• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতত ধৰ্মীয় অসহিষ্ণুতা বৃদ্ধি পাইছে, ধৰ্মই মানুহক ভাগ ভাগ কৰিছে : ড০ লক্ষ্মীনন্দ বৰা

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
June 19, 2019 2:12 pm
IMG-20190618-WA0009

ফটো : নৰ্থ-ইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘বৰ্তমানৰ পৃথিৱীত যথেষ্ট ধৰ্ম বিৰোধ ঘটিছে। ধৰ্মীয় মৌলবাদী সকল বিশ্বৰ এটা প্ৰধান সমস্যা হৈ পৰিছে। ভাৰততো ধৰ্মীয় অসহিষ্ণুতা বৃদ্ধি পাইছে, ধৰ্মই মানুহক ভাগ ভাগ কৰিছে। গতিকে বৰ্তমান সময়ত শংকৰ দেৱে প্ৰচাৰ কৰা ধৰ্মৰ প্ৰয়োজন আহি পৰিছে। শংকৰী ধৰ্মই হে এনে সমস্যা দূৰ কৰিব পাৰে’। এই মন্তব্য অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্মীনন্দ বৰাৰ।

মঙলবাৰে শিৱসাগৰৰ ঐতিহাসিক জয়সাগৰ মহাবিদ্যালয়ত অনুষ্ঠিত অধ্যাপক শৰৎ মহন্ত স্মাৰক বক্তৃতা অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে সাহিত্য সভাৰ প্ৰাক্তন সভাপতিজনে।

Apply Now

সাম্প্ৰতিক কালত শংকৰদেৱৰ প্ৰাসংগিকতা আৰু পুনঃপ্ৰতিষ্ঠাৰ প্ৰচেষ্টা শীৰ্ষক বক্তৃতানুষ্ঠানত তেওঁ কয়, ‘শংকৰদেৱৰ ধৰ্ম হ’ল সমন্বয়, ঐক্য-সম্প্ৰীতি। বৰ্তমানৰ সময়ত এই ধৰ্মৰ প্ৰাসংগিকতা বৃদ্ধি পাই আহিছে। শংকৰদেৱৰ ধৰ্মত সাম্প্ৰদায়িকতা নাই, জাতি ভেদ নাই, নাই উচ্চ নীচৰ ভেদাভেদ। এই ধৰ্মৰ লোক সকলে সকলোকে সম মৰ্যাদা দিয়ে আৰু সকলোৰে সমানে বৈষয়িক, আধ্যাত্মিক উন্নতি হোৱাটো বিচাৰে’।

তেওঁ লগতে কয় যে কোনো কোনো অসমীয়া পণ্ডিত আৰু ধৰ্ম ব্যৱসায়ীয়ে শংকৰ দেৱৰ ধৰ্মত নাৰীয়ে উপযুক্ত স্থান পোৱা নাই বুলি কোৱাৰ লগতে ব্ৰাহ্মণক শৰণ দিয়া নাছিল বুলি অপব্যাখ্য চলাইছে। প্ৰকৃততে এই ধৰ্মত নাৰীসকলক ধৰ্ম চৰ্চাৰ পৰা বঞ্চিত কৰা হোৱা নাছিল আৰু তেওঁলোকে সংগীত চৰ্চাও কৰিছিল বুলিহে তেওঁ মন্তব্য কৰে।

তেওঁ লগতে কয় যে শংকৰদেৱৰ নাতিনী কনকলতাই বিলুপ্তি প্ৰায় বৰদোৱা থান পুনৰ নিৰ্মাণ কৰাইছিল। শংকৰদেৱে ব্ৰাহ্মণক শৰণ নিদিয়াটো মনে সজা। শংকৰদেৱে ৰাম ৰাম গুৰু, অনন্ত কন্দলী, দামোদৰ দেৱ আৰু হৰি দেৱক শৰণ দিছিল। এই আটাইকেইজন ব্ৰাহ্মণ আছিল বুলি তেওঁ কয়।

অনুষ্ঠানত ড০ লক্ষ্মীনন্দ বৰাই শৰৎ মহন্তৰ জীৱন আৰু কৰ্মৰ বিষয়ে আলোকপাত কৰি কয়, ‘শৰৎ মহন্তৰ ইতিহাসৰ ব্যাখ্যাত মৌলিকতা আছিল। তেওঁ উজনি অসমৰ এজন সক্ৰিয় ব্যক্তি আছিল’।

শিৱসাগৰ প্ৰেছ ক্লাবে আয়োজন কৰা এই অনুষ্ঠানৰ সভাপতিত্ব কৰে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যাপক ড০ সব্যসাচী মহন্তই। অনুষ্ঠানটোৰ আঁত ধৰে শিৱসাগৰ প্ৰেছ ক্লাৱৰ সম্পাদক উনামূল হাজৰিকাই। অনুষ্ঠানটোত শিৱসাগৰ কলেজৰ অধ্যক্ষ ড০ প্ৰফুল্ল কলিতা, শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহা, বিদ্যালয়সমূহৰ সংমণ্ডল পৰিদৰ্শক আব্দুল জেজিল, শৰৎ মহন্তৰ সহধৰ্মিনী মিনা মহন্ত, জেষ্ঠ্য পুত্ৰ পাৰ্থসাৰথি মহন্তকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

এই অনুষ্ঠানতে শৰৎ মহন্তৰ কন্যা ড০ উপাসনা মহন্তই পৰিচালনা কৰা শৰৎ মহন্ত শৈক্ষিক ন্যাসে প্ৰতিবছৰৰ দৰে এইবছৰো ৰংপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা ছাত্ৰীক শৈক্ষিক বঁটা প্ৰদান কৰে। ন্যাসে আগন্তুক বৰ্ষৰ পৰা শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা কলা আৰু বিজ্ঞান শাখাৰ স্নাতক পৰীক্ষাত সৰ্বাধিক নম্বৰ লৈ উত্তীৰ্ণ হোৱা দুগৰাকী ছাত্ৰ বা ছাত্ৰীক উচ্চ শিক্ষাৰ বাবে নগদ দহ হাজাৰ টকা প্ৰদান কৰিব বুলি ঘোষণা কৰে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd