শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিডৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণৰ কাম মাইবাঙলৈ সম্পন্ন হোৱাৰ পাছত লাহে লাহে দুৰ্ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। বিশেষকৈ মাইবাঙ মহকুমাৰ লাঙটিং আৰক্ষী থানাৰ অন্তৰ্গত মান্দাৰদিচাৰ পৰা লাঙটিঙৰ মাজত সঘনে দুৰ্ঘটনা বৃদ্ধি পাবলৈ লৈছে।
শনিবাৰে মাজ নিশা লাঙটিং আৰক্ষী থানাৰ অন্তৰ্গত লাইলিঙ গাঁওৰ ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বইলা সেঁতুৰ কাষতে পথৰ পৰা প্ৰায় ষাঠি সত্তৰ ফুট তললৈ বাগৰি পৰে এখন ট্ৰাক।
উক্ত দুৰ্ঘটনাত ট্ৰাকখনৰ চালক আৰু সহকাৰী চালকজন থিতাতে নিহত হয়। আৰক্ষীয়ে ইতিমধ্যে দুৰ্ঘটনাত নিহত চালকজনক চিনাক্ত কৰাত সক্ষম হৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে চালক জনৰ নাম উজ্জ্বল ৰায় (৩১) আৰু তেওঁৰ ঘৰ পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ দামানপুৰত।
আনহাতে, দুৰ্ঘটনাটোত নিহত আনজন সহকাৰী চালকৰ পৰিচয় আৰক্ষীয়ে এতিয়ালৈ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।
জানিব পৰা মতে, লোহা ভৰ্তি ট্ৰাকখন মাইবাঙৰ পৰা লামডিং অভিমুখে গৈ থকা অবস্থাতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। লাঙটিং আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাফলঙলৈ প্ৰেৰণ কৰে।