• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ পৰাজয়ে উজ্জ্বীৱিত কৰিছে বাংলাদেশক

২০০৭ বিশ্বকাপৰ পুনৰাবৃত্তি কৰাৰ লক্ষ্যৰে আজি ভাৰতৰ বিৰুদ্ধে যুঁজিব বাংলাদেশে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 2, 2019 10:57 am
India vs Bangladesh ICC Cricket World Cup 2019: Rabindra Nath Tagore "unity factor'' for India and Bangladesh

উৎস : ইন্টাৰনেট

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত বিশ্বকাপৰ এখন মেচত আজি মুখামুখি হ’ব এছিয়াৰ দুই শক্তি ভাৰত আৰু বাংলাদেশ। বাৰ্মিংহামৰ এজবাষ্টন ষ্টেডিয়ামত হ’ব লগীয়া এই মেচখন দুয়োটা দলৰ বাবেই গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। কিয়নো প্ৰতিযোগিতাৰ ছেমিফাইনেলত স্থান সুৰক্ষিত কৰিবলৈ হ’লে দুয়োটা দলকে প্ৰয়োজন বিজয়।

ক্ৰিকেটৰ সৰ্বোচ্চ প্ৰতিযোগিতাখনত ৩০ জুনত ভাৰতীয় দলৰ বিজয় ৰথ ৰুদ্ধ কৰিছিল ইংৰাজ বাহিনীয়ে। মেচখনত ৩১ ৰানত পৰাস্ত হোৱাত ভাৰতে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিবৰ বাবে আজিৰ মেচলৈ অপেক্ষা কৰিব লগীয়া হয়।

Apply Now

এই পৰ্যন্ত ভাৰতে ৭ খন মেচৰ পৰা সংগ্ৰহ কৰিছে ১১ পইণ্ট। তালিকাত আছে দ্বিতীয় স্থানত। ভাৰতৰ এতিয়াও দুখন খেল বাকী আছে। যিকোনো এখন মেচত জয়ী হ’লেই ছেমি ফাইনেল খেলাটো নিশ্চিত হ’ব ভাৰতৰ।

ইফালে প্ৰতিযোগিতাখনত দুৰ্দান্ত প্ৰদৰ্শনেৰে ক্ৰিকেট বিশ্বক আঁচৰিত কৰি তোলা বাংলাদেশৰ বাবে সহজ হৈ থকা নাই ছেমি ফাইনেলৰ সমীকৰণ। সাতখন মেচত সাত পইণ্টেৰে তালিকাৰ ষষ্ঠ স্থানত থকা বাংলাদেশে ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ হ’লে অনাগত দুয়োখন মেচত জয়ী হ’ব লাগিব। ইয়াৰ বাহিৰে নাই অন্য কোনো ৰাস্তা।

বাংলাদেশৰ সন্মুখত প্ৰত্যাহ্বান যথেষ্ট কঠিন যদিও দলটোৱে এনে প্ৰত্যাহ্বান হেলাৰঙে পাৰ হোৱাৰ উদাহৰণ দি থৈছে ২০০৭ চনত ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হোৱা ক্ৰিকেট বিশ্বকাপত। উক্ত বিশ্বকাপৰ গ্ৰুপৰ এখন মেচত পৰাস্ত কৰিছিল ভাৰতক। যাৰ বাবে শক্তিশালী বেটিং লাইন আপেৰে পৰিপুষ্ট ভাৰতীয় দলে বিশ্বকাপৰ প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় লৈছিল।

এইবাৰৰ বিশ্বকাপতো বাংলাদেশৰ প্ৰদৰ্শন যথেষ্ট উন্নতমানৰ। বিশেষকৈ দলটোৰ ষ্টাৰ অলৰাউণ্ডাৰ চাকিব এল হাছানৰ প্ৰদৰ্শন উল্লেখনীয়। ক্ৰিকেটিং কেৰিয়াৰৰ সৰ্বোচ্চ ফৰ্মত থকা চাকিবে দুটা শতক আৰু তিনিটা অৰ্ধশতকেৰে বিশ্বকাপৰ এই পৰ্যন্ত ছয়খন মেচত সংগ্ৰহ কৰিছে ৪৭৬ ৰান। তদুপৰি আছে কেইবাটাও উইকেট।

বিশ্বকাপত ৩২ বছৰীয়া ষ্টাৰ অল ৰাউণ্ডাৰ গৰাকীৰ এনে প্ৰদৰ্শন আৰু আই পি এলৰ অভিজ্ঞতাই বাংলাদেশী দলটোৰ মনোবল যথেষ্ট পৰিমানে বৃদ্ধি কৰিছে। পৰৱৰ্তী দুয়োখন মেচেই দলটোৰ বাব মৰণপণ যুঁজ। আৰু সেয়ে দলটোৱে আজি ভাৰতক পৰাস্ত কৰিবলৈ উজাৰি দিব সৰ্বোচ্চ।

আনহাতে বিৰাট বাহিনীয়ে আগৰ মেচৰ কথা পাহৰি জয়ী হোৱাৰ লক্ষ্যৰে আজি খেলপথাৰত অৱতীৰ্ণ হ’ব বুলি সকলো ক্ৰিকেট প্ৰেমী দৃঢ় বিশ্বাসী।

এন ই নাও নিউজ

এন ই নাও নিউজ

নিউজ, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

August 7, 2026 8:15 am
য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

August 7, 2026 7:38 am
ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

August 7, 2026 8:15 am
য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

August 7, 2026 7:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd