• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভুক্তভোগী মহিলাগৰাকীৰ বিৰুদ্ধে “পক্ষপাত” দেখিছে ন্যায়াধীশ ৰঞ্জন গগৈৰ প্ৰাক্তন “সহযোদ্ধা”ই

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
May 22, 2019 12:10 pm
Madan-B-Lokur_Sorabji

ছোলি ছোৰাবজী আৰু প্ৰাক্তন ন্যায়াধীশ মদন বি লকুৰ (সোঁফালে)। ফটোৰ উৎস : ইণ্টাৰনেট।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ত কৰ্মৰত অৱস্থাত মুখ্য ন্যায়াধীশৰ দ্বাৰা যৌন নিৰ্য্যাতনৰ সন্মুখীন হোৱা বুলি অভিযোগ অনা শীৰ্ষ আদালতখনৰ বৰ্খাস্ত হোৱা মহিলা কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে বিচাৰত পক্ষপাত হৈছে বুলি নিজৰ মত আগ বঢ়াইছে ন্যায়াধীশ ৰঞ্জন গগৈৰ একালৰ সহযোদ্ধা ন্যায়াধীশ মদন বি লুকুৰে।

যোৱা ডিচেম্বৰত শীৰ্ষতম আদালতখনৰ এজন ন্যায়াধীশ হিচাপে অৱসৰ লোৱা ন্যায়াধীশ লকুৰে দেশজুৰি চাঞ্চল্য সৃষ্টি কৰা গুৰুতৰ অভিযোগটোৰ বিচাৰ প্ৰক্ৰিয়াটোক “প্ৰতিষ্ঠানিক পক্ষপাত” আখ্যা দিছে।

Apply Now

“মোৰ বিশ্বাস যে কৰ্মচাৰীগৰাকীক নিৰপেক্ষতা প্ৰদান কৰা নহ’ল” ইণ্ডিয়ান এক্সপ্ৰে’ছত ন্যায়াধীশজনৰ উদ্ধৃতি।

ন্যায়াধীশ মদন বি লকুৰ পূৰ্বৰ ভাৰতৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ বিৰুদ্ধে অভূতপূৰ্ব নজিৰ সৃষ্টিৰে সংবাদমেল দিয়া তিনিজন জ্যেষ্ঠ ন্যায়াধীশৰ এজন আছিল, য’ত তেওঁৰ আন দুজন “সহযোদ্ধা” আছিল বৰ্তমানৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ কুৰিয়ান যোচেফ।

যোৱা বছৰৰ জানুৱাৰি মাহৰ উক্ত অতি ব্যতিক্ৰম ঘটনাটোত তিনিওজনে শীৰ্ষ আদালতখনৰ ন্যায়াধীশসকলৰ মাজত “গোচৰ বণ্টন”ৰ ক্ষেত্ৰত তদানীন্তন মুখ্য ন্যায়াধীশ মিশ্ৰৰ আচৰণৰ যথাৰ্থতাক লৈ ৰাজহুৱাকৈ প্ৰশ্ন তুলিছিল।

এসময়ৰ সতীৰ্থ ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে উঠা অভিযোগটোৰ বিচাৰ প্ৰক্ৰিয়াটোত অসন্তুষ্টি প্ৰকাশ কৰি ২১ মে’ত ৰাষ্ট্ৰীয় সংবাদপত্ৰখনৰ আগত লকুৰে লগতে কয়, “অভিযোগকাৰীক অভ্যন্তৰীণ কমিটীৰ প্ৰতিবেদনটোৰ এটা প্ৰতিলিপি দিয়াটো নিশ্চিত কৰিব লাগিছিল যাতে তেওঁ তেওঁ আৰু আনসকলে উঠোৱা প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিব পাৰে।”

তেওঁ মহিলাগৰাকীক প্ৰতিবেদনটোৰ প্ৰতিলিপি নিদিয়াৰ যুক্তি হিচাপে শীৰ্ষ আদালতখনৰ সিদ্ধান্তটোত মহাসচিবে উল্লেখ কৰা পূৰ্বৰ ইণ্দিৰা জৈচিং বনাম উচ্চতম ন্যায়ালয়ৰ গোচৰটোৰ ৰায়ক “প্ৰসংগ” হিচাপে দেখুওৱাটোকো অসংগত বুলি কয়।

প্ৰাক্তন ন্যায়াধীশজনৰ মতে, সেই সিদ্ধান্তটো মুঠেই প্ৰাসংগিক নহয়। তেওঁ কয়,- প্ৰথম কথা হ’ল, অভ্যন্তৰীণ কমিটীখন ১৯৯৯-২০০০ সময়ছোৱাত গ্ৰহণ কৰা ইন-হাউছ প্ৰচিডিউৰক যেনেদৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে বুজে তেনে নহয়।

দ্বিতীয় কথা হ’ল, সিদ্ধান্তটো এটা আনুষ্ঠানিক ইন-হাউছ অনুসন্ধানৰ (formal in-house enquiry) প্ৰসংগত দিয়া হৈছিল, অনানুষ্ঠানিক ইন-হাউছ কাৰ্য্যপদ্ধতিৰ (informal in-house proceedings) বা অভ্যন্তৰীণ কমিটীৰ কাৰ্য্যপদ্ধতিৰ প্ৰসংগত নহয়।

প্ৰাক্তন ন্যায়াধীশ লকুৰ মতে অভিযোগকাৰীক প্ৰতিবেদনৰ প্ৰতিলিপি দিয়াৰ কোনো বাধা-নিষেধ নাই।

“ইন-হাউছ প্ৰচিডিউৰতো কোনো বাধা-নিষেধৰ বিষয়ে উল্লেখ নাই আৰু উচ্চতম ন্যায়ালয়ৰ ৰায়টোতো এনে কথা উল্লেখ নাই। তাৰোপৰি কোনখন আইনৰ অধীনত অভিযোগকাৰীক প্ৰতিবেদন নিদিব পাৰি?” প্ৰশ্ন ন্যায়াধীশজনৰ।

ন্যায়াধীশক পৰাজিতসকলৰ অসন্তুষ্টি আৰু ৰোষৰ পৰা সুৰক্ষাকৱচ দিব লাগিব : ছোলি ছোৰাবজী

আনহাতে বিখ্যাত আইনবিদ তথা ভাৰতৰ প্ৰাক্তন এটৰ্নি জেনেৰেল ছোলি জাহাংগিৰ ছোৰাবজীয়ে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে উঠা অভিযোগৰ বিচাৰ প্ৰক্ৰিয়াটোৰ সমালোচনাক “অবাঞ্ছিত” আখ্যা দি এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ যুক্তিসহ মত দাঙি ধৰিছে।

“যদি আমি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক আস্থাত নলওঁ, তেতিয়া ভগৱানেহে দেশখনক বচাব। আমি অবাঞ্ছিত বিতৰ্কবোৰৰ ওপৰত ঢাকোন দিবই লাগিব আৰু অনুষ্ঠানটোক, ভাৰতৰ মুখ্য ন্যায়াধীশৰ পদটোক অধিক ক্ষতিৰ পৰা বচাব লাগিব”, ছোৰাবজীয়ে একেখন কাকততে যোৱা ১৪ মে’ত প্ৰকাশ পোৱা এটা প্ৰবন্ধত এইদৰে কয়, যিটো The Print-ত প্ৰথমে প্ৰকাশ পোৱা বুলি উল্লেখ কৰা হৈছে।

প্ৰাক্তন মহান্যায়াভিকৰ্তাজনে প্ৰবন্ধটোত অনুসন্ধান গোপনীয়তাৰে সম্পন্ন কৰা, অভিযোগকাৰীক উকীলৰ সহায় ল’বলৈ অনুমতি নিদিয়া, অনুসন্ধানৰ প্ৰতিবেদন কেৱল মুখ্য ন্যায়াধীশকক দিয়া আৰু অভিযোগকাৰীক নিদিয়া, প্ৰতিবেদন ৰাজহুৱা নকৰা বুলি সমালোচনা কৰাসকলৰ বাবে নিজৰ যুক্তিপূৰ্ণ মত আগ বঢ়াই কয়,-

“মোৰ দৃষ্টিত এই সমালোচনাবোৰ অগ্ৰহণীয়। ইয়াত উচ্চতম ন্যায়ালয়ে ১৯৯৯ চনত গ্ৰহণ কৰা ইন-হাউছ কমিটীৰ কাৰ্য্যপদ্ধতি (procedure) অনুসৰণ কৰা হৈছে। উদ্দেশ্যটো কোনো অসদাচাৰী ন্যায়াধীশক সুৰক্ষা বা দোষমুক্ত কৰা নহয়, ন্যায়িক ব্যৱস্থাটোৰ স্বতন্ত্ৰতাক ৰক্ষণাবেক্ষণ দিয়া আৰু ন্যায়াধীশসকলৰ ভীতিহীন কৰ্তব্য সম্পাদন নিশ্চিত কৰাহে। সেয়ে Peer Committee-ত (সহকৰ্মীৰে গঠিত কমিটীত) কেৱল কাৰ্য্যনিৰ্বাহ কৰি থকা ন্যায়াধীশকহে অন্তৰ্ভুক্ত কৰা হয়। এনে কমিটীত কোনো অৱসৰপ্ৰাপ্ত ন্যায়াধীশ, আইনবিদ, ৰাজনীতিবিদ আনকি শিক্ষাবিদো অন্তৰ্ভুক্ত হ’ব নোৱাৰে”।

তেওঁ “এজন ন্যায়াধীশক পৰাজিতসকলৰ অসন্তুষ্টি আৰু ৰোষৰ পৰা সুৰক্ষাকৱচ দিব লাগিব” বুলিও তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd