ৰাজ্যৰ ৫ টা লোকসভা সমষ্টি ক্ৰমে মঙলদৈ, নগাঁও, স্বায়ত্তশাসিত জিলা, কৰিমগঞ্জ আৰু শিলচৰত আজি লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে।
৫টা সমষ্টিৰ মুঠ ৬৯,১০,৫৯২ গৰাকী ভোটাৰে সমষ্টি কেইটাত প্ৰতিদ্বন্দ্বিতাত নমা ৫০ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। কৰিমগঞ্জত সৰ্বাধিক ১৪ গৰাকী, শিলচৰত ১৩ গৰাকী, মঙলদৈত ১১ গৰাকী নগাঁৱত ৭ গৰাকী আৰু স্বায়ত্তশাসিত জিলাত ৫ গৰাকী প্ৰাৰ্থী অৱৰ্তীন হৈছে।
আনহাতে ৬৯,১০,৫৯২ গৰাকী ভোটাৰৰ ৩৫,৫৪,৪৬০ গৰাকী পুৰুষ, ৩৩,৫৫,৯৫২ গৰাকী মহিলা আৰু ১৮০ গৰাকী তৃতীয় লিংগৰ ব্যক্তি।
উল্লেখযোগ্য যে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ নিয়াৰিকৈ চলাই নিবৰ বাবে ৩৫,৯৬৮ গৰাকী নিৰ্বাচনী বিষয়া-কৰ্মচাৰীৰ লগতে ১৬৯টা কোম্পানি আৰু ১ প্লাটুন কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ নিৰাপত্তাৰক্ষী নিয়োজিত কৰা হৈছে।
আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা মুঠ ৮৯৯২ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ১৩৭টা কেন্দ্ৰ সম্পূৰ্ণ মহিলা নিৰ্বাচনী বিষয়া-কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হ’ব। তদুপৰি ৮৪টা ভোটকেন্দ্ৰক মডেল ভোটকেন্দ্ৰ হিচাপে বাচনি কৰা হৈছে আৰু ভিতৰুৱা ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ১০৩৩টা।