• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছ-বিজেপিৰ সৈতে সম্পৰ্ক থকা ৭০০-ৰো অধিক পেইজ, একাউণ্ট ডিলিট কৰিলে ফেইচবুকে

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
April 2, 2019 9:35 am
FaceBook Remove Pages and Accounts

প্ৰতিনিধিত্বমূলক ফটো।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক নিৰ্বাচনৰ পৃষ্ঠভূমিত ভাৰতৰ ৰাজনীতিক প্ৰভাৱিত কৰাৰ পৰা ফেইচবুক প্লেটফ’ৰ্মক যথাসম্ভৱ দূৰত ৰখাৰ পন্থা হিচাপে ভাৰতৰ পৰা চালিত ৭০০ –ৰো অধিক পেইজ আৰু একাউণ্ট ডিলিট কৰিছে ফেইচবুক কৰ্তৃপক্ষই। এইবোৰ ডিলিট কৰা বুলি ঘোষণা কৰি এই পেইজ আৰু একাউণ্টবোৰ কংগ্ৰেছ আৰু বিজেপিৰ আই টি কোষৰ সৈতে সম্পৰ্কিত বুলি কোৱা হৈছে।

এইবোৰৰ ভিতৰত ৫৪৯টা একাউণ্ট আৰু ১৩৮টা পেইজ কংগ্ৰেছৰ সৈতে সম্পৰ্কিত আৰু এইবোৰক “পাৰস্পৰিক সম্পৰ্কযুক্ত তথা অবিশ্বাসযোগ্য আচৰণৰ” (coordinated inauthentic behavior) বুলি অভিহিত কৰিছে ফেইচবুক কৰ্তৃপক্ষই।

Apply Now

একেদৰে ফেইচবুক কৰ্তৃপক্ষই বিজেপিৰ সৈতে সম্পৰ্কিত বুলি জনাজাত আই টি সেৱা আগবঢ়োৱা ফাৰ্ম Silver Touch-অৰ সৈতে সম্পৰ্কিত কিছু সংখ্যক একাউণ্ট আৰু পেইজো ডিলিট কৰে। এইবোৰত অন্যান্য বিষয়বস্তুৰ লগতে বিজেপি বিষয়ক বিষয়বস্তু প্ৰকাশ কৰাৰ উপৰি গেৰুৱা দলটোৰ ৰাজনৈতিক শত্ৰুৰ ত্ৰুটি-বিচ্যুতি প্ৰকাশ কৰি আহিছে বুলি জানিবলৈ দিয়ে।

বিজেপিয়ে প্ৰমোট কৰা এটা এপৰ সৈতে সম্পৰ্ক থকা কিছু সংখ্যক একাউণ্টো ই ডিলিট কৰা বুলি দাবী কৰে।

“আমি আজি ডিলিট কৰা দুয়োটা প্ৰচাৰ অভিযানৰ মাজত কোনো সম্পৰ্ক বিচাৰি পোৱা নাই। কিন্তু দুয়োটাই বিভিন্ন একাউণ্টৰ একোখন জাল (নে’টৱৰ্ক) তৈয়াৰ কৰি আনক বিভ্ৰান্ত কৰাৰ একে ধৰণৰ কৌশল ব্যৱহাৰ কৰা দেখা গৈছে” (“We didn’t find any links between the campaigns we’ve removed today, but they used similar tactics by creating networks of accounts to mislead others,”), স্পষ্টীকৰণ বুলি গণ্য কৰিব পৰা এটা টোকাত ফেইচবুকৰ চাইবাৰ ছিকিউৰিটি নীতিৰ মুৰব্বী নাথানিয়েল গ্লেচিয়েৰে কয়।

গ্লেচিয়েৰে লগতে জনায়, ফেইচবুকে আচৰণ (বিহেভিয়ৰ)ৰ ভিত্তিতহে একাউণ্ট ডিলিট কৰে, ইয়াৰ বিষয়বস্তুৰ ভিত্তিত নহয়।

আজিৰ পদক্ষেপটো ভাৰতৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অঞ্চলটোত কৰা “অভ্যন্তৰীণ অনুসন্ধান”ৰ পিছত লোৱা হৈছে বুলিও তেওঁ স্পষ্ট কৰে।

ইপিনে ফেইচবুকৰ এই গুৰুত্বপূৰ্ণ ঘোষণাটোৰ পিছতে ভাবমূৰ্তিৰ ক্ষতি হোৱাৰ শংকাত ভোগা কংগ্ৰেছে দলটোৰ টুইটাৰ হেণ্ডেলত স্পষ্ট কৰিছে যে কংগ্ৰেছৰ দ্বাৰা চালিত কোনো অফিচিয়েল পেইজ বন্ধ হোৱা নাই। “লগতে আমাৰ ভেৰিফাইড ভলণ্টিয়াৰসকলৰ দ্বাৰা চালিত সকলো পেইজ অক্ষত আছে”, টুইটাৰ-স্পষ্টীকৰণটোত কোৱা হয়।

দলটোৱে ফেইচবুকৰ পৰা তেওঁলোকে বন্ধ কৰা বুলি দাবী কৰা পেইজ/একাউণ্টৰ তালিকা বিচাৰিছে আৰু এই সন্দৰ্ভত সঁহাৰি পাবলৈ বাট চাই আছে বুলিও কোৱা হৈছে।

This is to clarify no official pages run by INC have been taken down. Additionally, all pages run by our verified volunteers are also unaffected.

In the mean time, we are awaiting a response from Facebook to provide us a list of all pages/accounts that they have taken down.

— Congress (@INCIndia) April 1, 2019

The Quint (দ্দা কুইণ্ট) নামৰ এটা নিউজ প’ৰ্টেলে প্ৰকাশ কৰা মতে, বন্ধ কৰা কংগ্ৰেছৰ পেইজ/একাউণ্টবোৰৰ সৈতে প্ৰায় ২ লাখ একাউণ্টছৰ সম্পৰ্ক আছিল। বিজেপিৰ পেইজ/একাউণ্টবোৰৰ সৈতে সম্পৰ্ক আছিল প্ৰায় ২৬ লাখ একাউণ্টৰ।

একেটা প্ৰতিবেদনতে নিউজ প’ৰ্টেলটোৱে দাবী কৰিছে যে দেশৰ বৃহৎ আৰু প্ৰধান ৰাষ্ট্ৰীয় দল দুটাই ফেইচবুকত প্ৰকাশ কৰা দলৰ প্ৰচাৰমূলক বিজ্ঞাপনৰ মূল্য হ’ল : বিজেপি- প্ৰায় ৭০ হাজাৰ এমেৰিকান ডলাৰ আৰু কংগ্ৰেছ- প্ৰায় ৩৯ হাজাৰ এমেৰিকান ডলাৰ।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ভাৰতত ফেইচবুকৰ প্ৰায় ৩০ কোটি য়ুজাৰ আছে, যিটো বিশ্বৰ যিকোনো দেশৰ ক্ষেত্ৰতে সৰ্বাধিক। দুয়োটা দলেই এই য়ুজাৰসকলৰ মনত নিজৰ প্ৰভাৱ বৃদ্ধি কৰাৰ বাবে ছ’চিয়েল মিডিয়াক ব্যৱহাৰ কৰি আহিছে। অহা ১১ এপ্ৰিলৰ পৰা ২৯ এপ্ৰিলৰ ভিতৰত ভাৰতত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।

ফেইচবুক কৰ্তৃপক্ষৰ দাবী, তেওঁলোকে পাকিস্তানৰো কিছু সংখ্যক পেইজ আৰু একাউণ্ট বন্ধ কৰিছে। এইবোৰৰ বেছিভাগ পাকিস্তানৰ এটা মিলিটেৰি য়ুনিটত নিয়োজিত লোকৰ সৈতে সম্পৰ্কিত।

অলপতে ৰাছিয়া, ইৰান আৰু ফিলিপাইনছৰ ক্ষেত্ৰতো ফেইচবুক কৰ্তৃপক্ষই একে ধৰণৰ কিছুমান পদক্ষেপ লৈছিল।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd