• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজুলী-নিমাতীঘাট ফেৰীসেৱাৰ সুৰক্ষাৰ দিশত পৰ্যালোচনা উপায়ুক্তৰ; নিয়ম নমনা ব্যক্তিগত নাও বন্ধ কৰিব প্ৰশাসনে

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
May 18, 2019 9:19 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

907
VIEWS
Share on FacebookShare on Twitter

মাজুলী-যোৰহাট সংযোগী ফেৰীসেৱাত নিয়োজিত ব্যক্তিগত ফেৰীৰ স্বত্তাধিকাৰীসকল, আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ কাৰ্যবাহী অভিযন্তাসহ বিষয়া-কৰ্মচাৰীসকলক লৈ উপায়ুক্তৰ সভাকক্ষত ১৭ মে’ত এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলা প্ৰশাসনৰ হৈ উপায়ুক্ত গৰাকীৰ সৈতে মাজুলীৰ ৰাজহ চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মায়ো ভাগ লয়।

কমলাবাৰী-নিমাতীঘাট আৰু অফলামুখ-নিমাতীঘাট জলপথৰ ফেৰীসেৱাৰ অধীনত চলাচল কৰা বিভাগীয় আৰু ব্যক্তিগত স্বত্তাধিকাৰীৰ জাহাজ তথা নাওসমূহত যাত্ৰীৰ সুৰক্ষাৰ লগতে আন সা-সুবিধাসমূহ চৰকাৰৰ দ্বাৰা নিৰ্দিষ্ট কৰা নীতি-নিয়ম কিমানদূৰ কাৰ্যকৰী কৰা হৈছে, সেইবিষয়ে বৈঠকত উপায়ুক্ত মিশ্ৰই পুংখানুপুংখভাৱে পৰ্যালোচনা কৰে।

বৈঠকত উপায়ুক্ত মিশ্ৰই বিভাগৰ কাৰ্যবাহী অভিযন্তাক ততালিকে মাজুলী-যোৰহাট সংযোগী ব্ৰহ্মপুত্ৰৰ কেওটা জলপথৰে ফেৰীসেৱাত বিভাগৰ অধীনত চলাচল কৰা ব্যক্তিগত নাওসমূহৰ প্ৰতিখনকে কনিষ্ঠ অভিযন্তাৰ হতোৱাই পৰিদৰ্শন কৰাই এই নাওসমূহত থকা যাত্ৰী সুৰক্ষাৰ বন্দোৱস্ত আৰু নাৱৰ ‘টেকনিকেল ফিটনেছ’ সন্দৰ্ভত প্ৰতিবেদন দুদিনৰ ভিতৰতে উপায়ুক্তৰ হাতত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

আভ্যন্তৰীণ জলপৰিবহণ বিভাগে ৰাজ্যৰ ফেৰীসেৱাৰ ক্ষেত্ৰত বান্ধি দিয়া যাত্ৰী সুৰক্ষা বিষয়ক নীতি-নিয়ম ভংগ কৰা ব্যক্তিগত নাওসমূহ মাজুলী-নিমাতীঘাট ফেৰীসেৱাত চলাচল কৰাটো তাৎক্ষণিক ভাৱে সম্পূৰ্ণ বন্ধ কৰি দিয়া হ’ব বুলি বৈঠকত উপায়ুক্ত মিশ্ৰই বিভাগীয় বিসয়া-অভিযন্তাৰ লগতে ব্যক্তিগত স্বত্তাধিকাৰীসকলক স্পষ্ট কৰি দিয়ে।

ফেৰীসেৱাত চলাচল কৰা নাওসমূহত কোনো কাৰণতে অত্যধিক যাত্ৰী আৰু যান-বাহন তথা সামগ্ৰী নুঠাবলৈ উপায়ুক্ত গৰাকীয়ে নিমাতী, অফলামুখ আৰু কমলাবাৰীঘাটৰ দায়িত্বত থকা আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ কনিষ্ঠ অভিযন্তাকেইজনৰ লগতে ব্যক্তিগত নাৱৰ স্বত্তাধিকাৰীসকলক সতৰ্ক কৰি দিয়ে।

তদুপৰি নাৱৰ ‘বডী’ৰ ওপৰত যাত্ৰী উঠি অহাটো প্ৰশাসনৰ দৃষ্টিগোচৰ হ’লে সংশ্লিষ্ট নাও-ফেৰীৰ কৰ্মচাৰীৰ উপৰি স্বত্বাধিকাৰী তথা ঘাটৰ বিভাগীয় তত্বাৱধায়ককো জগৰীয়া কৰা হ’ব বুলি বৈঠকত উপায়ুক্ত মিশ্ৰই শেষবাৰলৈ সকলোকে সকীয়াই দিয়ে।

তাৰোপৰি কমলাবাৰী-নিমাতীঘাট আৰু অফলামুখ-নিমাতীঘাট জলপথত প্ৰতিদিনে পুৱাৰে পৰা বিয়লিলৈকে দুয়োফালৰ পৰা চলাচল কৰিব লগা প্ৰতিখন ফেৰীৰে নাম, নিৰ্দিষ্ট সময়, নাৱৰ স্বত্বাধিকাৰী আৰু গুৰিয়ালৰ নাম-নম্বৰ আগদিনাই উপায়ুক্তৰ ওচৰত দাখিল কৰিবলৈ বিভাগীয় কাৰ্যবাহী অভিযন্তাক উপায়ুক্ত মিশ্ৰই বৈঠকত নিৰ্দেশ দিয়ে। প্ৰতিখন জাহাজ তথা নাৱতে গুৰিয়ালসহ প্ৰতিগৰাকী কৰ্মচাৰীয়েই এতিয়াৰে পৰা ইউনিফৰ্ম আৰু পৰিচয় পত্ৰ পৰিধান কৰাটোও জিলা প্ৰশাসনে বাধ্যতামূলক কৰি দিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd