• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বনাথৰ বিদ্যুৎস্পৃষ্ট ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা; দুগৰাকী বিদ্যুৎ কৰ্মচাৰীক নিলম্বন

মৃতকৰ পৰিয়াললৈ তাৎক্ষণিকভাৱে আঢ়ৈ লাখ টকাৰ সাহায্য প্ৰদান

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
June 26, 2019 10:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বনাথ চাৰিআলিৰ মাজমজিয়াত আজি পুৱা সংঘটিত বিদ্যুৎস্পৃষ্টৰ ঘটনাৰ এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰিছে বিশ্বনাথ জিলা প্ৰশাসনে। উপায়ুক্তৰ সভাকক্ষত আজি বিয়লি অনুষ্ঠিত এক ৰাজহুৱা সভাত উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডে এই কথা ঘোষণা কৰে।

ঘটনাটোৰ তদন্তৰ বাবে জিলাখনৰ জ্যেষ্ঠ অতিৰিক্ত উপায়ুক্ত তথা অতিৰিক্ত জিলা দণ্ডাধীশ দিগন্ত বৈশ্যক দায়িত্ব অৰ্পণ কৰা হৈছে আৰু এসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আনহাতে বিদ্যুৎ বিভাগৰ তৰফৰ পৰাও ঘটনাটোৰ এক বিভাগীয় তদন্ত আৰম্ভ হৈছে আৰু কৰ্তব্যত গাফিলতিৰ বাবে প্ৰথম পৰ্যায়ত আজিয়েই দুগৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে।

মৃতকৰ পৰিয়াল, স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত আজিৰ সভাতে উপস্থিত সকলোৱে বিদ্যুৎ বিভাগৰ গাফিলতিক কঠোৰ ভাষাৰে নিন্দা কৰে আৰু ঘটনাত দোষী সাব্যস্ত হোৱাসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী তোলে।

আনহাতে ৰাইজে উপায়ুক্তৰ জৰিয়তে অসমৰ শক্তি মন্ত্ৰীলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে য’ত মৃতকৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদানৰ লগতে পৰিয়ালৰ এগৰাকী সদস্যক স্থায়ী কৰ্মসংস্থাপন প্ৰদানৰ দাবী তোলে।

স্মাৰকপত্ৰত আজিৰ পৰা দুবছৰৰ আগেয়ে অনুৰূপ ঘটনাত আহত হৈ পিছত মৃত্যুক সাবটি লোৱা একে অঞ্চলৰে দিপক দাস নামৰ লোকজনৰ পৰিয়ালকো প্ৰয়োজনীয় ক্ষতিপূৰণ আৰু কৰ্মসংস্থাপন প্ৰদানৰ কথা উল্লেখ কৰা হয়।

সভাত উপস্থিত থকা অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ তেজপুৰ চক্ৰৰ মুখ্য কাৰ্যবাহী বিষয়া ৰঞ্জনা শৰ্মাই মৃতকৰ পৰিয়াললৈ তাৎক্ষণিক ক্ষতিপূৰণ হিচাপে আঢ়ৈ লাখ টকাৰ এখন চেক প্ৰয়াত ৰবীন দাসৰ পিতৃ কলীয়া দাসৰ হাতত অৰ্পণ কৰে। তেওঁ লগতে মৃতকৰ পৰিয়ালৰ যিকোনো এগৰাকী সদস্যক অসম শক্তি বিতৰণ কোম্পানী লিমিটেডত ঠিকাভিত্তিত নিয়োগৰ ব্যৱস্থা কৰাৰ কথাও ঘোষণা কৰে।

আনহাতে ৰাইজৰ দাবী অনুসৰি মৃতকৰ পৰিয়াললৈ আগবঢ়োৱা ক্ষতিপূৰণৰ পৰিমাণ বৃদ্ধিৰ বাবে উপায়ুক্তৰ সহযোগত কোম্পানীৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে।

ইফালে এনে দুৰ্ভাগ্যজনক ঘটনা যাতে জিলাখনত পুনৰবাৰ সংঘটিত নহয় তাৰ বাবে ব্যৱ্স্থা ল’বলৈ উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডে বিদ্যুৎ বিভাগক কঠোৰ নিৰ্দেশ দিয়াৰ লগতে ঘটনাত সংযম ৰক্ষা কৰা বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে আৰু প্ৰকৃত দোষীক শাস্তি বিহাৰ স্বাৰ্থত তদন্ত প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াবলৈ সংশ্লিষ্ট সকলোলৈকে আহ্বান জনায়।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

Stay Connected

  • 117k Fans

Recent News

সেনাৰ দখলত নেপাল, সমগ্ৰ দেশত কাৰ্ফিউ : জেল ভাঙি পলায়ন ১৬০০ কয়দী, সেনাৰ গুলীত নিহত ৫ জন

সেনাৰ দখলত নেপাল, সমগ্ৰ দেশত কাৰ্ফিউ : জেল ভাঙি পলায়ন ১৬০০ কয়দী, সেনাৰ গুলীত নিহত ৫ জন

September 10, 2025 1:31 pm
প্ৰায় ২৯ মাহৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰ ভ্ৰমণক নাটক আখ্য মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ইবোবি সিঙৰ

প্ৰায় ২৯ মাহৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰ ভ্ৰমণক নাটক আখ্য মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ইবোবি সিঙৰ

September 10, 2025 1:26 pm
২০২৯ চনত দেশৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী : আত্মবিশ্বাসী কংগ্ৰেছ নেতা শিৱকুমাৰ

২০২৯ চনত দেশৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী : আত্মবিশ্বাসী কংগ্ৰেছ নেতা শিৱকুমাৰ

September 10, 2025 1:01 pm
কাটাৰত ইজৰাইলৰ আক্ৰমণৰ সমালোচনা ট্ৰাম্পৰ! শান্তিৰ আহ্বান…

কাটাৰত ইজৰাইলৰ আক্ৰমণৰ সমালোচনা ট্ৰাম্পৰ! শান্তিৰ আহ্বান…

September 10, 2025 12:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সেনাৰ দখলত নেপাল, সমগ্ৰ দেশত কাৰ্ফিউ : জেল ভাঙি পলায়ন ১৬০০ কয়দী, সেনাৰ গুলীত নিহত ৫ জন

সেনাৰ দখলত নেপাল, সমগ্ৰ দেশত কাৰ্ফিউ : জেল ভাঙি পলায়ন ১৬০০ কয়দী, সেনাৰ গুলীত নিহত ৫ জন

September 10, 2025 1:31 pm
প্ৰায় ২৯ মাহৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰ ভ্ৰমণক নাটক আখ্য মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ইবোবি সিঙৰ

প্ৰায় ২৯ মাহৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰ ভ্ৰমণক নাটক আখ্য মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ইবোবি সিঙৰ

September 10, 2025 1:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd