• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছৰ দিনতকৈও ভয়ংকৰ দুৰ্নীতি : নিবিদা প্ৰক্ৰিয়া চলি থাকোতেই কেইবাটাও কাম সম্পূৰ্ণ জলসিঞ্চন বিভাগত

নিবিদাৰ প্ৰ-পত্ৰ জমা দিয়া বাকচ খোলাই নাই; কেইবাটাও কাম সম্পূৰ্ণ কৰি আজৰি হৈ আছে “ক্ষমতাশালী” পক্ষ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 8, 2019 4:59 pm
APW

জলসিঞ্চন বিভাগৰ দুৰ্নীতি উদঙাই আছাম পাব্লিক ৱৰ্কছৰ সংবাদমেল। ৬ জুন, ২০১৯ত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰী কাম-কাজৰ লেহেমীয়া গতিৰ খবৰে অসমত সাধাৰণতেই বাতৰিৰ শিৰোনাম দখল কৰি থাকে। কিন্তু এইখন অসমতেই এটা চৰকাৰী বিভাগত বিভাগীয় জাননীৰ আগতেই কাম সম্পূৰ্ণ হোৱাৰ খবৰে সকলোকে আচৰিত কৰিছে।

অসম চৰকাৰৰ জলসিঞ্চন বিভাগত ঘটিছে এনে ঘটনা। বিভাগটোৰ অধীনত কেইবাটাও কামৰ বাবে নিবিদা আহ্বান হৈছিল যদিও নিবিদাৰ প্ৰ-পত্ৰ জমা দিয়া বাকচ নোখোলোতেই ইয়াৰে বহু কেইটা কাম সম্পূৰ্ণ হোৱাৰ তথ্য আমাৰ হাতত পৰিছে।

Apply Now

৮ জুনত আছাম পাব্লিক ৱৰ্কছে গুৱাহাটীৰ গৌৰী সদনত এখন সংবাদমেলযোগে এই সমগ্ৰ ঘটনা পোহৰলৈ আনে। সংগঠনটোৱে জানিবলৈ দিয়া মতে যোৱা ২৭ মে’ত জলসিঞ্চন বিভাগৰ গুৱাহাটী সংমণ্ডলে GDI/QT/50/Pt-V/327 নম্বৰৰ বিজ্ঞাপনযোগে ১৫টা কামৰ বাবে নিবিদা আহ্বান কৰিছিল। নিবিদাৰ মুঠ ধাৰ্য্য ধনৰ পৰিমাণ আছিল ১,৪৯,১১,৯৮০.০০ টকা।

সেই নিবিদাৰ প্ৰ-পত্ৰ জমা দিয়া বাকচ খোলা হ’ব অহা ১০ জুন তাৰিখে বিয়লি ৩ বজাত। নিয়ম অনুসৰি তাৰ পাছতহে যোগ্যজনে নিবিদা লাভ কৰিব আৰু কাম আৰম্ভ হ’ব। কিন্তু অসম চৰকাৰৰ এই বিভাগটোত নিবিদাৰ বাকচ খোলাৰ পূৰ্বে নিবিদাত উল্লেখ থকা ৫টা কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা বুলি অসম পাব্লিক ৱৰ্কছে সংবাদমেলখনত তথ্যসহ প্ৰকাশ কৰিছে।

সংগঠনটোৱে জনোৱা মতে বিভাগটোৰ গুৱাহাটী সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তা মনেশ্বৰ ডেকাৰ নেতৃত্বতে  এনে কামসমূহ চলি আছে। বিশেষ ক্ষমতাৰে ক্ষমতাশালী হৈ মনেশ্বৰ ডেকা এতিয়া জলসিঞ্চন বিভাগত ‘উঠি ৰজা বহি ৰজা’ হোৱা বুলি সংবাদমেলত আসাম পাব্লিক ৱৰ্কছৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে জানিবলৈ দিয়ে।

‘গুৱাহাটী সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তাৰ চকীখনত বহিয়েই মনেশ্বৰ ডেকাই দুৰ্নীতিৰ হাতোৰা মেলি বিভিন্ন ঠিকা-ঠুকুলি কোনো নিবিদা অবিহনে নিজৰ পচন্দৰ মানুহৰ হতুৱাই কৰোৱা আৰম্ভ কৰে। মেৰামতিৰ পৰা যোগানলৈ বিভাগীয় নীতি-নিয়মক ভৰিৰে মোহাৰি কাকো কেৰেপ নকৰাকৈ সকলোতে হাতোৰা মেলে’, অসম পাব্লিক ৱৰ্কছৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে সংবাদমেলত কয়।

উল্লেখ্য যে, আহ্বান কৰা নিবিদাৰ বিজ্ঞাপনত উল্লেখ থকা ১৫টা কামৰ ভিতৰত ইতিমধ্যেই কাম সম্পূৰ্ণ হোৱা পাঁচটা কামৰ বিৱৰণ এনেধৰেণৰ- ১) M & R works of Renovation of various officer’s rooms, Chief Engineer’s (Irrigation) Office Building at Chandmari , Guwahati- 03 (ধাৰ্য্য ধনৰ পৰিমাণ ৯,৫৮,৪৯০.০০ টকা),

২) M & R works for Renovation of Foreman Quarter at Chandmari, Irrigation Colony for the year 2018-19 (ধাৰ্য্য ধনৰ পৰিমাণ ৬,৩৮,৬২০ টকা)

৩) M & R works for protection wall of Ladies toilet at Chief Engineer’s Office Building, Irrigation, Chandmari, Guwahati- 03 (ধাৰ্য্য ধনৰ পৰিমাণ ১,৫১,৬০০.০০ টকা)।

৪) M & R works for Renovation of Doors, Windows and internal water supply of Ladies toilet at Chief Engineer’s Office Building, Irrigation, Chandmari , Guwahati- 03 (ধাৰ্য্য ধনৰ পৰিমাণ ১,৪৮,৩৩৪.০০ টকা)

৫) M & R works to Construction of sanitary latrine and septic tank, approacj road etc. at Chandmari section, Irrigation. ((ধাৰ্য্য ধনৰ পৰিমাণ ৬,৩৯,৫৭৬.০০ টকা)।

আসাম পাব্লিক ৱৰ্কছৰ দাবী, মনেশ্বৰ ডেকা নামৰ গুৱাহাটী সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তাজনে নিজৰ মানুহৰ হতুৱাই এই কামসমূহ সম্পূৰ্ণ কৰিছে।  কেৱল নিয়মমাফিক নিবিদা আহ্বান কৰিব লাগে বাবেহে কৰিছে। আসাম পাব্লিক ৱৰ্কছে এই নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ অনিয়মৰ মাজেৰ হোৱা বুলি দাবী কৰাৰ লগতে এই প্ৰক্ৰিয়া বাতিল কৰাৰ দাবীৰে সংগঠনটোৱে মুখ্য মন্ত্ৰীলৈও স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে।

দুৰ্নীতি নিবাৰক শাখাৰ জৰিয়তে এই প্ৰক্ৰিয়াটোৰ তদন্ত কৰি মনেশ্বৰ ডেকাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰো দাবী কৰে আসাম পাব্লিক ৱৰ্কছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd