• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঈদৰ সাংস্কৃতিক অনুষ্ঠানত শিল্পীক উলংগ নৃত্য প্ৰদৰ্শনৰ হেঁচা দিয়া ঘটনাত জড়িতক গ্ৰেপ্তাৰৰ ইংগিত হিমন্তৰ

কোচবিহাৰৰ পৰা উলংগ নৃত্যৰ শিল্পী আহিব বুলি আয়োজকে পইচা লৈছিল স্থানীয় যুৱকসকলৰ পৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 9, 2019 5:22 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বকোত ঈদৰ সাংস্কৃতিক অনুষ্ঠানত শিল্পীক উলংগ নৃত্য প্ৰদৰ্শনৰ বাবে হেঁচা দিয়া ঘটনাটোৱে ছ’চিয়েল মিডিয়াত ব্যাপক আলোড়ন সৃষ্টি কৰি থকাৰ সময়তে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া কৰিছে মন্ত্ৰী হিমন্ত বিশ্বই।

মন্ত্ৰীজনৰ ইংগিত, অচিৰেই গ্ৰেপ্তাৰ হ’ব এই নিন্দনীয় ঘটনাটোত জড়িত “গুণ্ডা প্ৰকৃতিৰ” যুৱককেইজন।

Apply Now

“ইতিমধ্যে ঘটনাটো সন্দৰ্ভত মুখ্য মন্ত্ৰীয়ে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকৰ সৈতে কথা পাতিছে”, নিজেও আৰক্ষী অধীক্ষকজনৰ সৈতে কথা পতা বুলি জানিবলৈ দি হিমন্তই সংবাদ মাধ্যমৰ আগত কয়।

মন্ত্ৰীজনে ধৰ্মীয় অনুষ্ঠানত এনে নৃত্যৰ “দাবী” সন্দৰ্ভত মন্তব্য দিবলৈ অস্বীকাৰ কৰে যদিও কঠোৰ ব্যৱস্থা লোৱাৰ বাবে প্ৰশাসনক আহ্বান জনায়।

“যুৱতীগৰাকী আৰু নৃত্যশিল্পীৰ দলটোক যিসকল তথাকথিত গুণ্ডা প্ৰকৃতিৰ ল’ৰাই বা যুৱকে মান হানি কৰিলে বা শ্লীলতা হানি কৰিলে, তেওঁলোকক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰিব লাগে, শাস্তি দিব লাগে, আৰু এনেকুৱা ধৰণৰ কাম আগলৈ যাতে হ’ব নোৱাৰে দৃষ্টান্তমূলক ব্যৱস্থা ল’ব লাগে”, মন্ত্ৰী হিমন্তৰ মন্তব্য।

উল্লেখযোগ্য যে ৭ জুনত বকোৰ ঘটনাৱে ইতিমধ্যে ছ’চিয়েল মিডিয়াত যথেষ্ট আলোড়নৰ সৈতে চৰ্চাত থকা দেখা গৈছে।

আনহাতে ভুক্তভোগী ৰেইনবো ডান্স গ্ৰুপৰ পৰিচালকগৰাকীয়ে ছয়গাওঁ আৰক্ষী থানাত ভুৱা দি শিল্পীৰ দলটোক মাতি নিয়া প্ৰৱঞ্চক ছমৰীয়াৰ কুদ্দুচ আলী আৰু নিৰ্য্যাতনকাৰীসকলৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে।

কুদ্দুচ আলীক শিল্পী দলটোৰ সৈতে বকোৰ সঞ্জয় চৌধুৰীয়ে চিনাকি কৰাই দিছিল আৰু কুদ্দুচ আলীয়ে ৩৭ হাজাৰ টকাত তেওঁলোকক নৃত্য প্ৰদৰ্শনৰ বাবে বন্দৱস্ত কৰিছিল।

কেনেকৈ আৰু কি ঘটিছিল উক্ত নিশা?

এজাহাৰত উল্লেখ কৰা মতে, ঘটনাৰ দিনা পূৰ্বে বন্দৱস্ত কৰামতেই বকোৰ পৰা ৪২জনীয়া শিল্পীৰ দলটো ছমৰীয়াত উপস্থিত হৈছিল যদিও তাত কোনো সাংস্কৃতিক অনুষ্ঠানৰ পৰিৱেশ নেদেখি দলটোৰ পৰিচালকে কুদ্দুচ আলীক ফোনত যোগাযোগ কৰে।

তেতিয়া আলীয়ে তেওঁলোকক আচলপাৰাৰ জোৰশিমলিলৈ অনুষ্ঠান পৰিৱেশন কৰিবলৈ মাতে। দলটো তালৈ গৈ তাতো কোনো সাংস্কৃতিক অনুষ্ঠানৰ পৰিৱেশ নেদেখে। কিন্তু দলটোক টিনপাটেৰে ঘেৰ দি থোৱা এডোখৰ ঠাইত প্ৰৱেশ কৰিবলৈ জোৰ কৰে আৰু নৃত্য পৰিৱেশন কৰিবলৈ কয়।

নৃত্য শিল্পীৰ দলটোৱে স্বকীয় সংস্কৃতিৰ নৃত্য পৰিৱেশ কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে তাত থকা ৭০০-৮০০ উচ্ছৃংখল যুৱকে উদ্ভণ্ডালি কৰিবলৈ আৰম্ভ কৰে আৰু তেওঁলোকক অশ্লীল নৃত্য পৰিৱেশন কৰিবলৈ চিঞৰি চিঞৰি দাবী কৰে। কমিটীৰ মানুহেও ইয়াত সমৰ্থন জনায়।

অলপ পিছতে উচ্ছৃংখল যুৱকসকলে শিল্পীসকলৰ কাপোৰত ধৰি টনা-আঁজোৰা কৰে আৰু অশ্লীল নৃত্য নকৰিলে ডেগাৰেৰে হানি মৰাৰ ভাবুকি দিয়ে। উচ্ছৃংখল যুৱকসকলে তেওঁলোকক জনায় যে কোচবিহাৰৰ পৰা উলংগ নৃত্যৰ শিল্পী আহিব বুলি আয়োজকে তেওঁলোকৰ পৰা বহুত টকা লৈছিল। সেয়ে তেওঁলোকক উলংগ নৃত্য কৰাৰ বাৰম্বাৰ দাবী তোলে। উচ্ছৃংখল যুৱকসকলে অতি অশালীন ব্যৱহাৰ কৰাৰ লগতে শিল্পী দলৰ ছোৱালীবোৰক য’তে-ত’তে স্পৰ্শ কৰিছিল।

শিল্পীৰ দলটোৱে কোনোমতে পলাই সাৰি সেই টিনপাটৰ ঘেৰটোৰ পৰা ওলাই আহি এখন গাড়ীত উঠে। কিন্তু উদণ্ড, উচ্ছৃংখল মানুহৰ দলটোৱে গাড়ীখনতো কুঠাৰ আৰু চিপৰাঙেৰে আক্ৰমণ কৰাত গাড়ীখনৰো ক্ষতি হয়।

পিছত বকো আৰক্ষীৰ তৎপৰতাত পুৱতি নিশা শিল্পীৰ দলটো বকো থানাত উপস্থিত হ’বলৈ সক্ষম হয়। আমন্ত্ৰণ কৰোতাই প্ৰতিশ্ৰুত টকা এটাও নিদিয়ে।

 

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

June 14, 2026 8:13 pm
বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

June 14, 2026 7:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd