• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত এইবাৰো উপস্থিত নাথকিব বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনা

চৈয়দ বছিৰ by চৈয়দ বছিৰ
May 28, 2019 1:25 pm
hasina-modi

ফাইল ফটো। সৌজন্য : নৰেন্দ্ৰ মোদী ডট ইন

1.7k
VIEWS
Share on FacebookShare on Twitter

নৰেন্দ্ৰ মোদীৰ সৈতে ব্যক্তিগতভাৱে ভাল সম্পৰ্ক থাকিলেও দ্বিতীয়বাৰৰ বাবে বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাই ভাৰতৰ প্ৰধান মন্ত্ৰী গৰাকীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিব।

বৰ্তমান জাপান, ছৌদি আৰৱকে ধৰি চাৰিখন ৰাষ্ট্ৰৰ ভ্ৰমণত ব্যস্ত থকা হাছিনাৰ কাৰ্যালয়ে নৰেন্দ্ৰ মোদীয়ে স্বাক্ষৰ কৰা শপত গ্ৰহণ অনুষ্ঠানৰ নিমন্ত্ৰণী পত্ৰ লাভ কৰাৰ পাছতে তেওঁ উপস্থিত থাকিবলৈ অপাৰগতা প্ৰকাশ কৰি ভাৰতীয় উচ্চায়ুক্তক জনাই দিছে।

উল্লেখযোগ্য যে তেওঁ জাপান ভ্ৰমণত থকা বাবেই ২০১৪ চনতো মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব পৰা নাছিল। অহা ৩০ মে’ৰ সন্ধিয়া দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দ্বিতীয়বাৰৰ বাবে প্ৰধান মন্ত্ৰী হিচাপে মোদীয়ে শপত গ্ৰহণ কৰিব।

অৱশ্যে, শপত গ্ৰহণ অনুষ্ঠানত বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদ উপস্থিত থাকিব। দেশখনৰ স্বাধীনতা যুদ্ধ বিভাগৰ মন্ত্ৰী এ কে মোজাম্মেল হকে ৰাষ্ট্ৰপতি আব্দুল হামিদক শপত গ্ৰহণ অনুষ্ঠানত সংগ দিব।

হকৰ মন্ত্ৰালয়ে ১৯৭১ চনৰ বাংলাদেশ যুদ্ধৰ সময়ত ভাৰতীয় সেনাৰ সৈতে গেৰিলা হিচাপে যুদ্ধত অৱতীৰ্ণ হোৱা সকলৰ বিষয় চোৱাচিতা কৰে। দেশখনৰ স্বাধীনতা যুদ্ধত ভাগ লোৱাসকলে ভাৰতৰ সৈতে এক নিকট আবেগিক সম্পৰ্ক ৰক্ষা কৰে তথা দেশখনত বহু সা-সুবিধা উপভোগ কৰি আছে আৰু মোদী চৰকাৰেও তেওঁলোকক ভিছা প্ৰদানৰ লগতে তেওঁলোকৰ সতি সন্ততিৰ বাবে বৃত্তিৰ ব্যৱস্থাকে ধৰি কিছুমান নতুন সা-সুবিধা আগবঢ়াইছে।

মোদী মন্ত্ৰী সভাৰ শপত গ্ৰহণ অনুষ্ঠানত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মাথ্ৰিপালা ছিৰিসেনাৰ দৰে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰৰ বহু মুৰব্বী উপস্থিত থাকিব।

মোদীয়ে পুনৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে বাংলাদেশে অমীমাংসিত হৈ থকা তিস্তা নদীৰ জল ভাগ বাটোৱাৰাৰ বিষয়টো আলোচনা কৰিবলৈ আগ্ৰহী হৈ আছে।

বাংলাদেশৰ শাসকীয় আৱামী লীগৰ সূত্ৰসমূহে ভাৱে যে মোদীয় জল ভাগ বাটোৱাৰাৰ চুক্তিখন কৰিবলৈ আগ্ৰহী যদিও পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰোধিতাৰ বাবে খুব সাৱধানে আগবাঢ়িছিল। পিচে, এইবাৰ লোকসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছে মুখ থেকেচা খোৱাৰ পাছত চুক্তিখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত উৎসাহিত হোৱাৰ সম্ভাৱনা আছে।

‘’মোদীয়ে যদি ই তিস্তা চুক্তি সফলতাৰে আগবঢ়াই নিব পাৰে, তেতিয়াহ’লে নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিজেপি নেতাসকলে কৰা বাংলাদেশ বিৰোধী সকলো মন্তব্য সত্ত্বেও মোদীয়ে বাংলাদেশত তেওঁৰ জনপ্ৰিয়তা বৃদ্ধি কৰিব পাৰে। ই হাছিনাৰ ভাৱমূৰ্তিও উজ্জ্বল কৰিব আৰু ভাৰতৰ প্ৰতি তেওঁৰ বিশ্বাস ৰখাৰ বিষয়টোক নায্যতা প্ৰদান কৰিব,’’-আৱামী লীগৰ জ্যেষ্ঠ নেতা আমিৰ হুছেইন অমুৱে এইদৰে কয়।

মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ বেছিভাগ চুবুৰীয়া ৰাষ্ট্ৰৰ মুৰব্বীকে আমন্ত্ৰণ জনোৱা হৈছে যদিও পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানক ভাৰতে আমন্ত্ৰণ জনোৱা নাই।

উল্লেখযোগ্য যে তেওঁৰ পূৰ্বসূৰী নৱাজ শ্বৰীফক ২০১৪ চনত মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছিল।

Recent News

ভাৰত-পাকিস্তানৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে বৃদ্ধি পালে দেশৰ প্ৰতিৰক্ষা বাজেট

ভাৰত-পাকিস্তানৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে বৃদ্ধি পালে দেশৰ প্ৰতিৰক্ষা বাজেট

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd