যোৱা শুকুৰবাৰে শিৱসাগৰৰ জয়সাগৰ উচ্চ মাধ্যমিক বিদ্যালৰ চৌহদত অসমৰ প্ৰথমগৰাকী চুকাফা বঁটা প্ৰাপক বিশিষ্ট বুৰঞ্জীবিদ ভূবন চন্দ্ৰ সন্দিকৈৰ এটা আৱক্ষ মূৰ্তি উন্মোচন কৰা হয়। জয়সাগৰ শাখা সাহিত্য সভা আৰু বুৰঞ্জীবিদ গৰাকীৰ পৰিয়ালৰ লোকৰ উদ্যোগত উক্ত আৱক্ষ মূৰ্তিটো স্থাপন কৰা হয়।
এই উদ্দেশ্যে জয়সাগৰ উচ্চ মাধ্যমিক বিদ্যালৰ চৌহদত অনুষ্ঠিত গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত বুৰঞ্জীবিদ গৰাকীৰ সহধৰ্মিনী কল্যানী সন্দিকৈয়ে আৱক্ষ মূৰ্তিটো উন্মোচন কৰে। উন্মোচনী অনুষ্ঠানত দেউৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰত্নেশ্বৰ দেউৰী, জয়সাগৰ সাহিত্য সভাৰ সভাপতি প্ৰদীপ বৰঠাকুৰ, অৰ্জুন ভোগেশ্বৰ বৰুৱাকে ধৰি অঞ্চলটোৰ কেইবাগৰাকী সন্মানীয় ব্যক্তি উপস্থিত থাকে।
যোৰহাটৰ মেলেঙত জন্মগ্ৰহণ কৰা ভূবন চন্দ্ৰ সন্দিকৈয়ে কৰ্মসূত্ৰে শিৱসাগৰৰ জয়সাগৰত স্থায়ীকৈ থাকি অসমৰ পুৰণি কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণৰ বাবে প্ৰচেষ্টা হাতত লৈছিল। ১৯৩৫ চনত অসম পলিটেকনিক ৰেচিডেন্সিয়েল ইন্সিটিউটৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰা সন্দিকৈয়ে উক্ত বছৰতেই কংগ্ৰেছত যোগদান কৰি শিক্ষা, গাওঁ সংগঠক, খাদী, কানি নিবাৰণ আদি গঠনমূলক কামৰ দায়িত্ব লৈছিল।
১৯৪২ চনত কংগ্ৰেছ সেৱা দলৰ নায়ক হৈ দ্বিতীয় মহাসমৰত ডিমাপুৰত প্ৰায় তিনিমাহ ধৰি বাৰ্মাৰ পৰা অহা ৰণ ভগনীয়াৰ সেৱা কৰা সন্দিকৈয়ে ১৯৪৪ চনত বেনাৰস বিশ্ববিদ্যালয়ত পলিটেকনিক ইন্সিটিউটৰ পৰীক্ষাৰ্থী সকলৰ পৰিদৰ্শক ৰূপে নিয়োজিত হয়।
১৯৪৮ চনত তেওঁ অসম চৰকাৰৰ জয়সাগৰত স্থাপিত পঞ্চায়ত প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষৰূপে নিযুক্তি লাভ কৰিছিল। ১৯৭৫ চনত অসম ৰাজ্যিক গান্ধী স্মাৰক নিধিৰ সচিব পদত যোগদান কৰাৰ লগতে সমান্তৰালকৈ অসম ৰাজ্যিক টাই গৱেষণা সমিতিৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰে।
ৰাজ্য চৰকাৰৰ প্ৰত্নতত্ব বিভাগ, ৰাজ্যিক সংগ্ৰালয়ৰ উপদেষ্টা হিচাপে দায়িত্ব পালন কৰা সন্দিকৈয়ে ১৯৭০ চনৰ পৰাই অসম সাহিত্য সভাৰ ধিং অধিৱেশনত বুৰঞ্জী সন্মিলনত সভাপতি হিচাপে নিষ্ঠাৰে সেৱা আগবঢ়ায়। ১৯৯২ চনত ভজোত অনুষ্ঠিত শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰথমজন সভাপতি হিচাপে নিৰ্বাচিত হয়।
ৰংপুৰ পাণ্ডা নামৰ গাইড বুকৰ স্ৰষ্টা তথা জীৱন কালত অনেক বুৰঞ্জীমূলক গ্ৰন্থ প্ৰবন্ধ লিখি অসমীয়া বুৰঞ্জী সাহিত্যলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা এই গৰাকী বুৰঞ্জী প্ৰভাকৰক অসম চৰকাৰে মৰণোত্তৰভাৱে আগবঢ়াইছিল ‘চুকাফা শৰাই বঁটা।’