• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এ আই য়ু ডি এফ নাথাকিলে বিজেপিয়ে অসমত নিৰ্বাচন জিকিব নোৱাৰে : কংগ্ৰেছ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
March 29, 2019 10:20 pm
APCC Press Meet

ৰাজীৱ ভৱনত সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ কিশোৰ কুমাৰ ভট্টাচাৰ্য। বাওঁফালৰজন।

471
VIEWS
Share on FacebookShare on Twitter

লোক সভা নিৰ্বাচন অগপ, বিজেপি আৰু বিপিএফে অসমত মিত্ৰতাৰে অৱতীৰ্ণ হোৱাৰ বিপৰীতে বিৰোধী দল হৈয়ো ১৪টা সমষ্টিত এককভাৱে নিৰ্বাচনী যুঁজত নামিছে কংগ্ৰেছ। মাত্ৰ তিনিটা সমষ্টিতেই প্ৰাৰ্খী আগ বঢ়াই হাত দাঙিলে এ আই য়ু ডি এফে।

কিন্তু এ আই য়ু ডি এফে মাত্ৰ তিনিটা সমষ্টিৰ বাবে প্ৰাৰ্থী দি বাকীকেইটা সমষ্টি এৰি দিয়া কথাটোৰ আধাৰতে বিজেপি-অগপই কংগ্ৰেছ-এ আই য়ু ডি এফৰ মাজত গোপনে মিত্ৰতা হোৱা বুলি যি প্ৰচাৰ চলাইছিল আজি সেয়া স্বতঃসিদ্ধভাৱে অসত্য প্ৰমাণ হয়।

কংগ্ৰেছে আজি এ আই য়ু ডি এফে নিৰ্বাচন খেলিবলৈ সিদ্ধান্ত কৰা সমষ্টিকেইটাতো শক্তিশালী প্ৰাৰ্থী দি বিজেপি-অগপৰ মুখত এক প্ৰকাৰৰ ছাই সানিলে। কংগ্ৰেছে বদৰুদ্দিন নেতৃত্বাধীন দলটোৰ বিৰুদ্ধে শক্তিশালী প্ৰাৰ্থী দি প্ৰমাণ কৰিলে যে তেওঁলোকৰ মাজত কোনো বুজাবুজি হোৱা নাই।

আজি বাকী থকা চাৰিটা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ পাছতেই বিজেপিৰ এই অভিযোগক ভিত্তিহীন আখ্যা দি উভতি ধৰে প্ৰদেশ কংগ্ৰেছে।

প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ কিশোৰ কুমাৰ ভট্টাচাৰ্যই ৰাজীৱ ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰি এয়া বিজেপিৰ এক অপপ্ৰচাৰ বুলি মন্তব্য কৰে।

“বিজেপিয়ে এনেধৰণৰ অপপ্ৰচাৰ চলোৱাৰ বিপৰীতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া প্ৰতিশ্ৰুতি যোৱা পাঁচ বছৰত কিমানখিনি পূৰণ কৰিলে তাৰ খতিয়ান দাঙি ধৰক”, বিজেপিলৈ প্ৰত্যাহ্বান জনাই মুখপাত্ৰজনে কয়।

অভিযোগ কৰে যে মূল ইচ্ছ্যুবোৰৰ পৰা মানুহৰ মনোযোগ আঁতৰাই নিবৰ বাবেহে বিজেপিয়ে এনেধৰণৰ কূট-কৌশলৰ আশ্ৰয় লৈছে।

“আজমল চাহাবৰ স্ক্ৰিপ্ট বিজেপিৰ কাৰ্যালয়ত লিখে”, কংগ্ৰেছ মুখপাত্ৰগৰাকীয়ে কয়।

ইয়াৰ উপৰি এ আই য়ু ডি এফ নাথাকিলে বিজেপিয়ে অসমত নিৰ্বাচন জিকিব নোৱাৰে বুলি মন্তব্য কৰি ভট্টাচাৰ্যই কয়, “সেয়ে মৰিব ওলোৱা এ আই য়ু ডি এফক বিজেপিয়ে চেলাইন দি জীয়াই ৰাখিব বিচাৰে”।

অসমত কংগ্ৰেছে আটাইকেইটা সমষ্টিতেই যোগ্য আৰু দক্ষ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিয়া বুলিও কিশোৰ কুমাৰ ভট্টাচাৰ্যই দাবী কৰে। ইয়াৰ আঁৰৰ কাৰণ ব্যাখ্যা কৰি তেওঁ কয় যে দিল্লীলৈ গৈ সংসদত অসমৰ হৈ মাত মাতিব পৰা সাংসদহে দলটোৱে পঠিয়াব বিচাৰে।

আনহাতে, কেৱল ক্ষমতালিপ্সাৰ বাবেহে অগপই বিজেপিৰ সৈতে মিত্ৰতা কৰিছে বুলি আঞ্চলিক দলটোক কটাক্ষ কৰে।

Recent News

‘অপাৰেচন সিন্দূৰ’ক ৰাজনীতিকৰণৰ অভিযোগ কংগ্ৰেছেৰ!

‘অপাৰেচন সিন্দূৰ’ক ৰাজনীতিকৰণৰ অভিযোগ কংগ্ৰেছেৰ!

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd