• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাঁচলাখ সংখ্যালঘু ভোটাৰে নিৰ্ণয় কৰিব মঙলদৈৰ পৰৱৰ্তী সাংসদ

চাজিদ খান by চাজিদ খান
April 12, 2019 12:02 pm
udalguri-minority-voters-750x375

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে অসমত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অন্ত পৰাৰ পিছত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব লগীয়া সমষ্টি সমূহৰ ওপৰত। অহা ১৮ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত হ’ব লগা ভোটগ্ৰহণৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি হৈছে ৮নং মঙলদৈ। সমষ্টিটোত শেষ হাঁহি কোনে মাৰিব ইয়াকে লৈ এতিয়া ভোটাৰ ৰাইজৰ মাজত ব্যাপক চৰ্চা।

ভোটাৰ সকলক আকৃষ্ট কৰিবলৈ ৰাজনৈতিক দল সমূহে দিছে লোভনীয় প্ৰতিশ্ৰুতি। তদুপৰি নিজৰ নিজৰ প্ৰাৰ্থীক জয়ী কৰোৱাৰ উদ্দেশ্যে ষ্টাৰ কেম্পেইনাৰৰ জৰিয়তে বিভিন্ন স্থানত আয়োজন কৰিছে বিশাল বিশাল ৰাজহুৱা সভা, বাইক ৰেলী, ৰ’ড শ্ব’ ইত্যাদি।

Apply Now

উল্লেখ্য যে মঙলদৈ লোকসভা সমষ্টিটো ১০টা বিধানসভা সমষ্টিৰে গঠিত। সমষ্টি কেইটা হৈছে কমলপুৰ, ৰঙিয়া, নলবাৰী, পানেৰী, কলাইগাঁও, ছিপাঝাৰ, মঙলদৈ, দলগাঁও, ওদালগুৰি আৰু মাজবাট। চাৰিখন জিলা সামৰি গঠিত মঙলদৈ সমষ্টিৰ মুঠ ভোটাৰ হৈছে ১৭,৯৫,৫২৯ গৰাকী।

২০১৯ ৰ সাধাৰণ নিৰ্বাচনত মঙলদৈ লোকসভা সমষ্টিত মুঠ ১১ জন প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। প্ৰাৰ্থীকেইগৰাকী হ’ল-

দিলীপ শইকীয়া (ভাৰতীয় জনতা পাৰ্টি), ভূৱনেশ্বৰ কলিতা (কংগ্ৰেছ), শুধেন্দু মোহন তালুকদাৰ (ত্ৰিণমূল কংগ্ৰছ), আইনূল হ’ক (অসম জন মৰ্চা), গন্ধেশ্বৰ মুচাহাৰী (ভোটাৰ পাৰ্টি ইন্টাৰনেশ্যনেল),বিৰেণ বাচক(ভাৰতীয় গণ পৰিষদ), মনিৰাম বসুমতাৰী (হিন্দুস্থান নিৰ্মাণ দল), শ্বৰ্ণলতা চলিহা (ছ’চিয়েলিষ্ট চেণ্টাৰ অব ইণ্ডিয়া, কমিউনিষ্ট), কাজি নেকিব আহমেদ (নিৰ্দলীয়), জয়ন্ত কুমাৰ কলিতা (নিৰ্দলীয়), প্ৰদীপ কুমাৰ দৈমাৰী(নিৰ্দলীয়)।

সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতা আৰু মিত্ৰজোঁটৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ মাজতে হ’ব মূল প্ৰতিদ্বন্দ্বিতা। এইখিনিতে উল্লেখ কৰি থোৱা ভাল যে বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভুৱনেশ্বৰ কলিতা ৰাজনৈতিকভাৱে দিলীপ শইকীয়াতকৈ অভিজ্ঞ তথা সমষ্টিবাসীৰ মাজত বেচ পৰিচিত। সেই হিচাপত সমষ্টিটোত আগবাঢ়ি আছে কলিতা।

ইয়াৰ উপৰি তথ্য অনুসৰি সমষ্টিটোত আছে পাঁচলাখ সংখ্যালঘু ভোটাৰ। সাসংদ নিৰ্বাচিত কৰাত এই ভোটাৰখিনিয়ে গ্ৰহণ কৰিব নিৰ্ণায়ক ভূমিকা। সমষ্টিটোত এইবাৰ এ আই য়ু ডি এফে প্ৰাৰ্থী থিয় নকৰোৱাৰ প্ৰতি লক্ষ্য ৰাখি সংখ্যালঘু ভোটাৰসকলে কংগ্ৰেছৰ সপক্ষে ভোটদান কৰিব বুলি ইতিমধ্যে ৰাজনৈতিক বিশ্লেষকসকলে ধাৰণা কৰিছে। সেই দিশৰ পৰা সমষ্টিটোত ব্যাপক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে অগপ-বি পি এফ সমৰ্থিত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া।

ইফালে এইবাৰৰ সাধাৰণ নিৰ্বাচনক লৈ মুঠেও আগ্ৰহী নহয় সমষ্টিটোৰ যুৱ ভোটাৰ। ‘সকলো ৰাজনৈতিক নেতা একে, তেওঁলোকে সাধাৰণ ভোটাৰৰ কথা চিন্তা নকৰে। আমি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছো। কিন্তু আমাৰ কথা তেওঁলোকে নুশুনে’। সমষ্টিটোৰ কিছু সংখ্যক যুৱ ভোটাৰৰ মন্তব্য।

তেওঁলোকে আৰু কয় যে দেশত নিবনুৱাৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি পাইছে কিন্তু সেইবিলাক সমাধান কৰিবলৈ কোনো এটা ৰাজনৈতিক দলে চিন্তা-চৰ্চা কৰা পৰিলক্ষিত নহয়।

আনহাতে কিছু সংখ্যক যুৱ ভোটাৰে এইবাৰৰ সাধাৰণ নিৰ্বাচনত ন’টাত ভোটদান কৰিব বুলিও জানিবলৈ দিয়ে।

সেয়া যি নহওক বৰ্তমান কংগ্ৰেছ-বিজেপিৰ লগতে প্ৰত্যেকগৰাকী প্ৰাৰ্থীয়ে সংখ্যালঘু, যুৱ প্ৰজন্মৰ লগতে সাধাৰণ ভোটাৰৰ মন জয় কৰাৰ উদ্দেশ্যে সমষ্টিটোৰ চুকে কোনে গৈ অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান।

Tags: নিৰ্বাচন ২০১৯
চাজিদ খান

চাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd