• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

CAB-অৰ বাবেই অসমীয়াই বিজেপিক ভোট দিব নালাগে : ববিতা শৰ্মা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 19, 2019 6:04 pm
Bobeeta Sarma

সাংবাদিকৰ সৈতে মত বিনিময় অনুষ্ঠানত ববিতা শৰ্মা।

1.6k
VIEWS
Share on FacebookShare on Twitter

আজি দিচপুৰ প্ৰেছ ক্লাবত সাংবাদিকৰ সৈতে মত বিনিময় অনুষ্ঠানত ৭ নং গুৱাহাটী লেকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাই কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে সংকল্প লোৱা বাবেই বিজেপিক অসমীয়া মানুহে ভোট দিব নালাগে।

“CAB-ক লৈ বিজেপিয়ে যি ল’ৰা-ধেমালি কৰিছে, তাৰ উত্তৰ অসমীয়া মানুহে ২৩ এপ্ৰিলৰ দিনা দিব”, ববিতা শৰ্মাই কয়।

বিজেপিয়ে হিন্দু বাংলাদেশী আনিব বিচাৰিছে| এইখনৰ সৈতে অসমৰ ভাষা-কলা-সংস্কৃতিৰ কথা জড়িত হৈ আছে| তেওঁ কয়।

বিধেয়কখনক লৈ বিগত সময়ত অসমৰ লগতে উত্তৰ-পূব অস্থিৰ হোৱাৰ কথাও উল্লেখ কৰে প্ৰাৰ্থীগৰাকীয়ে। বিজেপিক প্ৰশ্ন কৰি তেওঁ কয়, “যিখন বিধেয়ক অসমৰ ৰাইজে বিচৰা নাই সেইখন কিয় জাপি দিব বিচাৰিছে?”

প্ৰাৰ্থীগৰাকীৰ নৰেন্দ্ৰ মোদীলৈ প্ৰশ্ন, “বাংলাদেশৰ নাগৰিকৰ বাবে ইমান কিয় তেওঁ চিন্তা কৰে। কিমান সমস্যা আছে, দুই কোটি চাকৰি ক’ত গ’ল? ১৫ লাখ টকা পালে জানো?  নিজৰ দেশৰ নাগৰিকৰ উন্নয়নৰ কথা মোদীয়ে চিন্তা নকৰে কিয়? ”

আনহাতে প্ৰাৰ্থী হিচাপে গুৱাহাটী সমষ্টিটোৰ অন্তৰ্গত গোটেইকেইটা বিধানসভা সমষ্টিলৈ তেওঁ যাবলৈ চেষ্টা কৰিছে বুলি উল্লেখ কৰি কয়, “যোৱা ১০ বছৰ বিজেপিৰ সাংসদেই আছিল, কিমান কাম কৰিবলৈ বাকী আছে ৰাজ্যবাসীয়ে গম পাইছে| মই ভ্ৰমণ কৰা সমষ্টিসমূহ সমস্যাৰে জৰ্জৰিত|”

হাজোত শিমলু গছ বহুত আছে বুলি কৈ অঞ্চলটোত এটা কটন উদ্যোগৰ সম্ভাৱনা দাঙি ধৰে প্ৰাৰ্থীগৰাকীয়ে। এইটো কৰিব পাৰিলে নিবনুৱা যুৱক-যুৱতীক সংস্থাপন দিব পৰা যাব|

“যদি সাংসদ হিচাপে জয়ী হওঁ তেন্তে বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াবলৈ চেষ্টা কৰিম|” নিজৰ ভৱিষ্যত কাৰ্যপন্থাৰ ৰূপৰেখা দাঙি ধৰি শৰ্মাই কয়।

দাৰিদ্ৰ্য সীমাৰেখাৰ জনসাধাৰণে যাতে সেই অৱস্থানৰ পৰা ওপৰলৈ আহিব পাৰে তাৰ বাবে চেষ্টা কৰা, পৰ্য্যটন ক্ষেত্ৰৰ উন্নীতকৰণ, হাজো, বকো, ছয়গাওঁ ইত্যাদি অঞ্চলত সাংস্কৃতিক পৰ্যটন গঢ় দিয়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা নিজৰ কাৰ্য্যপন্থা হিচাপে দাঙি ধৰে প্ৰাৰ্থীগৰাকী।

“খোৱা পানীৰ সমস্যাটো মহানগৰীত দীৰ্ঘদিনীয়া| কংগ্ৰেছ চৰকাৰৰ দিনত খোৱা পানী যোগান আঁচনিৰ কাম আৰম্ভ কৰিছিল যদিও চৰকাৰখন পুনৰ শাসনলৈ নহা বাবে এই কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে|” সাংস্কৃতিক কৰ্মী হিচাপেও সুনাম থকা ববিতা শৰ্মাই কয়।

তেওঁ বিজেপি প্ৰাৰ্থী কুইন ওজাতকৈ বহু বেছি ভোট পাই জয়ী হোৱাৰ আশা প্ৰকাশ কৰে|

Tags: নিৰ্বাচন ২০১৯

Recent News

অৱতৰণ কৰাৰ সময়তে ৰখাই থোৱা বিমানত খুন্দা মাৰি ভয়াবহ অগ্নিকাণ্ড; ছানি ধৰিলে জুই-ধোঁৱাই

দুটাকৈ ভোটাৰ আইডি বিজেপি নেতাৰ! জাননী জাৰি কৰিলে নিৰ্বাচন আয়োগে

লক্ষ্য স্বচ্ছ নিৰ্বাচন! ৪৭৬টা নিষ্ক্ৰিয় ৰাজনৈতিক দলৰ পঞ্জীয়ন বাতিল নিৰ্বাচন আয়োগৰ

৩ মাহত ২০০ৰো অধিক পুৰুষৰ ধ*ৰ্ষণৰ বলি বাংলাদেশী নাবালিকা; মুম্বাইৰ পৰা উদ্ধাৰ, ১০ জনক গ্ৰেপ্তাৰ

৩ মাহত ২০০ৰো অধিক পুৰুষৰ ধ*ৰ্ষণৰ বলি বাংলাদেশী নাবালিকা; মুম্বাইৰ পৰা উদ্ধাৰ, ১০ জনক গ্ৰেপ্তাৰ

উচ্ছেদ অভিযানৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নস্যাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ! ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ পোষকতা

উচ্ছেদ অভিযানৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নস্যাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ! ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ পোষকতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd