• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাত নে হাতী, কলিয়াবৰত কোনে মাৰিব শেষ হাঁহি?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
March 27, 2019 8:23 pm
Gaurav Gogoi

গৌৰৱ গগৈৰ মনোনয়ন দাখিলৰ ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তুংগত উঠিছে ১১ এপ্ৰিলত প্ৰথম পৰ্যায়তে নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া কলিয়াবৰ লোকসভা সমষ্টিৰ প্ৰচাৰ অভিযান। মুঠ ৬জনকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সমষ্টিটোত এইবাৰ ভোটযুদ্ধ অতি আকৰ্ষণীয় হোৱাৰ সম্ভাৱনাই দেখা দিছে।

কলিয়াবৰ সমষ্টিত এইবাৰ নিৰ্দলীয় আৰু নতুন ৰাজনৈতিক দলকে ধৰি বহুকেইজন প্ৰাৰ্থী থাকিলেও মূল প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছৰ গৌৰৱ গগৈ আৰু অগপৰ মণিমাধৱ মহন্তৰ মাজতেই যে সেয়া স্পষ্ট। কিন্তু এই দুই শক্তিশালী নেতাৰ কোনো এজনৰ বাবেই এইবাৰ পথ মসৃণ নহয় কলিয়াবৰত।

যোৱা তিনিটা দশকত মাজৰ মাত্ৰ এটা কাৰ্যকালৰ বাদে এই সমষ্টিটো আছে গগৈ পৰিয়ালৰ হাতত। ১৯৯১ চনৰ পৰা কলিয়াবৰৰ সাংসদ হৈ আহিছে ক্ৰমে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, তেওঁৰ ভাতৃ দীপ গগৈ আৰু বৰ্তমান পুত্ৰ গৌৰৱ গগৈ। কিন্তু গগৈ পৰিয়ালৰ অভেদ্য দুৰ্গ হিচাপে খ্যাত কলিয়াবৰ সমষ্টিত এইবাৰ কংগ্ৰেছৰ সন্মান অক্ষুন্ন থাকিবনে?

বিগত ২০১৪ চনৰ নিৰ্বাচনত সংসদীয় সমষ্টিটোত গোলাঘাট জিলাৰ ভিতৰত বিজেপিৰ প্ৰতি সমৰ্থন আছিল যথেষ্ট। কিন্তু সমষ্টিটোৰ নগাওঁ জিলাৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহত কংগ্ৰেছে অধিকাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছিল।

তেনে প্ৰেক্ষাপটলৈ চালে এইবাৰ কলিয়াবৰত এ আই ইউ ডি এফৰ প্ৰাৰ্থী নথকাটো কংগ্ৰেছৰ বাবে ভাল খবৰ যদিও পথ মুকলি হৈ থকা বুলি ক’ব নোৱাৰি। কাৰণ কলিয়াবৰত এইবাৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে দুজন সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰাৰ্থীয়ে। কংগ্ৰেছ আৰু অগপৰ বিপৰীতে নেচনেল পিপলচ পাৰ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজ আৰু অসম জন মৰ্চাৰ পৰা হাৰিকুল ইচলাম বৰভূঞাই।

সমষ্টিটোৰ এন পি পি আৰু অসম জন মৰ্চাৰ এই দুই প্ৰাৰ্থীয়ে ক্ৰমে ৰূপহীহাট আৰু ধিং সমষ্টিৰ উপৰিও নগাওঁ জিলাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ ভোট বিভাজন ঘটোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ এন পি পিৰ প্ৰাৰ্থী তথা প্ৰবীণ আঞ্চলিকতাবাদী নেতা আব্দুল আজিজে নাগৰিকত্ব সংশোধনী বিধেয়কবিৰোধী যথেষ্ট ভোট লাভ কৰিব পাৰে, যিয়ে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ ক্ষতি কৰিব।

কিন্তু একেধৰণৰ আশংকাৰ পৰা মুক্ত নহয় অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তও। মহন্তৰ সন্মুখত বাধাৰ সৃষ্টি কৰিব কেইবাটাও কাৰকে।

সমষ্টিটোত অগপৰ প্ৰাৰ্থীগৰাকীৰ বাবে সমস্যা হিচাপে থিয় দিব পাৰে নিৰ্দলীয় প্ৰাৰ্থী জিতেন গগৈ। বোকাখাত সমষ্টিৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ বিগত সময়ৰ মূল প্ৰতিদ্বন্দ্বী অগপৰ সভাপতি অতুল বৰা। গতিকে বোকাখাতকে ধৰি গোলাঘাট জিলা বিভিন্ন অঞ্চলত অগপৰ প্ৰত্যাহ্বান হিচাপে থিয় দিব পাৰে জিতেন গগৈ।

একেদৰে, হিন্দুস্থান নিৰ্মাণ দলেও অগপ-বিজেপি মিত্ৰজোঁটৰ ভোট কিছু বিভাজন ঘটোৱাৰ সম্ভাৱনা আছে। তাৰোপৰি কলিয়াবৰ সমষ্টিৰ বহু বিজেপি আৰু আৰ এছ এছৰ সদস্য সমষ্টিটো অগপক এৰি দিয়া বাবে সন্তুষ্ট নহয় বুলি আৰ এছ এছৰ এটা সূত্রই প্ৰকাশ কৰিছে। ইয়ো অগপৰ প্ৰাৰ্থীজনৰ বাবে এক সমস্যা হ’ব পাৰে।

মুঠৰ ওপৰত সমষ্টিটোৰ দুই প্ৰাধান ৰাজনৈতিক শক্তিৰ কোনো এটাৰেই দিল্লী যাত্ৰা নিষ্কণ্টক নহয়। গতিকে কোনে শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ব সেয়া সময়তহে স্পষ্ট হ’ব।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

August 18, 2025 9:30 pm
বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

August 18, 2025 8:50 pm
সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

August 18, 2025 8:17 pm
কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

August 18, 2025 7:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

August 18, 2025 9:30 pm
বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

August 18, 2025 8:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd