• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিমা হাচাওত ইষ্ট-ৱেষ্ট কৰিডৰ নিৰ্মাণৰ নামত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
April 27, 2019 5:02 pm
20190426_225002

জাতিঙ্গা-হাৰাঙ্গাজাও ৰাষ্ট্ৰীয় ঘাইপথৰ পুখুৰী সদৃশ গাঁতত গৰমৰ দহনৰ পৰা পৰিত্ৰাণ বিচাৰি ডুব দিছে ম'হৰ জাকে। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সীমাহীন দুৰ্নীতিৰ বিচৰণ ক্ষেত্ৰ হৈ পৰিছে শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট ৱেষ্ট কৰিডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। কোটি কোটি টকা ব্যয় কৰাৰ পাছতো এতিয়াও ঘাইপথটোৰ নিৰ্মাণ সম্ভৱ হৈ উঠা নাই। বিগত আঠ বছৰ ধৰি নিৰ্মাণ চলি থকাৰ পাছতো মাথোঁ পঁচিশ কিলোমিটাৰ জাতিঙ্গা-হাৰাঙ্গাজাও ঘাইপথে ‘ৰাষ্ট্ৰীয় ঘাইপথ’ৰ ৰূপ লাভ কৰাটো দূৰৰে কথা, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ইয়াক সৰু যানবাহন চলাচলৰ কাৰনেও সুচল কৰি তুলিব পৰা নাই।

ইপিনে, পথ নিৰ্মাণৰ কাম বাদ দি ঠিকাদাৰী সংস্থা আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ নামৰ চৰকাৰী সংস্থাটোৰ মিতিৰালিত এক ডাঙৰ দুৰ্নীতি সংঘটিত হৈছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। ইয়াৰ ফলস্বৰূপ জাতিঙ্গা-হাৰাঙ্গাজাও তথাকথিত ৰাষ্ট্ৰীয় ঘাইপথত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে। য’ত তীব্ৰ গৰমৰ দহনৰ  পৰা পৰিত্ৰাণ পাবলৈ ম’হৰ জাকে তাত অৱগাহন কৰিছে। আচৰিত হ’লেও এয়াই সঁচা। কাৰন ছবিয়ে মিছা কথা নকয়।

Apply Now

উল্লেখযোগ্য যে ২০১১ চনত জাতিঙ্গা-হাৰাঙ্গাজাও ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কামৰ দায়িত্ব লৈছিল জেকেএম ইনফ্ৰা নামৰ এটা বহুজাতিক নিৰ্মাণ কোম্পানীয়ে। কিন্তু জেকেএম নামৰ কোম্পানীটোৱে একেৰাহে পাঁচ বছৰ কাম কৰাৰ পাছত ভুৱা বিলেৰে কোটি কোটি টকা আদায় কৰি নিয়ে যদিও বাস্তৱত কিন্তু তেতিয়া ৫ শতাংশও কাম হোৱা নাছিল।

অৱশ্যে, তেনেকুৱা এটা সময়ত পাহাৰীয়া জিলাত কাম কৰাৰ কাৰনে নিৰ্মাণ কোম্পানী বিলাকৰ অজুহাত আছিল উগ্ৰপন্থী সমস্যা আৰু ইয়াৰ লগতে ভূতাত্বিক সমস্যাকো সাঙুৰি লৈ অৱহেলা প্ৰদৰ্শন কৰিছিল।জেকেএম নামৰ কোম্পানীটোৱে ভূতাত্বিক সমস্যাৰ অজুহাতত  জাতিঙ্গা-হাৰাঙ্গাজাও ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত নানা আভুঁৱাৰ আশ্ৰয় লোৱা পৰিলক্ষিত হয়। যাৰ পৰিণাম হিচাপে মৃত্যু ফান্দত পৰিণত হৈ পৰে এই তথাকথিত ঘাইপথ।

আশ্চৰ্যজনক কথাটো হ’ল যোৱা আঠ বছৰে পঁচিশ কিলোমিটাৰ পথ সুচল ৰখাত ব্যৰ্থ হোৱা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ হাফলং পিআইয়ু (Project Impliment Unit)  আৰু গুৱাহাটীৰ আঞ্চলিক কাৰ্য্যালয়ে আজিকোপতি ঘাইপথটো নিৰ্মাণক লৈ কোনো ধৰণৰ স্পষ্ট স্থিতি গ্ৰহণ কৰাত সক্ষম হোৱা নাই।

উল্লেখযোগ্য যে যোৱা ১৩ এপ্ৰিলত হাফলং জিলা উপায়ুক্ত কাৰ্যালয়ত জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাৰ উপস্থিতিত এখন ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয়। য’ত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ জেনেৰেল মেনেজাৰ (কাৰিকৰী) সুশীলকুমাৰ বাৰ্মা আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ হাফলং পিআইয়ুৰ প্ৰকল্প সঞ্চালক কাৰ্গে কামকিৰ লগতে ছাত্ৰ সংগঠন আইএছএফৰ সভাপতি ডেভিদ কেইভম উপস্থিত আছিল।

উক্ত বৈঠকত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ফালৰ পৰা জি এম বাৰ্মাই জিলা উপায়ুক্তক অৱগত কৰিছিল যে অনতিপলমে জাতিঙ্গা-হাৰাঙ্গাজাও ঘাইপথ মেৰামতিৰ বাবে ব্যৱস্থা লোৱা হ’ব। কিন্তু এতিয়ালৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। আনহাতে, জাতিঙ্গা-ইনৃমবাঙলো পথ মেৰামতিকলৈও  কৰ্তৃপক্ষ নিমাত।

যোৱা বছৰ শিলচৰৰ লক্ষী ম’টৰ্ছ নামৰ ঠিকাদাৰী সংস্থাক জাতিঙ্গা-হাৰাঙ্গাজাও পথ মেৰামতিৰ দায়িত্ব অৰ্পণ কৰা হয় যদিও পথটোৰ কোনো উন্নতি পৰিলক্ষিত হোৱা নাই। অকল এয়াই নহয়, লক্ষীক বিনা নিবিদাৰে হাফলং পিআইয়ুৰ প্ৰজেক্ট ডিৰেক্টৰ কাৰ্গে কামকিয়ে কোটি কোটি টকাৰ কাম হাতত তুলি দিছিল বুলি অভিযোগ পোৱা গৈছিল।

এতিয়া ডিমা হাচাও জিলাত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম কেতিয়ালৈ নতুনকৈ আৰম্ভ হ’ব সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। কিয়নো চৰকাৰো পাৰ্বত্য জিলাৰ পথ নিৰ্মাণক লৈ আগ্ৰহী নহয়। কিয়নো যোৱা পাঁচ বছৰে মোদী চৰকাৰে উক্ত পথৰ উন্নয়নৰ হকে একো ব্যৱস্থা গ্ৰহণ নকৰিলে যাৰ ফল এতিয়া সাধাৰণ ৰাইজে ভুগিবলগীয়া হৈছে।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd