• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাংসদ পুঁজিৰ আধা অংশই ব্যৱহাৰ কৰাত ব্যৰ্থ সাংসদ ৰামেশ্বৰ তেলী!

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
April 2, 2019 11:44 am
CUkKbr9VEAAbN1l-1-750x375

সাংসদ ৰামেশ্বৰ তেলী(বাওঁফালে)। ফটো : টুইটাৰৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আসন্ন লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে বৰ্তমানৰ সাংসদসকলৰ প্ৰদৰ্শন সম্পৰ্কীয় বাতৰিয়ে শিৰোণাম দখল কৰিছে।

তথ্য অনুসৰি, ডিব্ৰুগড়ৰ বৰ্তমানৰ বিজেপি সাংসদ তথা আগন্তুক লোকসভা নিৰ্বাচনৰো ডিব্ৰুগড় সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলীয়ে সংসদীয় সমষ্টিটেৰ উন্নয়নৰ বাবে নিৰ্দ্ধাৰিত তেওঁৰ সাংসদ পুঁজিৰ ধন ব্যয় কৰাত ব্যৰ্থ হৈছে।

Apply Now

জানিব পৰা মতে, পাঁচ বছৰত সমষ্টি উন্নয়নৰ বাবে এগৰাকী সাংসদে ২৫কোটি টকা লাভ কৰে যদিও তেলীৰ সাংসদ পুঁজিৰ ১২.৫০ কোটি টকা ব্যৱহাৰ নোহোৱাৰ বাবে উভতি যায়।

‘’সাংসদ ৰামেশ্বৰ তেলীয়ে পুঁজি ব্যৱহাৰ কৰিব নোৱাৰিলে আৰু ব্যৱহাৰ কৰিব নোৱাৰাৰ বাবে সেই পুঁজি ঘুৰি গ’ল তেওঁ ডিব্ৰুগড় সমষ্টিৰ উন্নয়নৰ বাবে একো নকৰিলে,’’-ডিব্ৰুগড়ৰ এগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতাই এইদৰে অভিযোগ কৰে।

২০১৪ চনৰ লোকসভা নিৰ্বাচনত ৰামেশ্বৰ তেলীয়ে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী পবন সিং ঘাটোৱাৰক ১,৮৫,৩৪৭ টা ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল।

বিজেপিৰ দলীয় সূত্ৰ অনুসৰি, বিজেপিৰ কৰ্মীসকল ৰামেশ্বৰ তেলীক লৈ অসন্তুষ্ট কিয়নো তেওঁ দলীয় কাৰ্যালয়ৰ দৈনন্দিন খৰচৰ বাবেও ধন ব্যয় নকৰে। এইবাৰ দলীয় কৰ্মীসকলৰ মাজত উৎসাহ-উদ্দীপনা হ্ৰাস পাইছে।

যোৱা শনিবাৰে মৰাণত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্বাচনী সভাত বিশাল জনসমাগম দেখা গৈছিল।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডিব্ৰুগড়ৰ বৰ্তমানৰ বিজেপি সাংসদ ৰামেশ্বৰ তেলী আৰু যোৰহাট সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈছিল।

ডিব্ৰুগড়ত নিৰ্বাচনত চাহ জনজাতি সম্প্ৰদায়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কিয়নো ডিব্ৰুগড় লোকসভা সমষ্টিত চাহ জনজাতি সম্প্ৰদায়ৰ চাৰি লাখ লোক আছে। ইয়াৰ পূৰ্বে ডিব্ৰুগড় কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত আছিল। কিন্তু ২০১৪ত বিজেপিয়ে প্ৰসিদ্ধ কংগ্ৰেছী নেতা পবন সিং ঘাটোৱাৰক উৎখাত কৰি চাহ জনগোষ্ঠীৰ মাজত ভেটি গঢ়িবলৈ সক্ষম হৈছিল।

‘’২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি ক্ষমতালৈ আহিলে চাহ বাগানৰ শ্ৰমিকৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও এতিয়ালৈকে বিজেপিয়ে শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ প্ৰসংগত একো নকৰিলে,’’-মাইজান চাহ বাগিচাৰ এজন শ্ৰমিক কমল তাঁতীয়ে কয়।

তাঁতীয়ে কয়,’’ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পবন সিং ঘাটোৱাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা পাঁচবাৰকৈ সাংসদ নিৰ্বাচিত হৈছিল যদিও তেওঁ চাহ সম্প্ৰদায়ৰ বাবে একো নকৰিলে। কোনোৱে আমাৰ বাবে নাভাৱে কিয়নো স্বাধীনতাৰ ইমান বছৰ পাছতো আনকি আমাৰ সম্প্ৰদায়টো পিছ পৰিয়েই থকিল।‘’

ডিব্ৰুগড় লোকসভা সমষ্টিত আঠগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে যদিও নিৰ্বাচনী যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ মাজতে সীমাবদ্ধ থাকিব।

বকেল চাহ বাগিচাৰ এগৰাকী ৫১ বছৰীয়া বিধৱা নিমা ৰবি দাসে কয়,’’ আমি উন্নয়নৰ পক্ষে ভোট দিম। আমি সেই দলকে ভোট দিম যিয়ে আমাৰ বাবে কাম কৰে। স্বাধীনতাৰ আগৰে পৰা আমাৰ পূৰ্বপুৰুষ ইয়াত বাস কৰিছিল কিন্তু উন্নয়নে এতিয়াও চুব পৰা নাই।‘’

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd