• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাইবঙত আৰক্ষীৰ গুলীচালনা : গুৱাহাটীলৈ অনাৰ পথত গুৰুতৰভাৱে আহত দুজনৰ মৃত্যু

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
January 26, 2018 2:12 pm
গুলীচালনাত গুৰুতৰভাৱে আহত প্ৰবীণক চিকিৎসাৰ বাবে গুৱাহাটীলৈ অনাৰ পথত মৃত্যু হয়।

গুলীচালনাত গুৰুতৰভাৱে আহত প্ৰবীণক চিকিৎসাৰ বাবে গুৱাহাটীলৈ অনাৰ পথত মৃত্যু হয়।

90
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে ১২ঘণ্টীয়া ডিমা হাচাও বন্ধৰ সময়ছোৱাত প্ৰতিবাদকাৰীলৈ মাইবং আৰক্ষীয়ে গুলীচালনা কৰাৰ ফলত গুৰুতৰভাৱে আহত দুজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ অনাৰ পথত মৃত্যু হয়।

গ্ৰেটাৰ নাগালিমত ডিমা হাচাও জিলাক অন্তৰ্ভুক্ত কৰাৰ প্ৰতিবাদত পাঁচটা বিভিন্ন সংগঠনে ১২ ঘণ্টীয়া বন্ধৰ আহ্বান দিছিল।

নিহত দুজনৰ এজন ২৭ বছৰীয়া প্ৰবীণ হাকমাওচা আৰু আনজন ৩৩ বছৰীয়া মৃত্যুঞ্জয় ডাইব্ৰেগেডে বুলি চিনাক্ত কৰা হৈছে।

তথ্য অনুসৰি প্ৰবীণে মূৰত গুৰুতৰভাৱে আঘাত পাইছিল আৰু মৃত্যঞ্জয়ে বুকুত বেয়াকৈ আঘাত পাইছিল।

মৃত্যঞ্জয়ৰ হাফলঙৰ পৰা গুৱাহাটীলৈ অনাৰ পথত লামডিঙত শেষ নিশ্বাস ত্যাগ কৰে।

এইখিনিতে উল্লেখ কৰিব পাৰি যে প্ৰবীণ আৰু মৃত্যুঞ্জয়ক গুৰুতৰ ভাৱে আহত হোৱাৰ পিছত অন্যান্য আহতসকলৰ সৈতে  চিকিৎসাৰ বাবে হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।

মাইবং ৰে’ল ষ্টেশ্যনত আৰক্ষীৰ গুলীচালনাত মুঠতে ৯ জন ব্যক্তি আহত হৈছিল। বন্ধৰ অংশ হিচাপে প্ৰতিবাদকাৰীসকলে শিলচৰ অভিমুখী ৰে’ল অৱৰোধ কৰিছিল আৰু লগতে বন্ধৰ সময়ত ৰে’ল চলাচল ব্যহত কৰিবলৈ ৰে’ল পথৰ ক্ষতিসাধন কৰিছিল।

গুলীৰ আঘাত পোৱা সকলৰ ভিতৰত আছিল ২৭ বছৰীয়া প্ৰবীণ হাকমাওচা, ৩৩ বছৰীয়া মৃত্যুঞ্জয় ডাইব্ৰেগেডে, ২২ বছৰীয়া বিশাল হোজাই (ডিঙৰ কাষত আঘাত পাইছে), ২৬ বছৰীয়া সুনুজিত ছেঙয়াঙ (সোঁ কৰঙনত আঘাত পাইছে), ১৬ বছৰীয়া থাইছিঙ হোজাই (বুকুৰ সোঁফালে আঘাত পাইছে), ৩৩ বছৰীয়া আল্পনা থাওচেন (সোঁ ভৰিখন ফাটিছে), ১৭ বছৰীয়া মন্দিনী থাওচেন (বাওঁ কৰঙনত আঘাত পাইছে), ২৭ বছৰীয়া ছুৰদি থাওচেন ( সোঁ ভৰিৰ মণিবন্ধনত আঘাত পাইছে) আৰু ৫০ বছৰীয়া থানছিং লাংথাছা ।

ইয়াৰ মাজতে আজি মাইবঙত বৃহস্পতিবাৰে সংঘটিত গুলীচালনাৰ ঘটনাৰ প্ৰতিবাদ জনাই আৰু প্ৰস্তাৱিত গ্ৰেটাৰ নাগালিম সম্পৰ্কত চৰকাৰৰ পৰা লিখিত স্পষ্টীকৰণ বিচাৰি কেইবাটাও সংগঠনে মিলি শুকুৰবাৰে ৰাতিপুৱা ৫ বজাৰ পৰা ৪৮ ঘণ্টীয়া ডিমা হাচাও বন্ধৰ আহ্বান দিছে।

এই বন্ধ ২৮ জানুৱাৰিৰ আবেলি ৫ বজালৈকে চলিব।

৪৮ ঘণ্টীয়া বন্ধৰ সময়ছোৱাত গোটেই ডিমা হাচাও অঞ্চলৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যহত হৈ পৰিছে।

Recent News

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

শেষবাৰৰ বাবে নামাজ আদায় কৰি হুকহুকাই কান্দিলে গঞাই! মন্ত্ৰী পীযূষ হাজৰিকালৈ কি অনুৰোধ জনালে ৰাইজে?

শেষবাৰৰ বাবে নামাজ আদায় কৰি হুকহুকাই কান্দিলে গঞাই! মন্ত্ৰী পীযূষ হাজৰিকালৈ কি অনুৰোধ জনালে ৰাইজে?

অৰুণাচলৰ প্ৰতিৰক্ষা প্ৰকল্পৰ ক্ষতিপূৰণ বৃদ্ধিৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত স্থগিতাদেশ জাৰি উচ্চতম ন্যায়ালয়ৰ

অৰুণাচলৰ প্ৰতিৰক্ষা প্ৰকল্পৰ ক্ষতিপূৰণ বৃদ্ধিৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত স্থগিতাদেশ জাৰি উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd