা নাই কংগ্ৰেছৰ, বৰপেটা-ধুবুৰীত অনিশ্চিয়তাত অগপ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত লোকসভা নিৰ্বাচনৰ উষ্ম বতাহ বলি আছে যদিও এতিয়াও যেন তৃতীয় পৰ্য্যায়ত অনুষ্ঠিত হ’বলগীয়া চাৰিটা লোকসভা সমষ্টিত কংগ্ৰেছে আৰম্ভই কৰিব পৰা নাই কোনো নিৰ্বাচনী প্ৰচাৰ। কিয়নো এই চাৰিটা সমষ্টিত প্ৰাৰ্থীত্ব দিয়াক কেন্দ্ৰ কৰি গৱেষণাৰ অন্ত পৰা নাই কংগ্ৰেছৰ।

ইপিনে, অসম গণ পৰিষদে বিজেপিৰ অংশীদাৰ হৈ মাত্ৰ তিনিটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতাৰ সুবিধা লাভ কৰিছিল যদিও কেৱল কলিয়াবৰতহে বৰ্তমানলৈকে প্ৰাৰ্থীত্ব দিছে আঞ্চলিক দলটোৱে। মাত্ৰ দুটা সমষ্টিৰ বাবেই অগপৰ নেতৃত্বৰ মাজত অনুষ্ঠিত হৈছে কেইবালানি বৈঠক। তাৰ পাছতো যেন আউল আঁতৰা নাই সমষ্টিকেইটাৰ পৰা।

কংগ্ৰেছে বৰ্তমানলৈকে প্ৰাৰ্থীত্ব থিৰাং কৰিব নোৱাৰা সমষ্টি কেইটা ক্ৰমে গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ। অগপইয়ো ধুবুৰী আৰু বৰপেটাত ঘোষণা কৰিব পৰা নাই প্ৰাৰ্থীৰ নাম।

আনহাতে, কেতিয়াবাই ঘোষিত হোৱা গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কুইন ওজাই কংগ্ৰেছৰ প্ৰাৰ্থী থিৰাং নোহোৱাটো এক ‘সুযোগ’ হিচাপে গ্ৰহণ কৰি ব্যাপকৰূপত প্ৰচাৰ কৰিছে সমষ্টিটোৰ চুকে-কোণে গৈ। তাৰ সমান্তৰালকৈ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাইয়ো চল চাই চাপৰি বজাই নিজৰ প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে।

তাৰ বিপৰীতে কংগ্ৰেছৰ গুৱাহাটী লোকসভা সমষ্টিত যেন প্ৰচাৰৰ গতি একেবাৰে স্তব্ধ হৈ পৰিছে। কিয়নো এই সমষ্টিক লৈ কংগ্ৰেছৰ উচ্চস্তৰীয় নেতৃত্বৰ ‘কাক ধৰো, কাক এৰো’ অৱস্থা। গুৱাহাটী লোকসভা সমষ্টিটোত এবাৰ ৰমেন বৰঠাকুৰ, এবাৰ ৰবীন বৰদলৈৰ নাম চূড়ান্ত বুলি ওলোৱাৰ পিছতো কোনো এজনৰ নামেই নিশ্চিত খবৰ হৈ অহা নাই। তাৰ মাজতে দিল্লীত শীৰ্ষ নেতৃত্বৰে কিৰিপ চলিহাৰ যোগাযোগৰ খবৰেও কাণ ফুৰি গ’ল ৰাজ্যৰ ৰাজনৈতিক মহলৰ।

শেহতীয়াকৈ গুৱাহাটীত বিজেপিয়ে প্ৰাৰ্থীত্ব প্ৰদানৰ ক্ষেত্ৰত মহিলাক অগ্ৰাধিকাৰ দিয়াক লৈ পুনৰ এবাৰ দৃশ্যপট সলনি হ’ল কংগ্ৰেছৰ। হাই কামাণ্ডৰ চকুত নহা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা ববিতা শৰ্মাৰ নাম শেহতীয়াকৈ বাছনিৰ চালনিত উঠিছিল বুলি এক উচ্চস্তৰীয় সুত্ৰই জনাইছিল।

আনহাতে, বৰপেটা লোকসভা সমষ্টিৰ পৰা বৰ্তমানৰ বিধায়ক আব্দুল খালেক আৰু কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান প্ৰাৰ্থীত্বৰ দাবীদাৰ যদিও বৰ্তমানলৈকে গৱেষণা চলাই আছে দুয়োজনক লৈ। ইপিনে, বৰপেটাৰ পৰা জনিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে এ আই য়ু ডি এফে।

ঠিক সেইদৰে ধুবুৰীটো কংগ্ৰেছে বৰ্তমানলৈকে থিৰাং কৰিব পৰা নাই প্ৰাৰ্থী। অৱশ্যে দক্ষিণ শালমৰাৰ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ নাম সমষ্টিটোত কংগ্ৰেছৰ পৰা প্ৰাৰ্থীত্ব লাভৰ পূৰ্ণ সম্ভাৱনা থকা বুলি এক সুত্ৰই দাবী কৰিছে। কিন্তু সঘনাই সলনি হোৱা ৰাজনৈতিক দৃশ্যপটে তেওঁৰ নাম সলনি হ’বও পাৰে বুলি একাংশৰ সন্দেহ হৈছে।

ইপিনে, কোকৰাঝাৰ সমষ্টিত অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্ম আৰু অবড়োসকলৰ সাংসদ নৱ শৰণীয়াক ৰুধিবৰ বাবে কাক থিয় কৰাব তাক লৈও যেন অন্ধকাৰ আঁতৰা নাই কংগ্ৰেছৰ ভিতৰছোৱাত। সমষ্টিটোৰ প্ৰাৰ্থীত্ব নিৰ্বাচনত এতিয়াও জল্পনা-কল্পনাই আবৰি থকা ছবিখনেই প্ৰতিফলিত হৈছে। সমষ্টিটোৰ প্ৰাৰ্থীত্বৰ দাবীদাৰ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন অগপ নেতা দূৰ্গাদাস বড়ো আৰু শব্দৰাভা দুয়োজনকে লৈ এতিয়া গভীৰভাৱে গৱেষণাত ব্যস্ত হৈ পৰিছে কংগ্ৰেছৰ হাই কামাণ্ড।

তদুপৰি টিকট প্ৰত্যাশীসকলক আন্ধাৰত ৰাখি অহা ২৯ মাৰ্চলৈকে উক্ত সমষ্টিকেইটাত তালিকা প্ৰকাশ নকৰে বুলি দলটোৰ আন এক সুত্ৰই কয়।

কংগ্ৰেছৰ দৰেই মাত্ৰ তিনিটা সমষ্টিতে যেন প্ৰাৰ্থী দিওঁতে আউল লাগিছে অসম গণ পৰিষদৰ। আজি বাকী ৰোৱা দুটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ কথা আছিল যদিও বৰ্তমানো কাক প্ৰাৰ্থীত্ব দিব তাক লৈ নিশ্চিত হোৱা নাই দলটো। দলটোৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক তথা সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কাইলৈ দুই সমষ্টিত প্ৰাৰ্থীত্ব দিয়াক কেন্দ্ৰ কৰি পুনৰ ১০ বজাৰ পৰা বৈঠক অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে। বৈঠকৰ অন্তত সমষ্টি দুটাৰ পৰা প্ৰাৰ্থীত্ব ঘোষণা কৰিব নে নকৰে, তাক লৈয়ো নিশ্চয়তা দিব নোৱাৰিলে বিধায়কজনে।

উল্লেখ্য যে, বৰপেটা লোকসভা সমষ্টিটোৰ বাবে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস নে প্ৰাক্তন বিধায়ক ভূপেন ৰায় উপযুক্ত প্ৰাৰ্থী হ’ব সেই সম্পৰ্কে বৰ্তমানলৈকে অনিশ্চয়তাত অগপ নেতৃত্ব। লগতে যোৱা বছৰ মাৰ্চ মাহত দলটোত যোগদান কৰা মানকাচাৰৰ প্ৰাক্তন বিধায়ক জাভেদ ইছলামক বাদ কৰি অন্য কোনো প্ৰাৰ্থীৰ নাম চৰ্চালৈ অহা নাই যদিও বৰ্তমানো প্ৰাৰ্থীজনৰ নাম চুড়ান্ত ঘোষণা কৰিব পৰা নাই অসম গণ পৰিষদে।

ওপৰোক্ত সমষ্টিকেইটাক লৈ যেন ৰাজনৈতিক সমীকৰণ নিমিলা হৈছে দল দুটাৰ। ইপিনে, অহা ৪ এপ্ৰিলৰ দিনা তৃতীয় পৰ্য্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিন।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

August 21, 2025 9:30 pm
ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

August 21, 2025 8:49 pm
ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

August 21, 2025 7:25 pm
অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

August 21, 2025 6:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

August 21, 2025 9:30 pm
ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

August 21, 2025 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd