• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজুলী-নিমাতীঘাট ফেৰীসেৱাৰ সুৰক্ষাৰ দিশত পৰ্যালোচনা উপায়ুক্তৰ; নিয়ম নমনা ব্যক্তিগত নাও বন্ধ কৰিব প্ৰশাসনে

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
May 18, 2019 9:19 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাজুলী-যোৰহাট সংযোগী ফেৰীসেৱাত নিয়োজিত ব্যক্তিগত ফেৰীৰ স্বত্তাধিকাৰীসকল, আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ কাৰ্যবাহী অভিযন্তাসহ বিষয়া-কৰ্মচাৰীসকলক লৈ উপায়ুক্তৰ সভাকক্ষত ১৭ মে’ত এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলা প্ৰশাসনৰ হৈ উপায়ুক্ত গৰাকীৰ সৈতে মাজুলীৰ ৰাজহ চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মায়ো ভাগ লয়।

কমলাবাৰী-নিমাতীঘাট আৰু অফলামুখ-নিমাতীঘাট জলপথৰ ফেৰীসেৱাৰ অধীনত চলাচল কৰা বিভাগীয় আৰু ব্যক্তিগত স্বত্তাধিকাৰীৰ জাহাজ তথা নাওসমূহত যাত্ৰীৰ সুৰক্ষাৰ লগতে আন সা-সুবিধাসমূহ চৰকাৰৰ দ্বাৰা নিৰ্দিষ্ট কৰা নীতি-নিয়ম কিমানদূৰ কাৰ্যকৰী কৰা হৈছে, সেইবিষয়ে বৈঠকত উপায়ুক্ত মিশ্ৰই পুংখানুপুংখভাৱে পৰ্যালোচনা কৰে।

Apply Now

বৈঠকত উপায়ুক্ত মিশ্ৰই বিভাগৰ কাৰ্যবাহী অভিযন্তাক ততালিকে মাজুলী-যোৰহাট সংযোগী ব্ৰহ্মপুত্ৰৰ কেওটা জলপথৰে ফেৰীসেৱাত বিভাগৰ অধীনত চলাচল কৰা ব্যক্তিগত নাওসমূহৰ প্ৰতিখনকে কনিষ্ঠ অভিযন্তাৰ হতোৱাই পৰিদৰ্শন কৰাই এই নাওসমূহত থকা যাত্ৰী সুৰক্ষাৰ বন্দোৱস্ত আৰু নাৱৰ ‘টেকনিকেল ফিটনেছ’ সন্দৰ্ভত প্ৰতিবেদন দুদিনৰ ভিতৰতে উপায়ুক্তৰ হাতত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

আভ্যন্তৰীণ জলপৰিবহণ বিভাগে ৰাজ্যৰ ফেৰীসেৱাৰ ক্ষেত্ৰত বান্ধি দিয়া যাত্ৰী সুৰক্ষা বিষয়ক নীতি-নিয়ম ভংগ কৰা ব্যক্তিগত নাওসমূহ মাজুলী-নিমাতীঘাট ফেৰীসেৱাত চলাচল কৰাটো তাৎক্ষণিক ভাৱে সম্পূৰ্ণ বন্ধ কৰি দিয়া হ’ব বুলি বৈঠকত উপায়ুক্ত মিশ্ৰই বিভাগীয় বিসয়া-অভিযন্তাৰ লগতে ব্যক্তিগত স্বত্তাধিকাৰীসকলক স্পষ্ট কৰি দিয়ে।

ফেৰীসেৱাত চলাচল কৰা নাওসমূহত কোনো কাৰণতে অত্যধিক যাত্ৰী আৰু যান-বাহন তথা সামগ্ৰী নুঠাবলৈ উপায়ুক্ত গৰাকীয়ে নিমাতী, অফলামুখ আৰু কমলাবাৰীঘাটৰ দায়িত্বত থকা আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ কনিষ্ঠ অভিযন্তাকেইজনৰ লগতে ব্যক্তিগত নাৱৰ স্বত্তাধিকাৰীসকলক সতৰ্ক কৰি দিয়ে।

তদুপৰি নাৱৰ ‘বডী’ৰ ওপৰত যাত্ৰী উঠি অহাটো প্ৰশাসনৰ দৃষ্টিগোচৰ হ’লে সংশ্লিষ্ট নাও-ফেৰীৰ কৰ্মচাৰীৰ উপৰি স্বত্বাধিকাৰী তথা ঘাটৰ বিভাগীয় তত্বাৱধায়ককো জগৰীয়া কৰা হ’ব বুলি বৈঠকত উপায়ুক্ত মিশ্ৰই শেষবাৰলৈ সকলোকে সকীয়াই দিয়ে।

তাৰোপৰি কমলাবাৰী-নিমাতীঘাট আৰু অফলামুখ-নিমাতীঘাট জলপথত প্ৰতিদিনে পুৱাৰে পৰা বিয়লিলৈকে দুয়োফালৰ পৰা চলাচল কৰিব লগা প্ৰতিখন ফেৰীৰে নাম, নিৰ্দিষ্ট সময়, নাৱৰ স্বত্বাধিকাৰী আৰু গুৰিয়ালৰ নাম-নম্বৰ আগদিনাই উপায়ুক্তৰ ওচৰত দাখিল কৰিবলৈ বিভাগীয় কাৰ্যবাহী অভিযন্তাক উপায়ুক্ত মিশ্ৰই বৈঠকত নিৰ্দেশ দিয়ে। প্ৰতিখন জাহাজ তথা নাৱতে গুৰিয়ালসহ প্ৰতিগৰাকী কৰ্মচাৰীয়েই এতিয়াৰে পৰা ইউনিফৰ্ম আৰু পৰিচয় পত্ৰ পৰিধান কৰাটোও জিলা প্ৰশাসনে বাধ্যতামূলক কৰি দিছে।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd