• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বহিৰ্জগতৰ প্ৰাণীয়ে অপহৰণ কৰিছে বায়ুসেনাৰ নিৰুদ্দিষ্ট বিমান : জী নিউজৰ সাংবাদিকৰ দাবীত দেশজুৰি হাঁহিৰ খলকনি

এন ই নাও নিউজ by এন ই নাও নিউজ
June 9, 2019 9:09 pm
Alien Claim
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ ভাৰতত বিজ্ঞান, প্ৰযুক্তি, আধুনিক চিকিৎসা পদ্ধতিক ভেঙুচালি কৰা মানুহৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে এই “পৰিৱৰ্তন”বোৰৰ সৈতে খাপ খুৱাই মন্তব্য কৰিবলৈ ধৰিছে সংবাদ জগতৰ লোকসকলেও।

অৰুণাচলৰ আকাশমাৰ্গৰ পৰা যোৱা ৩ জুনত নিৰুদ্দিষ্ট হোৱা বায়ুসেনাৰ বিমানখনৰ সৈতে “বহিৰ্জগতৰ প্ৰাণী”ৰ সম্পৰ্ক স্থাপনেৰে এইবাৰ দেশৰ সচেতন মহলৰ চকু কপালত তুলিছে Zee media-ৰ এজন সাংবাদিকে।

Apply Now

Zee media-ৰ এটা চেনেল Zee Hindustan –ৰ এজন সাংবাদিকে অলপতে “एलियन ले गया विमान?” (অৰ্থ- বিমানখন বহিৰ্জগতৰ প্ৰাণীয়ে অপহৰণ কৰিছে?) টেগলাইনৰ অধীনত পৃষ্ঠভূমিত এনিমেটেড ভিডিঅ’ৰ সৈতে ঘটনাটোৰ এটা বিশ্লেষণ আগ বঢ়াইছিল।

“আপোনালোকে ঠিকেই শুনিছে, ভাৰতীয় বায়ুসেনাৰ বিমানখন এলিয়েনে লৈ গৈছে। আৰু সেয়ে চাৰিদিন ধৰি পূৰা ছিষ্টেম লগাই নিৰুদ্দিষ্ট বিমানখনৰ সন্ধান কৰিও একো শুংসূত্ৰ উলিয়াব পৰা নাই”, এংকৰজনৰ ভাষ্য।

বাতৰিটোৰ সৈতে বিভিন্ন বিচ্ছিন্ন ভিডিঅ’ৰ টুকুৰাও, যিবোৰৰ কিছুমান ভিডিঅ’ গেইমৰ অংশ, প্ৰদৰ্শন কৰা হয়।

উল্লেখযোগ্য যে ৩ জুনত AN-32 বিমানখনে যোৰহাট বিমান বন্দৰৰ পৰা ১২.২৫ বজাত চীন সীমান্তৰ কাষৰ অৰুণাচল প্ৰদেশৰ মাচুকা এডভান্স লেণ্ডিং গ্ৰাউণ্ডৰ দিশত উৰণ কৰিছিল। তাৰ পিছৰ পৰাই বিমানখনৰ কোনো সন্ধান এই পৰ্য্যন্ত উলিয়াব পৰা নাই উন্নত প্ৰযুক্তিৰে চহকী বায়ুসেনাই। বায়ুসেনাই ইতিমধ্যে বিমানখনৰ সন্ধান দিওঁতালৈ ৫ লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছে।

লগতে পঢ়ক বায়ুসেনাৰ সন্ধানহীন বিমানৰ সন্ধান দিওঁতালৈ ৫ লাখ টকাৰ পুৰস্কাৰ

ঘটনাটোক লৈ সাংবাদিকজনৰ এই উদ্ভট মন্তব্যই স্বাভাৱিকতে দেশজুৰি হাস্য আৰু ব্যংগৰ উদ্ৰেক কৰাৰ লগতে বহুতে টুইটাৰ আৰু ফেইচবুকত বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া কৰিছে।

টুইটাৰত এজনৰ মন্তব্য, “Now you know how this Dalal Modia got 140th rank in the world”

আন এজনৰ কমেণ্ট,“According to Zee News, AN-32 has been hijacked by aliens. Such damn channel especially “For the Bhakts,By the Bhakts”

এজনে ব্যংগ কৰি কয়, Aliens le gaye hain Zee News walo ka dimag! (অৰ্থাৎ, এলিয়েনে জী-নিউজৰ সাংবাদিকসকলৰ মগজুখিনি লৈ গ’ল)

সাংবাদিকজনৰ এই নতুন উদ্ভট মন্তব্যই ছ’চিয়েল মিডিয়া য়ুজাৰক সংবাদ প্ৰতিষ্ঠানটোৰ মঞ্চৰ পৰা পূৰ্বেও কেইবাজনে কৰা একেধৰণৰ আজৱ মন্তব্য সোঁৱৰাই দিছে।

বিমুদ্ৰাকৰণৰ সময়ত সংবাদ প্ৰতিষ্ঠানটোৰ এজন সাংবাদিকে নতুন দুহেজাৰ টকীয়া নোটত electronic chip লগোৱা আছে, যাৰ বাবে মাটিৰ দুফুট তলত পুতি ৰাখিলেও ক’লা টকা ধৰা পেলাব পৰা যাব বুলি দাবী কৰি হঁহুৱাইছিল।

আন এজনে উত্তৰ ভাৰতৰ গ্ৰীষ্মপ্ৰবাহৰ কাৰণে পাকিস্তান দায়ী বুলি উদ্ভট দাবী কৰিছিল।

আনহাতে বিজেপিৰ নেতা, বিধায়ক, মন্ত্ৰীয়েও দৈনিক নাভূত-নাশ্ৰুত দাবীৰে দেশৰ বিজ্ঞানমনস্ক জনাংশৰ মনত সংশয়ৰ উদ্ৰেক কৰি আহিছে। নিউটন, ডাৰউইন, ষ্টিফেন হকিঙৰ বৈজ্ঞানিক গৱেষণালব্ধ সত্যক টিলিকতে উৰুৱাই আহিছে এওঁলোকে।

বিগত লোকসভা নিৰ্বাচনৰ সময়ত ৰাডাৰ আৰু ই-মেইলৰ বিষয়ত উদ্ভট মন্তব্যৰে খোদ প্ৰধান মন্ত্ৰী মোদীয়ে হাঁহিৰ খোৰাক যোগাইছিল দেশৰ চেতনাযুক্ত মানুহক।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd