শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ নামদাং কলিতা গাঁও নিবাসী ৰূপেশ্বৰ দাসৰ কনিষ্ঠ পুত্ৰ চিন্তু দাস (২৩)ৰ গুজৰাটৰ আহমেদাবাদত এক দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয়৷
ঘটনাৰ বিৱৰণি মতে আহমেদাবাদৰ এটা অ’এন জি চিৰ সম্পৰ্কীয় আকাশ নামৰ ব্যক্তিগত ৰিগত কৰ্মৰত অৱস্থাত যোৱা ১৩ মাৰ্চৰ নিশা প্ৰায় ৮ বজাত গেছৰ পাইপ ফাটি এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল৷এই দুৰ্ঘটনাত ৰিগটোত কৰ্মৰত ছয়জন যুৱকৰ মৃত্যু হোৱাৰ বিপৰীতে চিন্তু গুৰুতৰভাৱে আহত হৈছিল।
আহত চিন্তুক কোম্পানীটোৰ মালিক পক্ষই স্থানীয় ষ্টাৰলিং নামৰ এখন চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও চিকিৎসাধীন অৱস্থাতে ২এপ্ৰিলত যুৱকজনে মৃত্যুক সাবটি লয়৷ আজি পুৱা বিমানযোগে চিন্তুৰ মৃতদেহ ডিব্ৰুগড়লৈ আনি বিয়লি গৌৰীসাগৰস্থ নিজ গৃহলৈ আনে।
আনহাতে যোৰহাট লোকসভা সমষ্টিৰ মিত্ৰ দলৰ প্ৰাৰ্থী তথা মন্ত্ৰী তপন গগৈৰ অতি ঘনিষ্ঠ প্ৰাক্তন ছাত্ৰ নেতা পুলিন দাসৰ ভাতৃ তথা অমায়িক যুৱকজনৰ মৃত্যুত তপন গগৈৰ লগতে আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা আৰু বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে৷ মৃত্যুৰ সময়ত চিন্তুৱে পিতৃ-মাতৃ, দুই জ্যেষ্ঠ ভাতৃ, নবৌয়েক, এগৰাকী বায়েক আৰু বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে৷