• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছৰ এ আই য়ু ডি এফৰ মিত্ৰতাৰ বিৰোধিতা : দলীয় দায়িত্বৰ পৰা অব্যাহতি ল’লে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক বিভূতি ভূষণ বৰঠাকুৰে

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
March 27, 2019 8:31 pm
বিভূতি ভূষণ বৰঠাকুৰ। উৎস-ইণ্টাৰনেট

বিভূতি ভূষণ বৰঠাকুৰ। উৎস-ইণ্টাৰনেট

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ ৰাজনীতিত নিৰ্বাচন কেন্দ্ৰীক গৰম বতাহ বলি থকাৰ মাজতেই কংগ্ৰেছ আৰু এ আই য়ু ডি এফৰ মাজত এক গোপন বুজাবুজি হোৱাৰ অভিযোগ আনিছিল বিজেপিয়ে। এতিয়া সেই অভিযোগকেই সত্য হোৱাৰ দিশত ঠেলি দিলে খোদ কংগ্ৰেছ দলৰে এজন নেতাই।

কংগ্ৰেছে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই য়ু ডি এফৰ সৈতে গোপনে মিত্ৰতা কৰাৰ অভিযোগ আনি নিজৰ দায়িত্বৰ পৰা অব্যাহতি ল’লে অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সম্পাদক বিভূতি ভূষণ বৰঠাকুৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিতি উপৰিও লোক সভা নিৰ্বাচনৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিতিয়ে গঠন কৰি দিয়া মিডিয়া কোষৰ সমন্বয়ৰক্ষী কমিতিৰ সম্পাদকৰ দায়িত্বত আছিল বৰঠাকুৰ।

Apply Now

বিগত ২৬ মাৰ্চত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰালৈ পত্ৰ প্ৰেৰণ কৰি দুয়োটা দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰে কংগ্ৰেছৰ নেতাগৰাকীয়ে।পত্ৰখনত তেওঁ স্পষ্ট ৰূপত এ আই য়ু ডি এফৰ সৈতে কংগ্ৰেছৰ গোপন মিত্ৰতাৰ কথা উল্লেখ কৰি মিত্ৰতাৰ বিৰোধিতা কৰে।

‘২০১৯ৰ লোকসভা নিৰ্বাচনৰ বাবে এ আই য়ু ডি এফৰ সৈতে গোপন মিতিৰালিৰে অসম প্ৰদেশ কংগ্ৰেছ কমিতিয়ে মূল্যবোধৰ পৰা আঁতৰি গৈছে আৰু এই মিত্ৰতাই মানুহৰ মনত দলটোৰ প্ৰতি ঋণাত্মক প্ৰভাৱ পেলাব বুলি বৰঠাকুৰে পত্ৰখনত উল্লেখ কৰে। দলটোৰ বৰ্তমানৰ কাম-কাজৰ প্ৰতিও তেওঁ অসন্তুষ্টি ব্যক্ত কৰে। আনহাতে, বৰ্তমানৰ কংগ্ৰেছ দলত ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ আদৰ্শৰো অভাৱ ঘটা অনুভৱ কৰা বুলি তেওঁ পত্ৰখনত উল্লেখ কৰে।

ৰিপুন বৰালৈ প্ৰেৰণ কৰা পত্ৰখন

অসম প্ৰদেশ কংগ্ৰেছৰ বেছিভাগ নেতাই এতিয়া ব্যক্তিগত স্বাৰ্থসিদ্ধিতহে গুৰুত্ব দি থাকে বুলিও পত্ৰযোগে বিস্ফোৰক মন্তব্য কৰে বৰঠাকুৰে।

উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা কংগ্ৰেছ আৰু এ আই য়ু ডি এফৰ মাজত নিৰ্বাচনৰ আসনক লৈ এক গোপন বুজাবুজি চলি থকাৰ বিষয়ে চৰ্চা হৈ আছিল। ২৫ মাৰ্চত এ আই য়ু ডি এফে ধুবুৰী, বৰপেটা আৰু কৰিমগঞ্জৰ বাদে আন সমষ্টিসমুহত প্ৰাৰ্থীত্ব নিদিয়ে বুলি ঘোষণা কৰাৰ পাছতে দল দুটাৰ মাজত থকা গোপন মিত্ৰতাক কথাটোৱে অধিক চৰ্চা লাভ কৰে। এই অভিযোগ-প্ৰতিঅভিযোগৰ সময়ত স্বয়ং কংগ্ৰেছৰ ভিতৰচৰাত এনে অভিযোগ উত্থাপিত হোৱা বিষয়টো যথেষ্ট তাৎপৰ্য বহন কৰিছে।

আনহাতে, প্ৰদেশ কংগ্ৰেছৰ এটা সূত্ৰই বিভূতি ভূষণ বৰঠাকুৰৰ এই দাবীক নস্যাত কৰি দলৰ সভাপতি ৰিপুন বৰাৰ প্ৰতি থকা বৰঠাকুৰৰ ব্যক্তিগত আক্ষেপৰ বাবেহে তেওঁ পদ দুটাৰ পৰা অব্যাহতি লোৱা বুলি কয়। এ আই য়ু ডি এফৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা হোৱা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি সূত্ৰটোৱে দাবী কৰে।

দায়িত্বৰ পৰা অব্যাহতি ল’লেও বৰঠাকুৰে নগাঁৱত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈৰ হৈ প্ৰচাৰ চলাই যাব বুলিও সূত্ৰটোৱে দাবী কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd