• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১১৭ সংখ্যক জন্ম দিৱসত জ্যোতিপ্ৰসাদৰ আৱক্ষ মুৰ্তি উন্মোচন মুখ্যমন্ত্ৰী সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 17, 2019 8:07 pm
Jyotiprasad Statue

জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ আৱক্ষ মুৰ্তি উন্মোচন কৰাৰ সময়ত সৰ্বানন্দ সোণোৱাল।

947
VIEWS
Share on FacebookShare on Twitter

আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মভূমি আৰু কৰ্মভূমি তামোলবাৰী চাহ বাগিছাত শিল্পীগৰাকীৰ ১১৭ সংখ্যক জন্ম দিৱস উপলক্ষে তামোলবাৰী টি কোম্পানী প্ৰাইভেট লিমিটেডে আয়োজন কৰা জ্যোতি জন্ম জয়ন্তী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জ্যোতিপ্ৰসাদৰ আৱক্ষ মুৰ্তি উন্মোচন কৰে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি দিয়া ভাষণত সোণোৱালে জ্যোতিপ্ৰসাদৰ আদৰ্শৰে অসমীয়া জাতিয়ে ভাৰতৰ বুকুত সামাজিক, সাংস্কৃতিক আৰু আধ্যাত্মিক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰাৰ প্ৰয়াস চলাই আহিছে বুলি মন্তব্য কৰে। তেওঁ অনভিজ্ঞ শিল্পীক লৈ প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ নিৰ্মাণ কৰি অসমীয়া চলচ্চিত্ৰৰ যাত্ৰাৰ সূচনা কৰিছিল বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

আনহাতে, ‘জয়মতী’ নিৰ্মাণৰ জৰিয়তে জ্যোতি প্ৰসাদে মহিলা সৱলীকৰণৰৰ বাবেও বলিষ্ঠ পদক্ষেপ লৈছিল বুলি সোণোৱালে কয়। মুখ্য মন্ত্ৰীয়ে অসমৰ উঠি অহা প্ৰজন্মক জ্যোতিপ্ৰসাদৰ আদৰ্শৰে অসমৰ বৰ্ণাঢ্য সাংস্কৃতিক জগতখনত আগুৱাই নিবলৈ আহ্বান জনায়।

তদুপৰি, অসমৰ সমাজ জীৱনৰ বাবে স্থাপন কৰিবলগীয়া জ্যোতি তীৰ্থ সন্দৰ্ভত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াই ‘জ্যোতি তীৰ্থ’ক মাজুলীত স্থাপন কৰা সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ এক চৌহদ হিচাপে স্বীকৃতি প্ৰদানৰ বাবে যি পৰামৰ্শ আগবঢ়াইছে সেয়া অতি গুৰুত্বপূৰ্ণ বুলি কয়।

মুখ্য মন্ত্ৰীৰ উপৰিও অনুষ্ঠানত ভাষণ প্ৰদান কৰে বিশিষ্ট সাহিত্যক নগেন শইকীয়া, তামোলবাৰী টি কোম্পানী প্ৰাইভেট লিমিটেডৰ সঞ্চালক দেৱীপ্ৰসাদ বাগড়োদিয়াই। দুয়োগৰাকী বিশিষ্ট ব্যক্তিয়ে জ্যোতিপ্ৰসাদৰ ৰচনাৱলী তথা সাহিত্যাৰাজি বিভিন্ন ভাষালৈ অনুবাদ কৰাৰ লগতে এইবোৰ শ্ৰেণী বিভক্ত কৰি প্ৰণালীবদ্ধভাৱে সংৰক্ষণ কৰাৰ বাবে আহ্বান জনায়।

আজিৰ অনুষ্ঠানত তামোলবাৰী চাহ বাগিছাত জ্যোতিপ্ৰসাদৰ আৱক্ষ মুৰ্তি উদ্বোধন কৰাৰ লগতে দেৱী প্ৰসাদ বাগড়োদিয়া আৰু নগেন শইকীয়াই লিখি উলিওৱা ক্ৰমে ‘জ্যোতি প্ৰসাদ আগৰৱালা-এনচেষ্টাৰ্চ এণ্ড তামোলবাৰী’ আৰু ‘ভাৰতীয় ঐতিহ্য’ শীৰ্ষক গ্ৰন্থ দুখন উন্মোচন কৰা হয়।

অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ লগতে বিধায়ক প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কন্যা জয়শ্ৰী চলিহা, সত্যাশ্ৰী দাস, জ্ঞানশ্ৰী পাঠক, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ কন্দৰ্প ডেকাকে ধৰি ভালেসংখ্যক গণ্য-মান্য ব্যক্তিসকল উপস্থিত আছিল।

Recent News

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd