আজি বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ “সংকল্প পত্ৰ” প্ৰকাশ পোৱাৰ পাছতে অখিল গগৈয়ে নিজৰ বাসগৃহত এখন সংবাদমেল দি কয় যে দেশ আৰু অসমীয়া জাতিক ভাল পোৱাসকলে বিজেপিক ভোট দিবলৈ নিশ্চয়কৈ কুণ্ঠাবোধ কৰিব। যদি কোনো অসমীয়াই বিজেপিক ভোট দিয়ে তেন্তে নিজৰ ভৰিত নিজেই কুঠাৰ মৰাৰ দৰে হ’ব।
“অসমীয়া জাতি আত্মঘাতী জাতি বুলি প্ৰমাণ হ’ব যদিহে বিজেপিৰ পক্ষত ভোট দিয়ে”, অখিল গগৈয়ে কয়।
বিজেপিয়ে ইস্তাহাৰত শাসনলৈ আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক অনা হ’বই বুলি স্পষ্ট আৰু দৃঢ়তাৰে উল্লেখ কৰাৰ পিছত গগৈয়ে“ এতিয়া অগপৰ স্থিতি কি হ’ব” বুলি প্ৰশ্ন কৰে।
“যদি অসমবাসী ৰাইজৰ লগত অগপ আছে, তেন্তে ২৪ ঘণ্টাৰ ভিতৰত ওলাই আহক বিজেপিৰ মিত্ৰজোঁটৰ পৰা”, আঞ্চলিক দলটোক অখিল গগৈৰ আহ্বান। বি পি এফকো একেই আহ্বান নেতাজনৰ।
আনপিনে আছুৰ ভূমিকাকো সমালোচনা কৰে কৃষক মুক্তিৰ নেতাজনে। আছুৱে বিজেপিক পোনপটীয়াকৈ ভোট নিদিবলৈ বৰ্তমানলৈকে কোৱা নাই বুলি উল্লেখ কৰি তেওঁ ছাত্ৰ সংগঠনটোক স্পষ্টকৈ বিজেপিক ভোট নিদিবলৈ ক’বলৈ আহ্বান জনায়। বিজেপি দলৰ বিৰুদ্ধে অৱস্থান লৈ বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ কৰিবলৈও আহ্বান জনাইছে নেতাজনে।
তেওঁ সকলো জাতীয় সংগঠনলৈ আহ্বান জনাই কয়, “অহা ১১ এপ্ৰিলৰ পৰা সকলো সমষ্টিতে জাতীয় দল-সংগঠন একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলাওঁ আহক, যাতে বিজেপি জয়ী হ’ব নোৱাৰে।”
বিজেপিয়ে ইস্তাহাৰত গোর্খাসকলৰ জনজাতিকৰণৰ কথা উল্লেখ কৰিছে যদিও ৬ জনগোষ্ঠীক জনজাতিকৰণৰ কথা উল্লেখ নকৰিলে। গগৈয়ে ইয়াক বিজেপিয়ে ৬ জনগোষ্ঠীক ৰামঠগন দিলে বুলি কয়। অৱশ্যে তেওঁ গোর্খাসকলক জনজাতিকৰণ কৰাৰ বিৰোধী নহয়, কিন্তু ৬ জনগোষ্ঠীক জনজাতিকৰণৰ কথা ইস্তাহাৰত প্ৰকাশ নোপোৱাটো দুৰ্ভাগ্যজনক বুলি কয়।
গগৈয়ে সংবাদমেলত নিৰ্বাচনী প্ৰচাৰৰ বাবে বিভিন্ন ঠাইত সভা-সমিতি কৰি ফুৰা মুখ্য মন্ত্ৰী, ৰঞ্জিত দাস আৰু হিমন্তৰ হেলিকপ্টাৰত তালাচী চলাবৰ বাবে ফ্লায়িং স্কোৱাডক আহ্বান জনায়। লগতে তেওঁ নিউজ লাইভ নামৰ ব্যক্তিগত খণ্ডৰ নিউজ চেনেলটো আৰু নিয়মীয়া বাৰ্তা নামৰ বাতৰিকাকতখনত প্ৰকাশিত পেইড নিউজ বন্ধ কৰিবলৈও দাবী কৰে।
ইপিনে ৰাজ্যত প্ৰথমবাৰৰ বাবে নিৰ্বাচনত নমা কনৰাড চাংমাৰ এন পি পিৰ ভূমিকাকো সন্দেহজনক বুলি কয় অখিল গগৈয়ে। তেওঁৰ মত, এন পি পিয়ে নাগৰিকত্ব সংশোধনী বিৰোধী ভোট ভাঙিবলৈ প্ৰাৰ্থী থিয় কৰাইছে।