• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টিকটৰ বাবত টকা লোৱা নাই বুলি ভগৱানৰ নামত শপত খালে ৰিপুণ বৰাই

“১০০ দিন বাদেই, ৫ বছৰতো কিয় নহ’ল জনজাতিকৰণ?”

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 31, 2019 6:23 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা অসম কংগ্ৰেছৰ একাধিক নেতাই দলীয় নেতৃত্বৰ ওপৰত বিষোদগাৰ কৰি টিকটক কেন্দ্ৰ কৰি ধনৰ লেনদেন হোৱাৰ অভিযোগ তুলিছিল দুগৰাকী জ্যেষ্ঠ কংগ্ৰেছীয়ে।
দেওবাৰে গুৱাহাটীৰ হোটেল ৰিভিয়াৰাত সম্বোধন কৰা এখন সংবাদমেলত এই অভিযোগ সম্পূৰ্ণৰূপে ভিত্তিহীন বুলি দাবী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। আনকি ভগৱানৰ নামত শপত খায়ো তেওঁ এই কথাৰ অস্বীকাৰ কৰে।

“মই ভগৱানৰ নামত শপত খাই কৈছো যদি কোনোবাই টকা লৈ টিকট দিয়াৰ প্ৰমাণ দিব পাৰে তেন্তে তাৰ দায়িত্ব মই ল’ম”, সংবাদমেলত এইদৰে অভিযোগ অনাসকলক প্ৰত্যাহ্বান ৰিপুণ বৰাৰ। বৰাৰ মতে টিকট নাপাই ক্ষুভিত হৈ অভিযোগকাৰীসকলে এইদৰে কৈছে।

Apply Now

ইপিনে, “আমিতো সকলোকে টিকট দিব নোৱাৰো” বুলি মন্তব্য কৰি বৰাই প্ৰশ্ন কৰি কয়, “সুস্মিতা দেবে টকা দি টিকট ল’ব নেকি? প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, ভুৱনেশ্বৰ কলিতাই টকা দি টিকট ল’ব নেকি?”
বৰাই আৰু কয়, “বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী আব্দুল খালেক এজন বিধায়ক, তেওঁ টকা দি টিকট ক্ৰয় কৰিব নেকি? টিকট দিয়াৰ ক্ষেত্ৰত ভালতকৈয়ো ভাল প্ৰাৰ্থী চাইছো।”

তদুপৰি, টিকট দিয়াৰ কিছুমান ক্ৰাইটেৰিয়া (দৰকাৰী চৰ্ত) থাকে বুলি উল্লেখ কৰি বৰাই কয় যে জিকাৰ সম্ভাৱনা থকা প্ৰাৰ্থীক বেছিকৈ গুৰুত্ব দিয়া হৈছে।

“জিকাৰ কিমান সম্ভাৱনা আছে সেইটো পৰ্য্যবেক্ষণ কৰিহে টিকট দিব লগীয়া হৈছে। নিশ্চিতভাৱে ২০জনে টিকট বিচাৰিলে ১৯জন বঞ্চিত হ’বই।”

আনহাতে, কলিয়াবৰ আৰু ধুবুৰীৰ আসনকেইখনক লৈ এ আই য়ু ডি এফৰ সৈতে গোপন বুজাবুজি হোৱা বুলি ৰাজনৈতিক মহলত চৰ্চিত হৈছে যদিও এই কথা সম্পূৰ্ণৰূপে নাকচ কৰে সভাপতি বৰাই।

“কেনেকৈ বুজাবুজি হ’ল বুজাই দিয়াটো ভাল। ধুবুৰী লোকসভা সমষ্টিত ভাল প্ৰাৰ্থী দিছো, শক্তিশালী প্ৰাৰ্থী। বেপাৰী এজন প্ৰাক্তন বিধায়ক, প্ৰাক্তন সংসদীয় সচিব। আৱেদনকাৰীসকলৰ মাজত তেৱেঁই আছিল আটাইতকৈ যোগ্য প্ৰাৰ্থী।” বৰাই এইদৰে কয়।

তদুপৰি সেই একেখন সংবাদমেলতে কালি মোদীৰ অসম ভ্ৰমণক কেন্দ্ৰ কৰি কটাক্ষ কৰে ৰিপুণ বৰাই।
“প্ৰধানমন্ত্ৰীৰ ভাষণত অসমৰ বাবে আশা আৰু নতুনত্ব একো নাই ৷ ৫ বছৰত কিমান বিদেশী খেদিলে মোডীয়ে হিচাপ দিবনে? নিৰ্বাচনী সভাত তেওঁ বিদেশীৰ প্ৰসংগত কিয় টু শব্দ এটাও নক’লে?” একেখিনি কথাৰে পুনৰবাৰ অসমৰ জনসাধাৰণক আভুৱা ভঁৰা বুলি মন্তব্য কৰি বৰাই এইদৰে কয়।

ইপিনে, বিগত লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত প্ৰধান মন্ত্ৰীয়ে ১০০ দিনৰ ভিতৰত ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি দিয়া প্ৰতিশ্ৰুতি উনুকিয়াই দি বৰাই প্ৰশ্ন কৰি কয়, “১০০ দিন বাদেই, ৫ বছৰতো কিয় নহ’ল জনজাতিকৰণ?”

তদুপৰি, চাহ শ্ৰমিককো মোদী চৰকাৰে বঞ্চনা কৰিছে বুলি অভিযোগ কৰি বৰাই কয়, “শ্ৰমিকৰ মজুৰি আজিও ৩৫০ টকা নহ’ল, ৫০০টকাৰ চীনত নিৰ্মিত মোবাইল দিলেই শ্ৰমিকৰ উন্নয়ন নুবুজায়।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am
সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

June 15, 2026 9:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd