• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ শাসনত কি পৰিৱৰ্তন হ’ল অসমৰ চাহ বাগিচাৰ শিক্ষাত?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
April 2, 2019 10:24 pm
Representative-image-of-a-tea-garden-school.

প্ৰতীকী ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত নিৰ্বাচনত উজনি অসমৰ প্ৰায়বোৰ অঞ্চলতে চাহ জনগোষ্ঠীৰ লোকসকলে এক নিৰ্ণায়ক ভূমিকা পালন কৰে। কিন্তু জনগোষ্ঠীটোৰ শৈক্ষিক, সামাজিক আৰু অৰ্থনৈতিক উন্নয়ণৰ ক্ষেত্ৰত চৰকাৰে কিমান গুৰুত্ব দিছে সেই লৈ বিভিন্ন সময়ত প্ৰশ্ন উত্থাপিত হয়।

চাহ জনগোষ্ঠীৰ লোকৰ বসতিপ্ৰধান অঞ্চল বিশেষকৈ চাহ বাগিচাসমূহত শিক্ষা ব্যৱস্থা অতি পিচপৰি থকাৰ কথাটো উল্লখনীয়। কিন্তু এইক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা হাতত লৈছে সেয়া লক্ষণীয়।

অসম চৰকাৰে যোৱা বছৰ অসমৰ বাগিচাসমূহৰ বাবে ১০০খন উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰাৰ কথা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিছিল। কিন্তু এটা বিত্তীয় বৰ্ষ শেষ হোৱাৰ পাছতো এই পৰ্যন্ত এখনো উচ্চ মাধ্যমিক বিদ্যালয় ৰাজ্যৰ কোনো চাহ বাগিচাত স্থাপন নহ’ল।

বিগত বছৰৰ ২৯ জুনত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনতা ভৱনত এখন বৈঠকত এই ঘোষণা কৰিছিল। তেওঁ শিক্ষা বিভাগক এই কাম খৰতকীয়াভাৱে আগবঢ়াবলৈও নিৰ্দেশ দিছিল। চাহ বাগিচাৰ বিদ্যালয়সমূহত প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱত ছাত্ৰ-ছাত্ৰীসকল উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হৈ আহিছে বুলি উল্লেখ কৰি নতুনকৈ স্থাপন কৰিবলগীয়া বিদ্যালয়সমূহক ‘আদৰ্শ শিক্ষানুষ্ঠান’ হিচাপে গঢ় দিবলৈ বিভাগটোক নিৰ্দেশ দিছিল।

কিন্তু এতিয়ালৈকে এখনো বিদ্যালয় স্থাপন নোহোৱাত বিষয়টোক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছে বিৰোধী কংগ্ৰেছ। মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰছৰ উপ সভাপতি ভগীৰথ কৰণে এখন সংবাদমেল সম্বোধন কৰি কয়, ‘বিজেপি চৰকাৰৰ দিনত ৰাজ্যৰ চাহ বাগিচাৰ শিক্ষা ব্যৱস্থাই বিধ্বস্ত ৰূপ লৈছে। সৰ্বানন্দ সোণোৱাল চৰকাৰে বিদ্যালয় স্থাপন কৰা হ’ব বুলি ঢাক-ঢোল বজাই আছে যদিও প্ৰচাৰৰ বাহিৰে বাস্তৱত বাগিচাৰ শিক্ষাৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন নাহিল’।

ভগীৰথ কৰণে ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন বিভাগৰ তথ্যৰ উদ্ধৃতি দি ৰাজ্যৰ চাহ বাগিচা আৰু প্ৰাক্তন চাহ শ্ৰমিক বসতিপ্ৰধান অঞ্চলত মুঠ ১৯৮৩খন বিদ্যালয় আছে। ইয়াৰে মাত্ৰ ১০খন মধ্য ইংৰাজী আৰু মাত্ৰ দুখন উচ্চ মাধ্যমিক বিদ্যালয়।

একেটা তথ্যতে প্ৰকাশ পোৱা মতে ৰাজ্যৰ বাগিচাত কোম্পানিৰদ্বাৰা পৰিচালিত ৩৩খন বিদ্যালয় আৰু ১১৯খন অ-প্ৰাদেশিকৃত বিদ্যালয়ত এজন শিক্ষকেই পাঠদান কৰিব লাগে বুলিও ভগীৰথ কৰণে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে চাহ বাগিচাৰ ৭০ শতাংশ শিশুৱেই বিদ্যালয়লৈ যায় যদিও প্ৰায় ৫০ শতাংশই আধাতেই পঢ়িবলৈ এৰে।

ইপিনে, সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৱন বেদিয়ায়ো চাহ জনগোষ্ঠীৰ লোকৰ বসতিপ্ৰধান অঞ্চলসমূহত শিক্ষাৰ কোনো পৰিৱৰ্তন হোৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনৰ ঘোষণা কেৱল ঘোষণাই হৈ আছে।

অৱশ্যে বেদিয়াই লগতে কয় যে এই অঞ্চলসমূহত প্ৰাথমিক শিক্ষাৰ মানহে উন্নত কৰাৰ যথেষ্ট প্ৰয়োজন আছে। প্ৰাথমিক স্তৰৰ শিক্ষানুষ্ঠানসমূহত আন্তঃগাঁথনিৰ অভাৱ দূৰ কৰাৰ ক্ষেত্ৰতো চৰকাৰৰ ভূমিকা সন্তোষজনক নহয় বুলিও তেওঁ মন্তব্য কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এপষ্টেইনৰ ঘটনাত ‘নিউয়ৰ্ক টাইমছ’ৰ বিৰুদ্ধে ১ লাখ কোটি টকাৰ গোচৰ ড’নাল্ড ট্ৰাম্পৰ

এপষ্টেইনৰ ঘটনাত ‘নিউয়ৰ্ক টাইমছ’ৰ বিৰুদ্ধে ১ লাখ কোটি টকাৰ গোচৰ ড’নাল্ড ট্ৰাম্পৰ

September 16, 2025 3:21 pm
ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

September 16, 2025 1:34 pm
সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

September 16, 2025 1:19 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু চিতাৰ; তিনি বছৰৰ ভিতৰত প্ৰথম এনে ঘটনা

কুনো ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু চিতাৰ; তিনি বছৰৰ ভিতৰত প্ৰথম এনে ঘটনা

September 16, 2025 12:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এপষ্টেইনৰ ঘটনাত ‘নিউয়ৰ্ক টাইমছ’ৰ বিৰুদ্ধে ১ লাখ কোটি টকাৰ গোচৰ ড’নাল্ড ট্ৰাম্পৰ

এপষ্টেইনৰ ঘটনাত ‘নিউয়ৰ্ক টাইমছ’ৰ বিৰুদ্ধে ১ লাখ কোটি টকাৰ গোচৰ ড’নাল্ড ট্ৰাম্পৰ

September 16, 2025 3:21 pm
ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

September 16, 2025 1:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd