‘‘পূৰ্বতে ‘গ্ৰেছ’ অথবা ‘মদাৰেশ্যন’ মাৰ্ক দিয়াৰ বাবে অধিক সংখ্যক শিক্ষাৰ্থীয়ে লাভ কৰিবলৈ সক্ষম হৈছিল ‘লেটাৰ’ আৰু ‘ষ্টাৰ’ মাৰ্ক। কিন্তু এইববাৰ সেই ‘মাৰ্ক’ দিয়া হোৱা নাই বাবে কমিছে ‘লেটাৰ-ষ্টাৰ’ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা’’। ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল প্ৰকাশ পোৱাৰ পাছতে মহানগৰীৰ বামুনী মৈদামস্থিত ‘ছেবা’ৰ মুখ্য কাৰ্য্যালয়ত সংবাদমেল সম্বোধন কৰি এই অদ্ভুত মন্তব্য আগবঢ়াই অসমৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই।
সংবাদমেলখনত শিক্ষা মন্ত্ৰীগৰাকীয়ে কয় ‘‘আগৰ বছৰ বিলাকত ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত যিখিনি নম্বৰ পালে তাৰ ওপৰত তেওঁলোকক গ্ৰেছ মাৰ্ক অথবা মদাৰেশ্যন মাৰ্ক দিয়া হৈছিল। ছাত্ৰ-ছাত্ৰীৰ সঠিক মূল্যায়ন কৰিবলৈ হ’লে গ্ৰেছ মাৰ্ক দিব নালাগে। এইবাৰ আমি কাকো এক নম্বৰো গ্ৰেছ মাৰ্ক বা মডাৰেচন মাৰ্ক দিয়া নাই। পৰীক্ষাত লিখি যিখিনি নম্বৰ পাইছে সেইখিনিহে মাৰ্কশ্বিটত লিপিবদ্ধ হৈছে’’।‘
ভট্টাচাৰ্য্যৰ মতে চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমত লেটাৰ মাৰ্ক আৰু ষ্টাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমা সন্দৰ্ভত এনেদৰে নিজৰ অপাদ মস্তকৰে বিশ্লেষণ কৰি ওপৰত উল্লেখিত সিদ্ধান্তত উপনীত হৈছে অসমৰ শিক্ষা মন্ত্ৰীগৰাকী।
উল্লেখ্য যে, ২০১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ১,৩২,৬৬৮ গৰাকীয়ে পৰীক্ষাৰ্থীয়ে লেটাৰ মাৰ্ক লাভ কৰাৰ বিপৰীতে এইবাৰ ১,১৫,৬৪২ গৰাকীয়ে লেটাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হয়। একেদৰে বিগত বৰ্ষত ১৪ হাজাৰ পৰীক্ষাৰ্থীয়ে ষ্টাৰ মাৰ্ক লাভ কৰিছিল যদিও এইবাৰ ১১৩২৬ গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰে।
বিগত বৰ্ষৰ তুলনাত এইবাৰ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰায় ১৭ হাজাৰ কমিছে তথা ষ্টাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰায় ৩ হাজাৰ কমিছে।
এনেদৰে বিগত বৰ্ষৰ ফলাফলৰ লগত এই বৰ্ষৰ ফলাফল তুলনা কৰিবলৈ গৈ এনেদৰে শিক্ষা মন্ত্ৰীগৰাকীৰ অদ্ভুত যুক্তি দাঙি ধৰা কথাটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।
প্ৰকৃত অৰ্থত, কোনো ছাত্ৰ-ছাত্ৰীৰ এটা বা দুটা বিষয়ত দুই-এক নম্বৰ বা সৰ্বোচ্ছ পাঁচ নম্বৰ কমিলে অন্য বিষয়ৰ পৰা কিছু নম্বৰ আনি সংযোজন কৰাৰ এক নিয়ম আছে। এনে পৰিপ্ৰেক্ষিতত ‘লেটাৰ’ নাইবা ‘ষ্টাৰ মাৰ্ক’ লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত তেনে নিয়ম প্ৰযোজ্য হোৱাৰ কোনো কথা আহি নপৰে।
তাৰোপৰি, বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছৰ পৰা উত্তীৰ্ণৰ হাৰ কমি যোৱাটো ছাত্ৰ-ছাত্ৰীসকলক গ্ৰেছ মাৰ্ক নিদিয়াটোৱেই অন্যতম কাৰণ বুলি প্ৰাক্তন শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে উল্লেখ কৰিছিল।
এনে পৰিপ্ৰেক্ষিপ্তত ‘এই লেটাৰ আৰু ষ্টাৰ মাৰ্ক লাভ কৰাটো ছাত্ৰ-ছাত্ৰীৰ সঠিক মুল্যায়ন হৈছে বুলি ভাবো। কাৰোবাক ৫ নম্বৰ এটা বেছি দিয়াৰ লগে লগে সেইটো ষ্টাৰ মাৰ্ক বা লেটাৰ মাৰ্কলৈ আওতালৈ যাব পাৰে।‘ বুলি আগবঢ়োৱা অদ্ভুত যুক্তিয়ে উদঙাইছে ‘শিক্ষাৰ প্ৰকৃত নমুনা।‘
আনহাতে, একেখন সংবাদমেলতে ৭০০০ চৰকাৰী-ব্যক্তিগত মাধ্যমিক বিদ্যালয়ৰ ভিতৰত ৪৯১ খনেহে ১০০ শতাংশ উত্তীৰ্ণৰ মৰ্য্যদা পাবলৈ সক্ষম হোৱা বুলি ভট্টাচাৰ্য্যই উল্লেখ কৰে।
‘ৰাজ্যত ৭ হাজাৰ চৰকাৰী-ব্যক্তিগত উচ্চ মাধ্যমিক বিদ্যালয় আছে। তাৰ ভিতৰত ৪২৩৪ খন চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয় আৰু ২৭৬০ খন ব্যক্তিগত শিক্ষানুষ্ঠান। ৭০০০ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভিতৰত ৪৯১ খন বিদ্যালয়তহে ১০০ শতাংশ উত্তীৰ্ণ হৈছে। তাৰ ভিতৰত ৬৫ খন চৰকাৰী বিদ্যালয়ৰ ১০০ শতাংশ উত্তীৰ্ণ হৈছে বুলি সংবাদমেলত তথ্য দাঙি ধৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।
অৱশ্যে ১০০ শতাংশ উত্তীৰ্ণ হোৱা ৪৯১ খন বিদ্যালয়ৰ ভিতৰত ৬৫ খন চৰকাৰী বিদ্যালয় অন্তৰ্ভূক্ত হোৱা বাবে শিক্ষামন্ত্ৰীগৰাকীয়ে অত্যন্ত সুখী বুলি কয় আৰু চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত চৰকাৰী বিদ্যালয় সমূহে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে বুলি তেওঁ দাবী কৰে।