সদৌ বিটিচি এচ চি ছাত্ৰ সন্থা আৰু সদৌ বিটিচি এচ চি জাতীয় পৰিষদে লোকসভা নিৰ্বাচনত ৫ নং কোকৰাঝাৰ সমষ্টিৰ য়ু পি পি এলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মৰ প্ৰতি নিজৰ পূৰ্ণ সমৰ্থন আগবঢ়াইছে।
কোকৰাঝাৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এখন সংবাদ মেলত সন্থাৰ সভাপতি প্ৰদীপ চৰকাৰে সাংবাদিকৰ আগত কয় যে সকলোৰে লগত আলাপ আলোচনাৰ মাধ্যমেৰে আমি কোকৰাঝাৰ সমষ্টিত আমাৰ সমৰ্থন য়ু পি পি এলৰ প্ৰাৰ্থীগৰাকীক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।
আনহাতে, চৰকাৰে কয় যে বিটিচিৰ বি পি এফ আৰু অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে এচ চিৰ মূল সমস্যা সমূহ উত্থাপন আৰু সমাধান কৰাৰ ক্ষেত্ৰত ব্যাৰ্থ হৈছে। দীৰ্ঘদিন ধৰি সন্থাই ভালেমান দাবী সমাধানৰ বাবে চৰকাৰৰ ওচৰত স্মাৰক পত্ৰ দাখিল, ধৰ্ণা আদি কাৰ্য্যসূচী গ্ৰহণ কৰিলেও চৰকাৰখনে এচ চি সমস্যা সমাধানৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে যাৰ ফলত সমস্যা সমূহ সমস্যা হৈয়ে ৰ’ল।
বিজেপি আৰু বি পি এফ চৰকাৰখনে যিহেতু তেওঁলোকক ইমান দিনে প্ৰলোভনহে দি আহিছে সেইবাবে চলিত নিৰ্বাচনত তেওঁলোকে য়ু পি পি এলৰ প্ৰাৰ্থীগৰাকীক সমৰ্থন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে সন্থাৰ সভাপতিগৰাকীয়ে।