• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

CAB-অৰ বাবেই অসমীয়াই বিজেপিক ভোট দিব নালাগে : ববিতা শৰ্মা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 19, 2019 6:04 pm
Bobeeta Sarma

সাংবাদিকৰ সৈতে মত বিনিময় অনুষ্ঠানত ববিতা শৰ্মা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি দিচপুৰ প্ৰেছ ক্লাবত সাংবাদিকৰ সৈতে মত বিনিময় অনুষ্ঠানত ৭ নং গুৱাহাটী লেকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাই কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে সংকল্প লোৱা বাবেই বিজেপিক অসমীয়া মানুহে ভোট দিব নালাগে।

“CAB-ক লৈ বিজেপিয়ে যি ল’ৰা-ধেমালি কৰিছে, তাৰ উত্তৰ অসমীয়া মানুহে ২৩ এপ্ৰিলৰ দিনা দিব”, ববিতা শৰ্মাই কয়।

Apply Now

বিজেপিয়ে হিন্দু বাংলাদেশী আনিব বিচাৰিছে| এইখনৰ সৈতে অসমৰ ভাষা-কলা-সংস্কৃতিৰ কথা জড়িত হৈ আছে| তেওঁ কয়।

বিধেয়কখনক লৈ বিগত সময়ত অসমৰ লগতে উত্তৰ-পূব অস্থিৰ হোৱাৰ কথাও উল্লেখ কৰে প্ৰাৰ্থীগৰাকীয়ে। বিজেপিক প্ৰশ্ন কৰি তেওঁ কয়, “যিখন বিধেয়ক অসমৰ ৰাইজে বিচৰা নাই সেইখন কিয় জাপি দিব বিচাৰিছে?”

প্ৰাৰ্থীগৰাকীৰ নৰেন্দ্ৰ মোদীলৈ প্ৰশ্ন, “বাংলাদেশৰ নাগৰিকৰ বাবে ইমান কিয় তেওঁ চিন্তা কৰে। কিমান সমস্যা আছে, দুই কোটি চাকৰি ক’ত গ’ল? ১৫ লাখ টকা পালে জানো?  নিজৰ দেশৰ নাগৰিকৰ উন্নয়নৰ কথা মোদীয়ে চিন্তা নকৰে কিয়? ”

আনহাতে প্ৰাৰ্থী হিচাপে গুৱাহাটী সমষ্টিটোৰ অন্তৰ্গত গোটেইকেইটা বিধানসভা সমষ্টিলৈ তেওঁ যাবলৈ চেষ্টা কৰিছে বুলি উল্লেখ কৰি কয়, “যোৱা ১০ বছৰ বিজেপিৰ সাংসদেই আছিল, কিমান কাম কৰিবলৈ বাকী আছে ৰাজ্যবাসীয়ে গম পাইছে| মই ভ্ৰমণ কৰা সমষ্টিসমূহ সমস্যাৰে জৰ্জৰিত|”

হাজোত শিমলু গছ বহুত আছে বুলি কৈ অঞ্চলটোত এটা কটন উদ্যোগৰ সম্ভাৱনা দাঙি ধৰে প্ৰাৰ্থীগৰাকীয়ে। এইটো কৰিব পাৰিলে নিবনুৱা যুৱক-যুৱতীক সংস্থাপন দিব পৰা যাব|

“যদি সাংসদ হিচাপে জয়ী হওঁ তেন্তে বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াবলৈ চেষ্টা কৰিম|” নিজৰ ভৱিষ্যত কাৰ্যপন্থাৰ ৰূপৰেখা দাঙি ধৰি শৰ্মাই কয়।

দাৰিদ্ৰ্য সীমাৰেখাৰ জনসাধাৰণে যাতে সেই অৱস্থানৰ পৰা ওপৰলৈ আহিব পাৰে তাৰ বাবে চেষ্টা কৰা, পৰ্য্যটন ক্ষেত্ৰৰ উন্নীতকৰণ, হাজো, বকো, ছয়গাওঁ ইত্যাদি অঞ্চলত সাংস্কৃতিক পৰ্যটন গঢ় দিয়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা নিজৰ কাৰ্য্যপন্থা হিচাপে দাঙি ধৰে প্ৰাৰ্থীগৰাকী।

“খোৱা পানীৰ সমস্যাটো মহানগৰীত দীৰ্ঘদিনীয়া| কংগ্ৰেছ চৰকাৰৰ দিনত খোৱা পানী যোগান আঁচনিৰ কাম আৰম্ভ কৰিছিল যদিও চৰকাৰখন পুনৰ শাসনলৈ নহা বাবে এই কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে|” সাংস্কৃতিক কৰ্মী হিচাপেও সুনাম থকা ববিতা শৰ্মাই কয়।

তেওঁ বিজেপি প্ৰাৰ্থী কুইন ওজাতকৈ বহু বেছি ভোট পাই জয়ী হোৱাৰ আশা প্ৰকাশ কৰে|

Tags: নিৰ্বাচন ২০১৯
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am
বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd