• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘অগপ মানে আঞ্চলিকতাবাদ নহয়’; কংগ্ৰেছত ভোট দিব দলৰ প্ৰাক্তন শীৰ্ষ নেতাই

এন ই নাও নিউজ by এন ই নাও নিউজ
April 11, 2019 9:02 am
Loksabha election: AGP did not wish to contest even in three seats, says Ranjit Dass

প্ৰধান মন্ত্ৰী মোদীৰ সৈতে অগপ নেতাৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম গণ পৰিষদৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক তথা অভিনেতা আৰু চলচ্চিত্ৰ পৰিচালক ৰাজীৱ ভট্টাচাৰ্য্যই এইবাৰৰ সাধাৰণ নিৰ্বাচনত ‘জাতীয় স্বাৰ্থত’ কংগ্ৰেছক ভোটদান কৰিব। এক বিবৃতিৰ জৰিয়তে আজি তেওঁ ঘোষণা কৰে।

অগপই অসমৰ স্বাৰ্থৰ পৰিপন্থী নাগৰিকত্ব বিধেয়ক আনিব খোজা বিজেপিৰ সৈতে পুনৰ মিত্ৰতা কৰা আৰু ইয়াৰ বিপৰীতে কংগ্ৰেছে চৰকাৰত আহিলে উক্ত বিধেয়ক গৃহীত নকৰে বুলি ঘোষণা কৰাৰ বাবেই তেওঁ কংগ্ৰেছক ভোট দিব বুলি বিবৃতিটোত উল্লেখ কৰে।

তেওঁ কয়, ‘যি বিজেপি দলে চৰকাৰ গঠন কৰিলে পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক আনিব বুলি সদম্ভে ঘোষণা কৰিছে, সেই দলৰ সৈতে কি স্বাৰ্থত মিত্ৰতা হ’ল? জাতিৰ স্বাৰ্থত নে ব্যক্তিগত স্বাৰ্থত?’

‘কংগ্ৰেছে মোৰ প্ৰথম পৰিচয় মোৰ অসমীয়া স্বাভিমান ৰক্ষাৰ প্ৰতিশ্ৰুতি দিছে- সেইবাবে মই এইবাৰ কংগ্ৰেছক ভোট দিম’ বুলি মুকলিকৈ ঘোষণা কৰি তেওঁ কয়, ‘কংগ্ৰেছে এই বিধেয়কৰ সদায় বিৰোধিতা কৰি যাম বুলি ঘোষণা কৰাৰ পিছতো কাৰ স্বাৰ্থত কংগ্ৰেছক হৰুৱাৰ প্ৰয়োজন আহিল? যোৱা পাঁচটা বছৰত বিজেপিয়ে সকলোৰে প্ৰথম পৰিচয় সলনি কৰি ধৰ্মীয় পৰিচয়হে মূল পৰিচয় বুলি কৈ ভাৰতৰ অখণ্ডতাৰ প্ৰতি ভাবুকি আনিছে।‘

তেওঁ আৰু কয়, ‘আঞ্চলিক আশা আকাংখ্যা পূৰণ নকৰাকৈ ভাৰতৰ অখণ্ডতা ৰক্ষা কৰাটো কোনোপধ্যেই সম্ভৱ নহয় বুলি কৰা কংগ্ৰেছৰ উপলব্ধি আঞ্চলিকতাবাদৰ বাবে শুভ লক্ষণ। আজিৰ পৰিস্থিতিত অসম আৰু অসমীয়াৰ স্বাৰ্থত কেন্দ্ৰত কংগ্ৰেছ চৰকাৰৰহে প্ৰয়োজন। বিজেপিৰ দৰে জাতিধ্বংসী দলৰ নহয়।‘

ৰাজীৱ ভট্টাচাৰ্য্য, ফটোত নীলা ছাৰ্টত মাজৰজন

‘সময় সলনি হৈছে। এতিয়া কংগ্ৰেছ অস্পৃশ্য নহয় আৰু অগপ মানে আঞ্চলিকতাবাদ নহয়।‘ এইদৰে কয় এসময়ৰ সক্ৰিয় অগপ নেতা ৰাজীৱ ভট্টাচাৰ্য্যই।

উল্লেখযোগ্য যে অসম আন্দোলনৰ পতভূমিত নিৰ্মিত ‘সেউজী ধৰণী ধুনীয়া’ আৰু ‘আমি অসমীয়া’ আদি চলচ্চিত্ৰৰ নিৰ্মাতা ভট্টাচাৰ্য্যই প্ৰথমে সদৌ অসম ছাত্ৰ সন্থা আৰু পিছত অসম গণ পৰিষদত যোগদান কৰি সক্ৰিয় ৰাজনীতিত নামি পৰে। কিন্তু ২০০৮ চনত তেতিয়াৰ সভাপতি বৃন্দাবন গোস্বামীক অগপই দলটোৰ পৰা ‘অসুস্থ প্ৰক্ৰিয়াৰে আঁতৰাই’ দিয়াৰ প্ৰতিবাদত ভট্টাচাৰ্য্য দলীয় কাম-কাজৰ পৰা আঁতৰি আহে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিটোত ভট্টাচাৰ্য্যই কয়, ‘অসমীয়া মোৰ প্ৰথম পৰিচয়। অসম ভাৰতৰ অংগৰাজ্য হোৱাৰ বাবে মোৰ আনটো পৰিচয় ভাৰতীয়। একেই কথা এজন বংগৰ বঙালী, মহাৰাষ্ট্ৰৰ মাৰাঠী নাইবা তামিলনাডুৰ তামিলৰ ক্ষেত্ৰটো প্ৰযোজ্য। আজিকালি কোনো কোনোৱে মোক মোৰ প্ৰথম পৰিচয় ভাৰতীয় বুলি বুজাব খোজে। যিটো সম্পূৰ্ণ ভুল।‘

তেওঁ লগতে আৰু কয়, ‘ভাৰতৰ সংবিধানত সকলোকে ভাষা-জাতি-সংস্কৃতি তথা ধৰ্ম ৰক্ষাৰ বাবে অধিকাৰ প্ৰদান কৰা হৈছে। বৈচিত্ৰৰ মাজত ঐক্য হৈছে ভাৰতীয় জাতিৰ ভেটি তথা শক্তি। সেয়েহে ভাৰতীয় হৈও মই বুকু ফিন্দাই কব পাৰো- মই অসমীয়া।‘

Tags: নিৰ্বাচন ২০১৯
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

August 18, 2025 3:52 pm
প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

August 18, 2025 3:33 pm
শোকাৱহ দুৰ্ঘটনা: গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত নিহত ৩ মহিলা

শোকাৱহ দুৰ্ঘটনা: গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত নিহত ৩ মহিলা

August 18, 2025 3:15 pm
শোকাবহ! গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিচনাৰ পৰা পৰি মৃত্যু নৱজাতকৰ

শোকাবহ! গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিচনাৰ পৰা পৰি মৃত্যু নৱজাতকৰ

August 18, 2025 2:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

August 18, 2025 3:52 pm
প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

August 18, 2025 3:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd