• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ বিজয় কামনা কৰিছে পাকিস্তানী-বাংলাদেশীয়ে; কিন্তু কিয়?

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
June 30, 2019 1:01 pm
Virat-Kohli_710x400xt
2.5k
VIEWS
Share on FacebookShare on Twitter

আই চি চি বিশ্বকাপ-২০১৯ ৰ দেওবাৰে  ইংলেণ্ড আৰু ভাৰতৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ ৩৮ সংখ্যক খেলখনত পাকিস্তান আৰু বাংলাদেশৰ অনুৰাগীসকলে টীম ইণ্ডিয়াৰ বিজয়ৰ বাবে প্ৰাৰ্থনা কৰিব। কিয়নো ভাৰত জিকিলেই পাকিস্তান আৰু বাংলাদেশৰ বিশ্বকাপৰ পৰৱৰ্তী যাত্ৰা উজু হ’ব।

দেওবাৰে এজবেষ্টনত ইংলেণ্ড হাৰিলে তেওঁলোকৰ বিশ্বকাপৰ যাত্ৰা ইয়াতেই ইতি পৰিব। এনেকুৱা পৰিস্থিতিত পাকিস্তান আৰু বাংলাদেশৰ ছেমিফাইনেলত প্ৰৱেশৰ সম্ভাৱনা মজবুত হৈ পৰিব।

এই বিশ্বকাপৰ গণিত অনুসৰি পাকিস্তানৰ আশা এতিয়াও সজীৱ হৈ আছে। পাকিস্তানে এতিয়ালৈকে ৮খন মেচ খেলি ৪খনত জয়লাভ কৰাৰ বিপৰীতে ৩ খনত হাৰিছে আৰু এখন বাতিল হৈছে। এইদৰে দলটোৱে ৯ অংকৰে পইন্ট তালিকাৰ চতুৰ্থ স্থানত আছে।

পাকিস্তানৰ পৰৱৰ্তী খেলখন আছে বাংলাদেশৰ বিৰুদ্ধে আৰু সেই মেচখনত পাকিস্তানে যিকোনো উপায়ে বিজয়ী হোৱাৰ লগতে আজি ইংলেণ্ডৰ পৰাজয় আৰু ভাৰতৰ বিজয়ৰ বাবে প্ৰাৰ্থনা কৰিব লাগিব।

আনহাতে, প্ৰতিযোগিতাখনত বাংলাদেশে ৭ খন মেচ খেলিছে আৰু ইয়াৰে তিনিখনত বিজয়ী আৰু আন তিনিখনত পৰাজিত হোৱাৰ বিপৰীতে এখন মেচ বৰষুণৰ বাবে বাতিল হৈছে। পইন্ট তালিকাত ৭ অংকৰে দলটো ছয় নম্বৰ স্থানত আছে।

পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশৰ বাবে বাংলাদেশে পৰৱৰ্তী দুয়োখন মেচতে জিকিব লাগিব। তদুপৰি, আজি ইংলেণ্ড পৰাজিত হোৱাৰ বাবে তেওঁলোকেও প্ৰাৰ্থনা কৰিব লাগিব। তেতিয়া হ’লে বাংলাদেশে ১১ পইন্ট লাভ কৰিব।

সেয়াই নহয়, আজিৰ খেলখনত ভাৰত বিজয়ী হোৱাৰ কামনা কৰিছে নিউজিলেণ্ডেও। অন্তিম চাৰিটা স্থানত স্থান লাভ কৰিবলৈ টীম ইণ্ডিয়া আৰু নিউজিলেণ্ডক আৰু এখনকৈ মেচত জয়লাভ কৰিব লাগে।

ভাৰতৰ আৰু তিনিখন মেচ বাকী আছে আৰু এই তিনিখন মেচ ইংলেণ্ড, বাংলাদেশ আৰু শ্ৰীলংকাৰ বিৰুদ্ধে আছে। আনহাতে, অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত হোৱাৰ পাছত নিউজিলেণ্ডে এতিয়া ইংলেণ্ডক অতিক্ৰম কৰিহে নিজৰ স্থান বনাব লাগিব। সেয়েহে, দেওবাৰৰ খেলখনত নিউজিলেণ্ডেৰ সমৰ্থকসকলেও টীম ইণ্ডিয়াৰ বিজয়ৰ বাবেই প্ৰাৰ্থনা কৰিব।

উল্লেখযোগ্য যে টীম ইণ্ডিয়াই যদি ইংলেণ্ডক পৰাজিত কৰে আৰু পাকিস্তানে পৰৱৰ্তী দুয়োখন মেচতে জয়লাভ কৰে, তেনেহ’লে দুয়োখন চুবুৰীয়া দেশে ছেমিফাইনেলত প্ৰৱেশ কৰিব পাৰে। এনেকুৱা পৰিস্থিতিত শ্ৰীলংকাই কমেও দুখন মেচত হাৰিব লাগিব। আনহাতে, ইংলেণ্ডে যদি বাকী দুয়েখন মেচতে পৰাজিত হয় তেতিয়াহ’লে তেওঁলোকে ৮ পইন্টতে সন্তুষ্ট থাকিব লাগিব।

আনহাতে, পাকিস্তান আৰু বাংলাদেশে যদি এখনকৈ মেচত জয়লাভ কৰে তেনেহ’লে তেওঁলোকে ৯ পইন্টকৈ লাভ কৰিব। এনে পৰিস্থিতিত ভাল ৰাণ ৰেটৰ আধাৰত বাংলাদেশ আগত থাকিব। যদি ইংলেণ্ড, পাকিস্তান আৰু বাংলাদেশ তিনিটা দলেই এখনকৈ মেচত বিজয়ী হৈ যায় তেতিয়াহ’লে ইংলেণ্ড চাৰি নম্বৰ স্থানত উপনীত হ’ব কিয়নো  তেতিয়া তেওঁলোকৰ ১০ পইন্ট হৈ যাব। এইক্ষেত্ৰতো কিন্তু শ্ৰীলংকাই কমেও দুখন মেচত হাৰিব লাগিব।

মুঠতে, এনেকুৱা বহু সমীকৰণৰ মাজত আজি (দেওবাৰে) হ’বলগীয়া ভাৰত আৰু ইংলেণ্ডৰ মাজৰ যুঁজখনত বিশেষকৈ পাকিস্তান আৰু বাংলাদেশৰ তীক্ষ্ণ নজৰ থাকিব। কিয়নো আজিৰ ফলাফলে তেওঁলোকৰ ভৱিষ্যৎ নিৰ্দ্ধাৰণ কৰিব।

Recent News

অৱশেষত মুখ খুলিলে ONGCএ! ভটিয়াপাৰৰ গেছ লিকেজ নিয়ন্ত্ৰণত থকাৰ দাবী

অৱশেষত মুখ খুলিলে ONGCএ! ভটিয়াপাৰৰ গেছ লিকেজ নিয়ন্ত্ৰণত থকাৰ দাবী

টোল কৰঃ ৩ হাজাৰ টকাৰ নতুন FASTag বার্ষিক পাছ ঘোষণা নীতিন গাডকাৰীৰ

টোল কৰঃ ৩ হাজাৰ টকাৰ নতুন FASTag বার্ষিক পাছ ঘোষণা নীতিন গাডকাৰীৰ

আধাৰ সংশোধনৰ নতুন যুগ: এতিয়া কেন্দ্ৰলৈ দৌৰাৰ দিন শেষ, অ’টিপিৰে হ’ব সকলো কাম!

আধাৰ সংশোধনৰ নতুন যুগ: এতিয়া কেন্দ্ৰলৈ দৌৰাৰ দিন শেষ, অ’টিপিৰে হ’ব সকলো কাম!

প্ৰেমিকৰ সৈতে হোটেলৰ কোঠাত হাতে-লোটে ধৰা পেলালে স্বামীয়ে : ১২ ফুট উচ্চতাৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা মহিলাৰ

প্ৰেমিকৰ সৈতে হোটেলৰ কোঠাত হাতে-লোটে ধৰা পেলালে স্বামীয়ে : ১২ ফুট উচ্চতাৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা মহিলাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd