• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ পৰাজয়ে উজ্জ্বীৱিত কৰিছে বাংলাদেশক

২০০৭ বিশ্বকাপৰ পুনৰাবৃত্তি কৰাৰ লক্ষ্যৰে আজি ভাৰতৰ বিৰুদ্ধে যুঁজিব বাংলাদেশে

এন ই নাও নিউজ এন ই নাও নিউজ
গুৱাহাটী , July 2, 2019 10:57 am

2 min read

India vs Bangladesh ICC Cricket World Cup 2019: Rabindra Nath Tagore "unity factor'' for India and Bangladesh

উৎস : ইন্টাৰনেট

640
VIEWS
Share on FacebookShare on Twitter

চলিত বিশ্বকাপৰ এখন মেচত আজি মুখামুখি হ’ব এছিয়াৰ দুই শক্তি ভাৰত আৰু বাংলাদেশ। বাৰ্মিংহামৰ এজবাষ্টন ষ্টেডিয়ামত হ’ব লগীয়া এই মেচখন দুয়োটা দলৰ বাবেই গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। কিয়নো প্ৰতিযোগিতাৰ ছেমিফাইনেলত স্থান সুৰক্ষিত কৰিবলৈ হ’লে দুয়োটা দলকে প্ৰয়োজন বিজয়।

ক্ৰিকেটৰ সৰ্বোচ্চ প্ৰতিযোগিতাখনত ৩০ জুনত ভাৰতীয় দলৰ বিজয় ৰথ ৰুদ্ধ কৰিছিল ইংৰাজ বাহিনীয়ে। মেচখনত ৩১ ৰানত পৰাস্ত হোৱাত ভাৰতে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিবৰ বাবে আজিৰ মেচলৈ অপেক্ষা কৰিব লগীয়া হয়।

এই পৰ্যন্ত ভাৰতে ৭ খন মেচৰ পৰা সংগ্ৰহ কৰিছে ১১ পইণ্ট। তালিকাত আছে দ্বিতীয় স্থানত। ভাৰতৰ এতিয়াও দুখন খেল বাকী আছে। যিকোনো এখন মেচত জয়ী হ’লেই ছেমি ফাইনেল খেলাটো নিশ্চিত হ’ব ভাৰতৰ।

ইফালে প্ৰতিযোগিতাখনত দুৰ্দান্ত প্ৰদৰ্শনেৰে ক্ৰিকেট বিশ্বক আঁচৰিত কৰি তোলা বাংলাদেশৰ বাবে সহজ হৈ থকা নাই ছেমি ফাইনেলৰ সমীকৰণ। সাতখন মেচত সাত পইণ্টেৰে তালিকাৰ ষষ্ঠ স্থানত থকা বাংলাদেশে ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ হ’লে অনাগত দুয়োখন মেচত জয়ী হ’ব লাগিব। ইয়াৰ বাহিৰে নাই অন্য কোনো ৰাস্তা।

বাংলাদেশৰ সন্মুখত প্ৰত্যাহ্বান যথেষ্ট কঠিন যদিও দলটোৱে এনে প্ৰত্যাহ্বান হেলাৰঙে পাৰ হোৱাৰ উদাহৰণ দি থৈছে ২০০৭ চনত ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হোৱা ক্ৰিকেট বিশ্বকাপত। উক্ত বিশ্বকাপৰ গ্ৰুপৰ এখন মেচত পৰাস্ত কৰিছিল ভাৰতক। যাৰ বাবে শক্তিশালী বেটিং লাইন আপেৰে পৰিপুষ্ট ভাৰতীয় দলে বিশ্বকাপৰ প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় লৈছিল।

এইবাৰৰ বিশ্বকাপতো বাংলাদেশৰ প্ৰদৰ্শন যথেষ্ট উন্নতমানৰ। বিশেষকৈ দলটোৰ ষ্টাৰ অলৰাউণ্ডাৰ চাকিব এল হাছানৰ প্ৰদৰ্শন উল্লেখনীয়। ক্ৰিকেটিং কেৰিয়াৰৰ সৰ্বোচ্চ ফৰ্মত থকা চাকিবে দুটা শতক আৰু তিনিটা অৰ্ধশতকেৰে বিশ্বকাপৰ এই পৰ্যন্ত ছয়খন মেচত সংগ্ৰহ কৰিছে ৪৭৬ ৰান। তদুপৰি আছে কেইবাটাও উইকেট।

বিশ্বকাপত ৩২ বছৰীয়া ষ্টাৰ অল ৰাউণ্ডাৰ গৰাকীৰ এনে প্ৰদৰ্শন আৰু আই পি এলৰ অভিজ্ঞতাই বাংলাদেশী দলটোৰ মনোবল যথেষ্ট পৰিমানে বৃদ্ধি কৰিছে। পৰৱৰ্তী দুয়োখন মেচেই দলটোৰ বাব মৰণপণ যুঁজ। আৰু সেয়ে দলটোৱে আজি ভাৰতক পৰাস্ত কৰিবলৈ উজাৰি দিব সৰ্বোচ্চ।

আনহাতে বিৰাট বাহিনীয়ে আগৰ মেচৰ কথা পাহৰি জয়ী হোৱাৰ লক্ষ্যৰে আজি খেলপথাৰত অৱতীৰ্ণ হ’ব বুলি সকলো ক্ৰিকেট প্ৰেমী দৃঢ় বিশ্বাসী।

Recent News

Sogun Final

ধলাত বিষাক্ত মৰাশ ভক্ষণ কৰি ২৩ টাকৈ দুস্প্ৰাপ্য প্ৰজাতিৰ শগুণৰ মৃত্যু; ১২ টাৰ অৱস্থা সংকটজনক

“মানুহে বিচাৰ কৰক আজমল ডাঙৰ শত্ৰু নে বিজেপি ডাঙৰ শত্ৰু”; ড০ হীৰেন গোহাঁই

“মানুহে বিচাৰ কৰক আজমল ডাঙৰ শত্ৰু নে বিজেপি ডাঙৰ শত্ৰু”; ড০ হীৰেন গোহাঁই

index.jpgv

উত্তাল পাকিস্তান : মোদীসহ অন্য ৰাষ্ট্ৰৰ নেতাৰ ফ’টো লৈ সিন্ধু প্ৰদেশত স্বাধীনতাৰ দাবী বিক্ষোভকাৰীৰ

a imran

অৰ্ণৱ গোস্বামীৰ কান্ধত থৈ মোদীলৈ বন্দুক টোৱালে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd