বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত আৰম্ভ হোৱা সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ ১ জুলাইত অন্ত পৰে। অন্তিম দিনাৰ কাৰ্যসূচীত উপস্থিত থাকে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল। মুকলি সভাত অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰীয়ে মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী সকলে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জ্ঞানৰ বীজ অংকুৰিত কৰাৰ বাবে সৰ্বাত্মক প্ৰয়াস চলাব লাগিব বুলি কয়।
সভাত উপস্থিত থাকি মাহমৰা বিধানসভা সমষ্টিৰ বিধায়ক যোগেন মহনে মহাবিদ্যালয়খনৰ আন্তগাঁথনি উন্নয়ণৰ বাবে ৫ লাখ টকাৰ অনুদান আগবঢ়ায়।
পুৱা ৯ বজাত মহাবিদ্যালয় চৌহদৰ পৰা এক বৰ্ণিল সাংস্কৃতিক শুভাযাত্ৰা উলিওৱা হয়। আৰক্ষী অধীক্ষক অমিতাভ সিনহাই শুভাৰম্ভ কৰা শুভাযাত্ৰাত মহাবিদ্যালয়ৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলেও অংশগ্ৰহণ কৰা শুভাযাত্ৰাটোত উত্তৰ-পূবৰ লগতে প্ৰদৰ্শন কৰা হয় ভাৰতৰ বিভিন্ন কলা-সংস্কৃতি।
সামৰণি অনুষ্ঠানৰ মুকলি সভাত সাংস্কৃতিক কৰ্মী শ্যামকানু মহন্ত, অসম চেম্বাৰ্চ অৱ কমাৰ্চৰ সভাপতি ৰূপম গোস্বামী, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিতা, অ’ এন জি চিৰ কাৰ্যবাহী বিষয়া সুৰেশ ডি মাস্কে, জিলা উপায়ুক্ত এছ লক্ষ্মণন আৰু সমাজসেৱিকা সুৰভি ৰাজকুমাৰী উপস্থিত থাকে।