পিঠিৰ বিষৰ বাবে এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপৰ ৪০০ মিটাৰ দৌৰৰ পৰা অপ্ৰত্যাশিতভাৱে আঁতৰি আহিবলগীয়া হৈছিল যদিও জাপানৰ য়’কোহামাত অনুষ্ঠিত হ’বলগীয়া বিশ্ব ৰীলেৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে অসম কন্যা হিমা দাসে।
অহা ১১ আৰু ১২মে’ত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ মহিলাৰ ৪X৪০০ মিটাৰ ৰীলে দৌৰত ভৰতীয় দলত স্থান পাইছে হিমাই।
উল্লেখযোগ্য যে যোৱা ২১ এপ্ৰিলত এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপৰ ৪০০ মিটাৰ দৌৰৰ হিটছৰ মাজতে হিমা দাসে প্ৰচণ্ড পিঠিৰ বিষত ভোগে আৰু যাৰ ফলত স্প্ৰীণ্টাৰগৰাকীয়ে খেলৰ আধাতে ট্ৰেক এৰিব লগীয়া হৈছিল।
আনহাতে উক্ত প্ৰতিযোগিতাখনৰ পৰা হিমা বাহিৰ হ’বলগীয়া হৈছিল যদিও তেওঁৰ সতীৰ্থ গ’মাথি মাৰিমুথুৱে ৮০০ মিটাৰ দৈৰত স্বৰ্ণ জয় কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছিল।