• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ই ভি এমৰ সলনি নিৰ্বাচন আয়োগক পেপাৰ বেলট প্ৰৱৰ্তন কৰাৰ আহ্বান উপমন্যু হাজৰিকাৰ

মানুহে ভোট দিছে, ই ভি এমত অহা নাই, এইটো চিধা কথা, বিজেপিৰ জ্যেষ্ঠ নেতাইয়ো মই ১ লাখ ভোট পাম বুলি কৈছিল : হাজৰিকা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 26, 2019 6:20 pm
d4b222ca-e3cd-49cb-9770-401acf539a25

দেওবাৰে গুৱাহাটীত উপমন্যু হাজৰিকাৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘মানুহে ভোট দিছে, ই ভি এমত অহা নাই, এইটো চিধা কথা।‘ সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত ২১,০০০ ভোট লাভ কৰি পৰাজিত হোৱা গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই ‘ই ভিএম’ত ভোটগ্ৰহণ পদ্ধতিৰ ওপৰত সন্দেহ প্ৰকাশ কৰি সংবাদমেলত এইদৰে কয়।

আজি উজানবজাৰস্থিত প্ৰব্ৰজন বিৰোধী মঞ্চৰ মুখ্য কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি হাজৰিকাই নিৰ্বাচনত পৰাজয় বৰণ কৰাক লৈ তেওঁৰ কোনো আক্ষেপ নাই বুলি মন্তব্য কৰে।

Apply Now

তেওঁ লগতে কয়, ‘’গুৱাহাটী লোকসভা সমষ্টিত মুঠ ১৭,৬৩,৭৫৭ টা ভোট প্ৰদান হোৱাৰ বিপৰীতে আমি মাত্ৰ ২১,১১৪ টা ভোট লাভ কৰিছো যিটো শতকৰা হাৰ  ১.২%। আমি আমাৰ শতাধিক সতীৰ্থই  প্ৰায় ৪০ দিনতকৈ অধিক সময় চলোৱা নিৰ্বাচনী প্ৰচাৰ অভিযানত যি সহানুভূতি আৰু সহযোগিতা পাইছিলো, তাৰ তুলনাত  এই ভোটৰ সংখ্যাটো তেনেই নগণ্য।‘’

তদুপৰি, নিৰ্বাচনী প্ৰচাৰত স্বতঃস্ফূৰ্তভাবে বহুলোকে হাজৰিকাক সহাঁৰি জনোৱা বুলি দাবী কৰি তেওঁ কয়, ‘’বহু লোকে নিজাববীয়াকৈ প্ৰচাৰ অভিযান চলাইছিল। এনে ক্ষেত্ৰত এই নিম্ন সংখ্যক ভোট পোৱাতো, ভোট প্ৰদান কৰা আমাৰ সমৰ্থক আৰু আমাৰ সতীৰ্থ সকলৰ কাৰণে আশ্ব্যৰ্যজনক।‘’

ইপিনে, উক্ত সংবাদমেলতে তেওঁ কিছুমান উদাহৰণ দাঙি ধৰি কয়, ‘‘আমাৰ কেন্দ্ৰীয় নিৰ্বাচনী কাৰ্যালয়টো পূব গুৱাহাটী সমষ্টিতেই আছে। আমি দৈনন্দিন সেই সমষ্টিৰ পৰা ৰাইজৰ সহযোগিতা পাই আছিলো আৰু তাত ভোটাৰ ৰাইজে জনোৱা তথ্যতকৈ বহুত কম ভোট (৪৬৮৯ টা মাত্ৰ) পোৱা হৈছে। এইটো কেৱল এটা সমষ্টিৰহে আৰু বাকী সকলো সমষ্টিৰ পৰাই আমি একে ধৰণৰ সহযোগিতা পাইছোঁ।‘’

‘’প্ৰায় ৯০%তকৈ অধিক ইভিএমত মোৰ নামত ভোট প্ৰদান কৰিছে, সমষ্টিৰ প্ৰায়ভাগ এলেকাত  সমান্তৰালভাবে এটাৰ পৰা ১০ টালৈ ভোট প্ৰদান কৰিছে । সকলো অঞ্চলতেই ৰাইজৰ সঁহাৰি আছে আৰু কিছু ঠাইত ভোট প্ৰদানৰ সংখ্যা আৰু অধিক হ’ব লাগিছিল।‘’ সংবাদমেলত হাজৰিকাৰ দাবী।

তদুপৰি, বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতাই তেওঁ গুৱাহাটী লোকসভা সমষ্টিৰ পৰা ১ লাখতকৈও অধিক ভোট পাব বুলি হাজৰিকাক কোৱাৰ কথাও তেওঁ সংবাদমেলত উল্লেখ কৰে।

‘’বিজেপিৰ এজন জ্যেষ্ঠ নেতা, মই নাম নকওঁ, তেওঁ আমি মনোনয়ন দাখিল কৰাৰ পাছত স্বয়ং কৈছিল ১ লাখৰ পৰা ২ লাখ ভোট আহিব। নিৰ্বাচন হৈ যোৱাৰ পাছত তেওঁ আমাক তাতকৈয়ো অধিক ভোট পৰিব বুলি কৈছিল,‘’-সংবাদমেলত হাজৰিকাৰ মন্তব্য।

আনহাতে, ঐতিহাসিকভাৱে গুৱাহাটী লোকসভা সমষ্টিৰপৰা কেৱল দুবাৰহে অৰ্থ্যাৎ ১৯৫১ চন আৰু ১৯৭১ চনৰ নিৰ্বাচনত কেন্দ্ৰত থকা শাসকীয় দলৰ প্ৰাৰ্থী নিৰ্বাচিত হৈছিল বুলিও তেওঁ কয়।

‘’১৯৭১ চনৰ পাছত এতিয়ালৈকে যোৱা ৯টা নিৰ্বাচনত শাসকীয় দলৰ প্ৰাৰ্থী নিৰ্বাচিত হোৱা নাই,’’-দাবী হাজৰিকাৰ।

ওপৰোক্ত তথ্য সমূহ দাঙি ধৰি ‘ই ভি এম’ প্ৰক্ৰিয়াটোৱেই ‘সন্দেহজনক’ বুলি আখ্যা উপমন্যু হাজৰিকাৰ।

‘’এই তথ্য সমূহ চালে ইভিএমটো এটা সঠিক ভোট প্ৰদানৰ মাধ্যম হোৱাৰ ওপৰত সন্দেহ ওপজে। আন্তঃৰাষ্ট্ৰীয় স্তৰত বহুখিনি শক্তিশালী গণতান্ত্ৰিক দেশ যেনে ইউ কে, ইউ এছ এ, ফ্ৰান্স, জাৰ্মানী ইত্যাদিত ইভিএম নিষিদ্ধ কৰিছে। ভাৰতবৰ্ষতো এই ক্ষেত্ৰত বহুতো দলে ইভিএমৰ বিৰোধিতা কৰিছে আৰু এই বিষয় লৈ ৰাজহুৱাভাবে দুয়ো পক্ষত তৰ্ক বিতৰ্ক চলি আছে।‘ ই. ভি. এমৰ পৰিৱৰ্তে এই ক্ষেত্ৰত এনে পেপাৰ বেলটৰ ব্যৱস্থাইহে নিৰ্বাচনী প্ৰক্ৰিয়াত সকলোৰে বিশ্বাস বজাই ৰাখিব পাৰিব বুলি হাজৰিকাই দাবী কৰে।

এই সম্পৰ্কত হাজৰিকাই ‘পেপাৰ বেলট’ পদ্ধতি প্ৰৱৰ্তন কৰিবলৈ আহ্বান জনাই নিৰ্বাচন আয়োগলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিব বুলিও সংবাদমেলযোগে সদৰী কৰে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd