NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট শিক্ষাবিদ, সাংবাদিক প্ৰফুল্ল ৰাজগুৰুৰ দেহাৱসান

Posted by: এন ই নাও নিউজ March 27, 2019 12:13 pm
Prafulla Rajguru

যোৰহাটৰ বিশিষ্ট ব্যক্তি, শিক্ষাবিদ, সাংবাদিক, যোৰহাট প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি প্ৰফুল্ল ৰাজগুৰুৰ আজি দেহাৱসান ঘটে। জানিব পৰা মতে আজি পুৱা প্ৰায় ৪.৩০ বজাত যোৰহাটৰ মিশ্যন হাস্পতালত বিশিষ্ট সংবাদিকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ।

বিশিষ্ট সাংবাদিকগৰাকীৰ মৃত্যুৰ খবৰ যোৰহাটত বিয়পি পৰাৰ লগে লগে তেওঁক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে হাস্পতালৰ লগতে তেওঁৰ যোৰহাটস্থিত বাসগৃহত গুণমুগ্ধসকলে ভিৰ কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে যোৰহাটৰ ডি চি বি গাৰ্লচ কলেজৰ ইংৰাজী বিভাগৰ মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰা শিক্ষাবিদগৰাকীয়ে আমাৰ অসম কাকতৰ প্ৰাক্তন আবাসীক সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

বিশিষ্ট সাংবাদিকগৰাকীৰ মৃত্যুৰ খবৰে সকলোকে মৰ্মাহত কৰাৰ লগতে তেওঁৰ এই মৃত্যু ৰাজ্যখনৰ শিক্ষা, সাহিত্য তথা সংবাদ জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি বহুতে অভিহিত কৰিছে।

ইফালে যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে বিশিষ্ট সাংবাদিকগৰাকীৰ মৃত্যু যোৰহাট তথা অসমীয়া সমাজৰ বাবে এক বৃহৎ ক্ষতি বুলি মন্তব্য কৰি গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

ইয়াৰ উপৰি যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই আৰু বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়েও বিশিষ্ট ব্যক্তিগৰাকীৰ মৃত্যু অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰাৰ লগতে গভীৰ শোক প্ৰকাশ কৰে।